সমলিংগ বিবাহৰ স্বীকৃতি বিৰোধিতা কৰিছে বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় চৰকাৰে।
সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ এই সংক্ৰান্তীয় এখন ৰাজহুা স্বাৰ্থ জড়িত আবেদনৰ শুনানিত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই কথা জনোৱা হৈছে।
কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা দাবী কৰা হৈছে যে, “আমাৰ মূল্যবোধে সমলিংগৰ বিবাহক স্বীকৃতি দিয়া নাই।”
দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ ডি এন পেটেল আৰু ন্যায়াধীশ প্ৰতীক জালানৰ খণ্ড বিচাৰপীঠত হোৱা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদখনৰ শুনানিত আজি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয়, “আমাৰ আইন, মূল্যবোধ বা সমাজে সমলিংগ বিবাহক মান্যতা দিয়া নাই। এয়া হৈছে সমলিংগ যুগলৰ এক প্ৰতিশ্ৰুতিহে মাত্ৰ।”
উল্লেখ্য যে, ২০১৮ চনত সমলিঙ্গীয় সম্পৰ্ক কোনো ধৰণৰ অপৰাধ নহয় বুলি দেশৰ উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিছিল।
ইয়াৰ পিছতে ১৯৫৬ চনৰ হিন্দু বিবাহ আইনৰ অধীনত সমলিংগৰ বিবাহৰ স্বীকৃতি আৰু পঞ্জীয়ন বিচাৰি আদালতৰ দ্বাৰস্থ হৈছিল অভিজিৎ আৰ্য়াৰ মিত্ৰ, গোপী শংকৰ এম, গীতি ঠাণ্ডানি আৰু জি উৱৰ্শী দৰে সমলিংগ বিবাহৰ স্বীকৃতিৰ দাবী কৰি অহা আন্দোলনকাৰীয়ে।
আবেদনকাৰীৰ যুক্তি আছিল যে হিন্দু বিবাহ আইনৰ ৫ নং ধাৰা অনুযায়ী বিবাহপাশত আৱদ্ধ হ’ব খোজা যুগল পুৰুষ বা নাৰী হ’ব লাগিব বুলি উল্লেখ নাই। কেৱল দুজন হিন্দুৰ মাজত বিবাহ সম্পন্ন হোৱাৰ কথাহে উল্লেখ আছে।
কিন্তু তেওঁলোকৰ যুক্তি খণ্ডন কৰি চলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ দাবী যে এজন পুৰুষ আৰু নাৰীৰ মাজতহে বিবাহ সম্পন্ন হ’ব পাৰে।
তেওঁ লগতে কয় “২০১৮ চনত নভতেজ সিং জোহৰ শুনানিৰ ৰায়ত উচ্চতম ন্যায়ালয়ে ৩৭৭ ধাৰাৰ আংশিক ৰদ বদল কৰি সমলিংগ মানুহৰ ওপৰত থকা কেৱল মাত্ৰ অপৰাধী ছাপটোহে আঁতৰাই দিছিল, ইয়াতকৈ অধিক একো কৰা নাছিল।”
আবেদনকাৰী পক্ষৰ অধিবক্তা ৰাঘৱ অৱস্থিয়ে আদালতত কয়, “সমলিংগ যুগলৰ মাজত বিবাহ হ’লেও তাত আইনী বৈধতা নথকাৰ বাবে স্বীকৃতি লাভ কৰা নাই। ইয়াৰ ফলত তেওঁলোকৰ সমঅধিকাৰ খৰ্ব কৰা হৈছে। আনকি ইয়াৰ দ্বাৰা তেওঁলোকৰ জীৱনৰ অধিকাৰো উলংঘন কৰা হৈছে।”
দুয়োপক্ষৰ যুক্তি শুনি দিল্লী উচ্চ ন্যায়ালয়ে অহা ২১ অক্টোবৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে।