মজুৰি বৃদ্ধি, মাটিৰ পট্টা আৰু জনজাতি মৰ্যাদা বিচাৰি বুধবাৰে তিনিচুকীয়াৰ ৰাজপথলৈ ওলাই আহিল প্ৰায় এক লাখ চাহ শ্ৰমিক।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়ালৈ যোৱাৰ কিছু সময়ৰ পিছতে এই প্ৰতিবাদে উগ্ৰ ৰূপ ধাৰণ কৰে।
সদৌ অসম চাহ জনজাতি সন্থা, আদিবাসী ছাত্ৰ সন্থা, চাহ শ্ৰমিক সংঘ, আৰু কেইবাটাও সংগঠনে বৃহৎ সমাৱেশেৰে ৰাজপথ বন্ধ কৰি দিয়ে।
এজন প্ৰতিবাদকাৰীয়ে কয়, “আমি বাৰে বাৰে চৰকাৰক আমাৰ দাবী আৰু অধিকাৰৰ বিষয়ে জনাই আহিছো। তেওঁলোকে আগতেও প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে আমাৰ সকলো দাবী পূৰণ কৰিব। কিন্তু এতিয়ালৈকে চৰকাৰে সেইবোৰ পালন কৰাত ব্যৰ্থ হৈছে। চৰকাৰে কিয় আমাৰ দাবীক অৱহেলা কৰি আহিছে? তেওঁলোকে কেৱল নিৰ্বাচনৰ সময়ত আমাক ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰে আৰু এবাৰ জয়ী হ’লে তেওঁলোকৰ প্ৰতিশ্ৰুতি পাহৰি যায়।”
ইয়াৰ পূৰ্বে চাহ জনগোষ্ঠী আৰু আদিবাসীসকলে বিজেপি নেতৃত্বাধীন অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীক সকীয়াই দিছিল যে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী পূৰণ নকৰিলে তেওঁলোকে ভয়াৱহ আন্দোলন গঢ়ি তুলিব।





