ম্যানমাৰত নাৰী-শিশুসহ কমেও ৩০ জনক হত্যা; জ্বলাই দিয়া হ’ল মৃতদেহ

WhatsApp Image 2021-12-26 at 10.15.12 AM

ম্যানমাৰত নাৰী-শিশুসহ কমেও ৩০জন লোকক নৃশংসভাৱে হত্যা কৰা হৈছে। দেশখনৰ কায়া প্ৰদেশত সেনা আৰু বিদ্ৰোহীসকলৰ মাজত চলা সংঘৰ্ষৰ সময়ত এই ঘটনা সংঘটিত হয়।

শনিবাৰে সংবাদমাধ্যমক কাৰেনি মানৱ অধিকাৰ সংগঠনে জানিবলৈ দিয়ে যে তেওঁলোকে হাপ্ৰ’ছো চহৰৰ মো ছো গাঁওৰ সমীপত ম্যানমাৰ সেনাবাহিনীৰ হাতত নিহত গৃহহীন নাৰী-শিশুসহ বৃদ্ধ লোকৰ পোৰা মৃতদেহ প্ৰত্যক্ষ কৰে।

মানৱ অধিকাৰ সংগঠনটোৱে এনে অমানৱীয় তথা নৃশংস হত্যাকাণ্ডৰ তীব্ৰ নিন্দা কৰি কয় যে এয়া চৰম মানৱ অধিকাৰ লংঘনৰ ঘটনা।

ম্যানমাৰৰ সংবাদমাধ্যমে সেনাবাহিনীৰ উদ্ধৃতিৰে জনায় যে সেনাবাহিনীয়ে উক্ত গাঁওখনত সশস্ত্ৰ বিদ্ৰোহী বাহিনীৰ বহুকেইজন অস্ত্ৰধাৰী সদস্যক হত্যা কৰিছে। অস্ত্ৰধাৰীসকল সাতখন গাড়ীত আছিল আৰু সামৰিক বাহিনীৰ নিৰ্দেশৰ পাছতো তেওঁলোক থমকি ৰোৱা নাছিল।

Also Read: সন্মতি অবিহনে মহিলাৰ শৰীৰৰ যিকোনো অংশ স্পৰ্শ কৰা শালীনতা উলংঘন কৰাৰ সমান: বোম্বে উচ্চ ন্যায়ালয়

ম্যানমাৰৰ ঝুন্টা বিৰোধী অসামৰিক মিলিছিয়াসকলৰ এটা বিশাল বাহিনী কাৰেনি নেশ্যনেল ডিফেন্স ফ’ৰ্চে জানিবলৈ দিয়া মতে নিহতসকল তেওঁলোকৰ সদস্য নহয় বৰং হিংসাৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয়ৰ সন্ধানত থকা সাধাৰণ নাগৰিকহে।

এগৰাকী গাঁওবাসীয়ে সংবাদমাধ্যমৰ আগত কয় যে তেওঁলোকে শুকুৰবাৰে নিশা জুই জ্বলাৰ কথা গম পাইছিল যদিও গুলীয়াগুলি চলাৰ বাবে কি হৈছে সেয়া চাবলৈ ঘটনাস্থলীলৈ যাব পৰা নাছিল।

শনিবাৰে পুৱা তেওঁলোকে ঘটনাৰ বিষয়ে জানিবলৈ গৈ পোৰা মৃতদেহসমূহ দেখা পায় য’ত শিশু, নাৰীৰ কাপোৰোবৰ চাৰিওপিনে সিচৰিত হৈ পৰি আছে।

Also Read:হতাশগ্ৰস্ত গুৱাহাটী! ভয়ংকৰ তথ্য, মহানগৰীত চলিত বৰ্ষত ৩৭৩টা আত্মহত্যাৰ ঘটনা

উল্লেখ্য যে যোৱা ১ ফেব্ৰুৱাৰীত ম্যানমাৰত আং চান ছ্যু কীৰ অসমাৰিক চৰকাৰক সামৰিক অভ্যুত্থানৰ জৰিয়তে ক্ষমতাচ্যুত কৰা হৈছিল আৰু তাৰ পাছৰে পৰাই দেশখনত সামৰিক ঝুন্টা বিৰোধী ক্ষোভ, প্ৰতিবাদ চলি আছে।