• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

এই পৰ্যন্ত এই ঘটনাত ২৯ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। শতাধিক লোক আহত হয়। অৱশ্যে পাকিস্তানৰ শ্বেহবাজ শ্বৰীফৰ চৰকাৰে নিহত আটাইকেইজন উগ্ৰপন্থী বুলি দাবী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2026 8:21 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

66
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰাচীৰ সিন্ধ ৰেঞ্জাৰ্ছৰ মুখ্য কাৰ্যালয়ত শনিবাৰে উগ্ৰপন্থীৰ আক্ৰমণত নিহত হৈছিল চাৰিজন পাকিস্তানী সেনা জোৱান। তাৰ ২৪ ঘন্টা নৌহওঁতেই দেওবাৰে মাজনিশা পাকিস্তানে আফগানিস্তানত বিমান আক্ৰমণ চলায়। এই পৰ্যন্ত এই ঘটনাত ২৯ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। শতাধিক লোক আহত হয়। অৱশ্যে পাকিস্তানৰ শ্বেহবাজ শ্বৰীফৰ চৰকাৰে নিহত আটাইকেইজন উগ্ৰপন্থী বুলি দাবী কৰিছে। সংশ্লিষ্ট মহলৰ একাংশই ধাৰণা কৰে যে এই কাণ্ডই পাক-আফগান সীমান্তত পুনৰ উত্তেজনাৰ সৃষ্টি কৰিছে।

পাকিস্তানৰ তথ্য মন্ত্ৰী আট্টাউল্লাহ তাৰাৰে কয় যে পাকিস্তানী সেনাই প্ৰথমে আফগান সীমান্তৰ গাতে লাগি থকা খাইবাৰ পখতুনখোৱা বাজাউৰ জিলাত স্থল অভিযান চলাইছিল। তেওঁ দাবী কৰে যে এই অভিযানত তেহৰিক-ই-তালিবান পাকিস্তানৰ শীৰ্ষ অধিনায়ক খান ফৰোছকে ধৰি চাৰিজন উগ্ৰপন্থী নিহত হৈছে। ইয়াৰ পিছত পাকিস্তানী সেনাই আফগানিস্তানৰ পাকটিয়া, পাক্তিকা আৰু কুনাৰ প্ৰদেশৰ উগ্ৰপন্থী ঘাটিসমূহক লক্ষ্য কৰি ‘নিখুঁত আক্ৰমণ’ চলায়। এই আক্ৰমণত ২৫ জন উগ্ৰপন্থী নিহত হয়।

Apply Now

কেইবাটাও উগ্ৰপন্থী ঘাটিৰ লগতে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ বিশাল ভাণ্ডাৰ ধ্বংস কৰাৰ দাবী কৰি আটাউল্লাহে নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘পাকিস্তানে সদায় শান্তি বজাই ৰাখিব বিচাৰে। কিন্তু দেশৰ নাগৰিকৰ নিৰাপত্তাৰ ক্ষেত্ৰত আমি আপোচ নকৰো।’ তেওঁ লগতে দাবী কৰে যে বিমান আক্ৰমণত কেৱল তেহৰিক-ই-তালিবান পাকিস্তানৰ ঘাটিকহে লক্ষ্য কৰি লোৱা হৈছিল। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে আফগান তালিবান চৰকাৰে মুখ খোলা নাই।

বিগত কেইমাহমানৰ ভিতৰত পাকিস্তানী আৰক্ষী আৰু সেনাবাহিনীৰ ওপৰত কেইবাটাও উগ্ৰপন্থী আক্ৰমণ সংঘটিত হৈছে। শ্বেহবাজ চৰকাৰে দাবী কৰিছে যে এইবোৰৰ আঁৰত আছে তেহৰিক-ই-তালিবান পাকিস্তান। যদিও টিটিপি তালিবানৰ পৰা পৃথক, তথাপিও তেওঁলোকৰ মাজত ঘনিষ্ঠ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছে। ২০২১ চনত আফগানিস্তানত তালিবানে পুনৰ ক্ষমতালৈ অহাৰ পিছত সীমান্ত অঞ্চলত উগ্ৰপন্থী কাৰ্যকলাপ বৃদ্ধি পোৱা বুলিও পাকিস্তানে দাবী কৰিছে। আফগানৰ তালিবান চৰকাৰে টিটিপি উগ্ৰপন্থীক আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন কৰিছে পাকিস্তানে। অৱশ্যে কাবুলে এই অভিযোগ সদায় অস্বীকাৰ কৰি আহিছে।

ইপিনে শনিবাৰে কৰাচীৰ গুলিস্তান-ই-জৌহাৰ অঞ্চলত থকা সিন্ধ ৰেঞ্জাৰ্ছৰ ভিত্তাই-ই- উইংৰ মুখ্য কাৰ্যালয়ত উগ্ৰপন্থীয়ে আক্ৰমণ কৰে। প্ৰথমে বিস্ফোৰণ ঘটাই নিৰাপত্তা বলয় ভাঙিবলৈ চেষ্টা কৰিছিল। ইয়াৰ পিছত নিৰ্বিচাৰ গুলীচালনা আৰম্ভ হয়। এই আক্ৰমণত চাৰিজন পাকিস্তানী সেনা নিহত হয়। পাকিস্তানে অভিযোগ কৰিছিল যে এই আক্ৰমণৰ আঁৰতো টিটিপি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm
জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm
বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

July 22, 2026 11:30 am
বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

July 22, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm
জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd