PAN+ Aadhaar চিন্তা নকৰিব,আধাৰ কাৰ্ডেৰে পান কাৰ্ড সংযোগৰ দিন বৃদ্ধি কৰিছে চৰকাৰে,অন্তিম দিন কেতিয়া?

আধাৰ কাৰ্ডেৰে পান কাৰ্ড সংযোগ কৰাৰ অন্তিম দিন ৩০ ছেপ্তেম্বৰ, ২০২১ বুলি চৰকাৰে পূৰ্বে ঘোষণা কৰিছিল যদিও বহুতোকে সকাহ দি সেই দিন পুনৰ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে।

সেই মৰ্মে ৩০ ছেপ্তেম্বৰৰ সলনি এতিয়া ৩১ মাৰ্চ,২০২২ পৰ্যন্ত আধাৰ কাৰ্ডেৰে পান কাৰ্ড সংযোগ কৰিব পৰা যাব।

উল্লেখ্যে প্ৰথমাৱস্থাত আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ডৰ সংযোগ কৰাৰ অন্তিম দিন আছিল ৩১ মাৰ্চ ২০২১।
পিছত চৰকাৰে ৩০ জুনলৈ বৃদ্ধি কৰিছিল আধাৰ কাৰ্ডেৰে পান কাৰ্ড সংযোগ কৰাৰ দিন।

৩০ জুনৰ ভিতৰত আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড সংযোগ নকৰা লোকসকলে বিত্তীয় বিল, ২০২১ৰ অনুসৰি ১০০০ টকাৰ জৰিমনা ভৰিব লাগিব বুলিও কোৱা হৈছিল।

কিন্তু আধাৰ কাৰ্ডেৰে পান কাৰ্ড সংযোগ কৰাৰ অন্তিম দিন কেন্দ্ৰীয় চৰকাৰে পিছত পুনৰ বৃদ্ধি কৰিছিল।

সেইমৰ্মে চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰ পৰ্যন্ত তিনিমাহ সময় বৃদ্ধি কৰা হৈছিল। অৰ্থাৎ ৩০ ছেপ্টেম্বৰৰ ভিতৰত  যিকোনো লোকেই আধাৰ কাৰ্ডেৰে পান কাৰ্ড সংযোগ কৰিবলগীয়া আছিল।কিন্তু এতিয়া সেই দিন পুনৰ বৃদ্ধি কৰি ৩১ মাৰ্চ,২০২২ কৰা হৈছে।

Latest News: সংবাদ মাধ্যমে অনুধাৱন কৰিব পাৰিছেনে মোদীৰ জনপ্ৰিয়তাৰ গভীৰতা কিমান?

উল্লেখ্য যে বিগত বৰ্ষৰ আগষ্টলৈকে সমগ্ৰ দেশত ৩২.৭১ কোটি লোকে আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ডৰ সংযোগ কৰিছিল।

দৰাচলতে আধাৰ হৈছে Unique Identification Authority of India (UIDAI)-এ প্ৰদান কৰা এটা ১২ ডিজিটৰ নম্বৰ।

একেদৰে পান হৈছে কৰ বিভাগে প্ৰদান কৰা এটা ১০ ডিজিটৰ নম্বৰ।

এই নম্বৰ দুটা SMS ৰ জৰিয়তে এক বিশেষ পদ্ধতিৰে প্ৰেৰণ কৰি মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে আপুনি পান কাৰ্ডৰ সৈতে আধাৰ নম্বৰ যুক্ত কৰাৰ বাবে আবেদন জনাব পাৰে।

SMS ৰ জৰিয়তে পান কাৰ্ডৰ সৈতে আধাৰ নম্বৰ যুক্ত কৰিবলৈ আপুনি এই পদক্ষেপ কেইটা গ্ৰহণ কৰক—

UIDPAN<space><12 digit Aadhaar><space><10 digit PAN>

প্ৰথমে UIDPAN বুলি টাইপ কৰি তাৰপিছত স্পেছ দিব, স্পেছৰ পিছত ১২ ডিজিটৰ আধাৰ নম্বৰ টাইপ কৰিব,আকৌ স্পেছ দিব, তাৰপিছত ১০ ডিজিটৰ পান নম্বৰটো টাইপ কৰি সেয়া ৫৬৭৬৭৮ নাইবা ৫৬১৬১ নম্বৰলৈ পঠিয়াই দিয়ক।

এনেদৰে অতি সাধাৰণ প্ৰক্ৰিয়াৰে আপুনি আধাৰৰ সৈতে পান কাৰ্ড সংযুক্ত কৰিব পাৰিব।