• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংবাদ মাধ্যমে অনুধাৱন কৰিব পাৰিছেনে মোদীৰ জনপ্ৰিয়তাৰ গভীৰতা কিমান?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
September 18, 2021 3:50 pm
Modi-16-1
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ(Narendra Modi)কাম-কাজৰ আলোচনা হওক বা নহওক সংবাদ মাধ্যমত তেওঁৰ জনপ্ৰিয়তাৰ চমক কিন্তু নজহা-নপমা।

প্ৰকৃততে একাংশ প্ৰচাৰ মাধ্যমে দাঙি ধৰাৰ দৰেই জনপ্ৰিয় হয়নে আমাৰ প্ৰধানমন্ত্ৰী মোদী?

দেশত আমূল পৰিৱৰ্তনৰ অংগীকাৰ কৰি শাসনৰ বাঘজৰী হাতত লোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটাৰ পাছত আন এটাকৈ তেওঁৰ প্ৰতিশ্ৰুতি ভংগ কৰি যোৱাৰ পাছতো তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাটো সঁচাকৈয়ে তথ্যনিৰ্ভৰ নে?

Apply Now

স্বাভাৱিকতে, সদায় প্ৰচাৰৰ মধ্যমনি হৈ থাকিব বিচৰা নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা কেবল এক চমক আৰু ইয়াৰ গভীৰতা ঠিক খৰালিৰ শীৰ্ণ নৈখনৰ দৰে হৈ পৰা নাইনে?

বিজেপিৰ অন্ধ অনুৰাগীসকলে মানি ল’বলৈ টান পালেও এটা কথা নিশ্চিত যে ২০১৪চনৰ নৰেন্দ্ৰ মোদীৰ কেবল জনপ্ৰিয়তা হ্ৰাস পোৱাই নহয়, তেওঁৰ কথাই বিশ্বাসযোগ্যতাও হেৰুৱাইছে।

মাত্ৰ এমাহ পূৰ্বে ইণ্ডিয়া টুডেৰ মুড অফ দ্য নেশ্যনৰ সমীক্ষাত দেখা গৈছিল যে প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তা হুৰহুৰাই হ্ৰাস পাইছে।

সমীক্ষা অনুসৰি, ২০২০ৰ আগষ্টত প্ৰধানমন্ত্ৰী হিচাপে মোদী ৬৬শতাংশৰ পছন্দ থকাৰ বিপৰীতে এবছৰ পাছতে সেয়া ২৪শতাংলৈ হ্ৰাস পাইছে।

Latest News: PAN+ Aadhaar চিন্তা নকৰিব,আধাৰ কাৰ্ডেৰে পান কাৰ্ড সংযোগৰ দিন বৃদ্ধি কৰিছে চৰকাৰে,অন্তিম দিন কেতিয়া?

প্ৰধানমন্ত্ৰী মোদীয়ে কোভিড-১৯ৰ মোকাবিলা কৰাৰ ক্ষেত্ৰতো চূড়ান্ত ব্যৰ্থ হোৱাৰ কথা বিভিন্ন প্ৰতিবেদনে উদঙাই দিছে।

দেশৰ যুৱ শক্তিক টানি আনি সদায় বিকাশৰ শ্ল’গান আওৰোৱা মোদীৰ শাসনকালতে যুৱ প্ৰজন্মৰ লক্ষ্য বিভ্ৰাট ঘটাৰ উপক্ৰম হৈছে। দেশত কৰ্মহীন লোকৰ সংখ্যাই এতিয়া সকলো অভিলেখ ভংগ কৰিছে।

দেশৰ সাধাৰণ জনতাৰ ওপৰত মূল্যবৃদ্ধিৰ বোজা জাপি দি প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বৰ বিজেপি চৰকাৰে ইতিমধ্যে প্ৰজাক জৰৌৰোৱা কৰিছে।

এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি আস্থাহীনতাৰ বিষয়টোৱেও ব্যাপকভাৱে চৰ্চা লাভ কৰা দেখা গৈছে।

আটাইতকৈ ডাঙৰ কথা প্ৰচাৰ মাধ্যমৰ মধ্যমনি হৈ থাকিব বিচৰা প্ৰধানমন্ত্ৰী মোদী কিন্তু প্ৰচাৰ মাধ্যমৰ স্বাধীনতাকলৈ আগ্ৰহী নহয়।

প্ৰধানমন্ত্ৰীৰ প্ৰচাৰমুখিতাৰ বিষয়টো আনকি বহুতেই উত্তৰ কোৰিয়াৰ একনায়ক শাসক কিম জং উনৰ সৈতেহে ৰিজাব বিচাৰে।কিমে যেনেকৈ প্ৰচাৰৰ মাজত থাকিব সংবাদ মাধ্যমৰ স্বাধীনতাত বিশ্বাস নকৰে, মোদীয়েও তেনেদৰে স্বতন্ত্ৰ সংবাদ মাধ্যমৰ অস্তিত্ব নিবিচাৰে।

যোৱা জুলাই মাহত বিশ্বৰ এক সংস্থা ৰিপ’ৰ্টাৰ্ছ উইথআউট ব’ৰ্ডাৰছে (আৰ এছ এফ) সংবামাধ্যমৰ স্বাধীনতা খৰ্ব কৰিব বিচৰা বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ ৩৭গৰাকী মুৰব্বীৰ তালিকাত মোদীকো অন্তৰ্ভুক্ত কৰিছিল।

নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তাক গ্ৰাম্য ভাৰতে ইতিমধ্যে তুলাচনীত তুলিছে। কৃষক আন্দোলনক একেবাৰে নস্যাৎ কৰিবলৈ বিচৰা মোদীৰ নেতৃত্বৰ প্ৰতি বিৰূপ মনোভাৱৰ সৃষ্টি হৈছে দেশৰ বৃহৎ জনসাধাৰণৰ মাজত।

আনকি বিজেপি তথা আৰ এছ এছৰ একাংশ নেতৃত্বয়ো কৃষক আন্দোলন সন্দৰ্ভত মুকলিকৈ চৰকাৰক সমালোচনা কৰা দেখা গৈছে।

যি কি নহওক আমাৰ ‘বিশ্বগুৰু’ প্ৰধানমন্ত্ৰীগৰাকীৰ কুৰিদিনীয়া জন্মোৎসৱৰ আয়োজনৰ মাজতে দেশৰ গণতন্ত্ৰকামী জনসাধাৰণৰ মাজত প্ৰশ্ন হৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ‘প্ৰচাৰৰ জনপ্ৰিয়তা’ৰ আৱৰণখনি এবাৰ অঁতৰাই থৈ জনসাধাৰণৰ মাজলৈ ওলাই আহক।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

August 20, 2026 5:43 pm
গোটা আৱৰ্জনা ব্যৱস্থাপনা কেৱল চাফাই কৰ্মীৰ দায়িত্ব নহয়, নিয়ম নামানিলে কাটিব পানী-বিদ্যুৎ সংযোগ: উচ্চতম ন্যায়ালয়

গোটা আৱৰ্জনা ব্যৱস্থাপনা কেৱল চাফাই কৰ্মীৰ দায়িত্ব নহয়, নিয়ম নামানিলে কাটিব পানী-বিদ্যুৎ সংযোগ: উচ্চতম ন্যায়ালয়

August 20, 2026 3:28 pm
ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

August 20, 2026 5:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd