NORTHEAST NOW (Assamese)

গোৱালপাৰাৰ কৃষ্ণাইত ল’কডাউনৰ সময়ত চৰকাৰে দিয়া সাহায্যৰ ধন বিতৰণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

April 15, 2020 8:17 am · নীলমণি শৰ্মা
প্ৰনিধিত্বমূলক আলোকচিত্ৰ

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশত ৩ মে’লৈ দীঘলীয়া ল’কডাউন ঘোষণা কৰাৰ বাবে সংকটত পৰিছে দেশৰ খাতি খোৱা জনসাধাৰণ।

চৰকাৰে ল’কডাউনৰ সময়ত দুখীয়া শ্ৰেণীৰ লোক সকলক সহাক দিয়াৰ বাবে আৰ্থিক পেকেজ ঘোষণা কৰিছিল।

কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা প্ৰধান মন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত ৰেচন কাৰ্ড থকা সকললৈ চাউল আৰু ৰেচন কাৰ্ড নথকা পৰিয়াললৈ ১০০০ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।

শেহতীয়াভাৱে দেশৰ সংকটৰ সময়ত চৰকাৰে আগবঢ়োৱা দুখীয়াৰ ১০০০ টকা বিতৰণৰ নামতো ব্যাপক দুৰ্নীতি সংঘটিত হৈছে।

গোৱালপাৰা জিলাৰ বিভিন্ন গাঁও পঞ্চায়তত এনেধৰণৰ দুৰ্নীতি সংঘটিত হৈছে বুলি আমাৰ হাতত খবৰ আহি পৰিছে।

জানিব পৰা মতে, গোৱালপাৰাৰ কৃষ্ণাইৰ ধাইগাঁও পঞ্চায়তৰ বল্লা গাঁৱত ৱাৰ্ড মেম্বাৰে ১,০০০ টকা বিতৰণৰ নামত ব্যাপক অনিয়ম সৃষ্টি কৰিছে।

অভিযোগ অনুসৰি, ৰেচন কাৰ্ড নথকা দৰিদ্ৰ লোকক টকা প্ৰদান কৰাৰ বিপৰীতে একাংশ ধনীলোকৰ মাজত ৱাৰ্ড মেম্বাৰ গৰাকীয়ে সাহায্যৰ ধন বিতৰণ কৰিছে।

পঞ্চায়তৰ সদস্য গৰাকীয়ে ১০০ বিঘা মাটিৰ গৰাকীকো সাহায্যৰ ধন প্ৰদান কৰিছে বুলিও কিছুসংখ্যক লোকে অভিযোগ উত্থাপন কৰিছে।

ইতিমধ্যে, এই বিষয়টোৰ সন্দৰ্ভত কৃষ্ণাই আৰক্ষী থানাত অৱগত কৰিছে ৰাইজে ৷ যি সময়ত আৰ্তজনৰ কাষত থিয় দি বহু হৃদয়বান লোকে খাদ্যৰ যোগন ধৰিছে, তেনে সময়তে জনপ্ৰতিনিধিৰ এনে কাৰ্য্যই অঞ্চলবাসীক লজ্জিত কৰিছে ৷

Related News