৭ অক্টোবৰত ওদালগুৰিৰ টংলাৰ প্ৰেচিডেঞ্চি জুনিয়ৰ কলেজৰ কৰ্মৰত সাংবাদিকৰ এখন বিশেষ সম্বৰ্ধনা সভাত ভাষণ দি পানেৰিৰ বিধায়ক কমলি বসুমতাৰীয়ে কৈছে যে সংবাদসেৱীসকলে নিজৰ প্ৰাপ্যৰ বাবে যুদ্ধ কৰা উচিৎ। সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ।
৪ বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বসুমতাৰীয়ে কৈছে যে সাধাৰণ লোকে সাংবাদিকসকলক এক বিশেষ অধিকাৰপ্ৰপ্ত শ্ৰেণী বুলি ভাৱে যদিও যথাৰ্থ সত্যটো হৈছে এই যে তেওঁলোকে নিজৰ প্ৰাপ্য দৰমহা লাভ নকৰে। ‘‘মই ৰাইজ আৰু সংবাদ মাধ্যমৰ পৰামৰ্শৰ বাবে সদায় মুকলি থাকোঁ।’’
তেওঁ আৰু কয়, ‘‘সংবাদ মাধ্যমৰ পৰা অহা ইতিবাচক সমালোচনাই মোক ভালকৈ কাম কৰিবলৈ উৎসাহ যোগায়। মই সদায় মহিলা আৰু শিশুৰ অধিকাৰৰ সপক্ষে যুদ্ধ কৰি আহিছোঁ আৰু এই ক্ষেত্ৰত সংবাদ মাধ্যমে মোক যথেষ্ট সহায় কৰিছে।’’ অনুষ্ঠানত সাংবাদিক গুণজিৎ দাসে কৈছে, ‘‘সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি বিৱেচনা কৰা হ’লেও ইয়াক ভালদৰে স্বীকৃতি দিয়া হোৱা নাই আৰু সাংবাদিকক যোগ্য স্বীকৃতি প্ৰদান কৰা হোৱা নাই।
তেওঁ দুখ প্ৰকাশ কৰে যে মাজিথিয়া দৰমহা পৰিষদে পৰামৰ্শ দিয়া সাংবাদকৰ দৰমহাৰ বিষয়টো বহুতো সংবাদ গোষ্ঠীয়ে অৱজ্ঞা কৰি আহিছে।
টংলা প্ৰেছ ক্লাবৰ সহযোগিতাত ওদালগুৰি ডিষ্ট্ৰিক্ট কমিটী আছাম প্ৰেছ কৰেস্পণ্ডেনণ্টছ য়ুনিয়নে (APCU) আয়োজন কৰা এই সম্বৰ্ধনা অনুষ্ঠানত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ পৰা স্বীকৃতিৰ প্ৰমাণপত্ৰ লাভ কৰা ১৮গৰাকী সাংবাদিকক সম্বৰ্ধনা জনোৱা হৈছিল।
এই সম্বৰ্ধনা অনুষ্ঠানত বাপন শৰ্মা, দিগন্ত কুমাৰ শৰ্মা, ভূবন থাপলীয়া আৰু গুণজিৎ দাসক য়াং মেডিয়া পাৰ্ছনছ এৱাৰ্ড প্ৰদান কৰা হয়।
উক্ত অনুষ্ঠানত ওদালগুৰি আক্ৰাছুৰ সভাপতি হেমন্ত বৰা কোচ, জ্যেষ্ঠ সাংবাদিক ইমৰান হুছেইন, নবকুমাৰ ডেকা, বিশিষ্ট নাগৰিক লিখন দাস, প্ৰেচিডেঞ্চি জুনিয়ৰ কলেজৰ অধ্যক্ষ মোহন দাস আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। উক্ত অনুষ্ঠানত কেইগৰাকীমান স্থানীয় হ’কাৰকো সম্বৰ্ধনা জনোৱা হয়।