• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তামিলনাডু চৰকাৰৰ বিতৰ্কিত ভূমি আইন: পাৰন্দুৰ বিমানবন্দৰ প্ৰকল্পক লৈ ঘনীভূত হৈছে পৰিৱেশ সংকটৰ আশংকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2026 5:12 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডু চৰকাৰে কাঞ্চীপুৰম জিলাৰ প্ৰস্তাৱিত পাৰন্দুৰ গ্ৰীণফিল্ড বিমানবন্দৰক শেহতীয়াকৈ ২০২৩ চনৰ তামিলনাডু ভূমি একত্ৰীকৰণ (বিশেষ প্ৰকল্পৰ বাবে) আইনৰ অধীনত ‘বিশেষ প্ৰকল্প’ হিচাপে স্বীকৃতি দিছে। চৰকাৰৰ এই সিদ্ধান্তৰ পিছতেই প্ৰকল্পটোৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি অহা পৰিৱেশ সংগঠন আৰু স্থানীয় ৰাইজৰ মাজত পুনৰ তীব্ৰ অসন্তুষ্টি আৰু শংকাৰ সৃষ্টি হৈছে।

২০২৩ চনৰ ২১ এপ্ৰিলত ৰাজহ মন্ত্ৰী ছাত্তুৰ ৰামচন্দ্ৰনে ৰাজ্যিক বিধানসভাত উত্থাপন কৰা এই আইনখন কোনো বিতৰ্ক নোহোৱাকৈ একেদিনাই ধ্বনিভোটৰ জৰিয়তে গৃহীত হৈছিল আৰু পৰৱৰ্তী সময়ত ২০২৪ চনৰ ১৮ অক্টোবৰত ইয়াৰ নিয়মসমূহৰ অধিসূচনা জাৰি কৰা হৈছিল। মূলতঃ হ্ৰদ, পুখুৰী, খাল আদি থকা বৃহৎ আন্তঃগাঁথনি প্ৰকল্পৰ ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত থকা জটিলতা দূৰ কৰাৰ লক্ষ্যৰে এই আইন প্ৰণয়ন কৰা হৈছিল। ইয়াৰ জৰিয়তে চৰকাৰে জলভাগ থকা কমেও ১০০ হেক্টৰ সংলগ্ন ভূমি একত্ৰিত কৰি বাণিজ্যিক, ঔদ্যোগিক বা আন্তঃগাঁথনিমূলক ‘বিশেষ প্ৰকল্প’ৰ বাবে আৱণ্টিত কৰিব পাৰে। এই মৰ্যাদা লাভ কৰাৰ পিছত চৰকাৰে চাৰিগৰাকী চৰকাৰী বিষয়া আৰু এগৰাকী চৰকাৰ মনোনীত পৰিৱেশ বিশেষজ্ঞৰে গঠিত এখন পাঁচজনীয়া সমিতি গঠন কৰে। এই সমিতিয়ে ৰাজহুৱা আলোচনাৰ অন্তত ভূমি একত্ৰীকৰণৰ খচৰা প্ৰস্তুত কৰে আৰু চৰকাৰৰ চূড়ান্ত অনুমোদনৰ পিছত চৰকাৰী গেজেটত অধিসূচনা জাৰি কৰা হয়।

Apply Now

পৰিৱেশকৰ্মী আৰু আন্দোলনকাৰীসকলৰ মতে, এই আইনৰ গাঁথনিটোৱে কেৱল প্ৰকল্পৰ অনুমোদন প্ৰক্ৰিয়া সহজ কৰাত গুৰুত্ব দিয়ে আৰু পাৰিস্থিতিক তন্ত্ৰ সুৰক্ষিত কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। প্ৰস্তাৱিত পাৰন্দুৰ বিমানবন্দৰ প্ৰকল্পটোৱে ১৩খন গাঁৱৰ প্ৰায় ২,১৭২ হেক্টৰৰো অধিক ভূমি সামৰি লৈছে, য‘ত আদ্ৰভূমি, কৃষিভূমি আৰু জলভাগ অন্তৰ্ভুক্ত আছে। প্ৰতিবেদন অনুসৰি, এই ভূমিৰ প্ৰায় ৬৪ শতাংশই কৃষিভূমি আৰু প্ৰায় ২৭ শতাংশ হ্ৰদ আৰু পুখুৰীৰে আৱৰি আছে। প্ৰকল্পৰ চৌহদৰ ভিতৰত বা কাষৰীয়া অঞ্চলত প্ৰায় ৪০টা পানীৰ উৎস আছে যাৰ মুঠ ধাৰণ ক্ষমতা প্ৰায় ৯ মিলিয়ন কিউবিক ফুট। বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে এই অঞ্চলত বৃহৎ মাত্ৰাত নিৰ্মাণকাৰ্য চলিলে প্ৰাকৃতিক জলনিৰ্গমণ ব্যৱস্থা, ভূগৰ্ভস্থ পানী পুনৰ্ভৰণ ব্যৱস্থা আৰু বানপানী প্ৰতিৰোধ প্ৰক্ৰিয়া  বাধাগ্ৰস্ত হ‘ব। ইয়াৰ উপৰিও অঞ্চলটোত কেশৱৰম বান্ধৰ পৰা কুউম নদী সংযোগী এক প্ৰাকৃতিক নলা আৰু পালেৰ বান্ধৰ পৰা শ্ৰীপেৰুম্বুদুৰ হ্ৰদলৈ পানী কঢ়িয়াই নিয়া ৪২ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাম্বান খালৰ এটা অংশও আছে।

জলবায়ু পৰিৱৰ্তনৰ আশংকা আৰু জলজ পৰিস্থিতিতন্ত্ৰৰ সম্ভাৱ্য ক্ষতিৰ কথা উল্লেখ কৰি ‘পুভুলাগিন নানবাৰ্গাল’ নামৰ এটা পৰিৱেশ সংগঠনে ৰাজ্য চৰকাৰক প্ৰকল্পটোৰ পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে। লগতে তেওঁলোকে এই ভূমি একত্ৰীকৰণ আইনখন বাতিল কৰিবলৈকো দাবী জনাইছে। ইপিনে, পাৰন্দুৰ আৰু ওচৰৰ একানাপুৰম গাঁৱৰ ৰাইজে উচ্ছেদ আৰু সাৰুৱা কৃষিভূমি ধ্বংসৰ আশংকাত প্ৰকল্পটোৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে। একানাপুৰমৰ এগৰাকী স্থানীয় বাসিন্দাই ক্ষোভ প্ৰকাশ কৰি কয়, “এই অঞ্চলটোৱে চেন্নাইৰ বাবে বানপানীৰ প্ৰতিৰোধক হিচাপে কাম কৰে। আমাৰ ভূমি আৰু পানীৰ উৎস ধ্বংস কৰা যিকোনো পদক্ষেপৰ আমি তীব্ৰ বিৰোধিতা কৰি যাম।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm
টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm
গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm
টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd