সমগ্ৰ শিলচৰ চহৰক জোঁকাৰি যোৱা দেবজিৎ ৰয় নামৰ ১৬ বছৰীয়া কিশোৰজনৰ মৃত্যুৰ কথা এতিয়াও আলোচিত হৈ আছে। যিটো ছাত্ৰাৱাসত ৰহস্যজনক পৰিস্থিতিত ছাত্ৰজনৰ মৃত্যু হৈছে, সেই ছাত্ৰাৱাসটোৰ তেওঁ আৱাসী নাছিল।
নিচাযুক্ত ঔষধ মাত্ৰাধিকভাৱে সেৱন কৰাৰ ফলত কিশোৰজনৰ মৃত্যু হৈছিল। যোৱা মঙলবাৰে কিশোৰজনৰ পিতৃ-মাতৃয়ে তেওঁক হত্যা কৰা হৈছে বুলি এখন এজাহাৰ দাখিল কৰিছে।
পুত্ৰৰ মৃত্যুৰ পাছত প্ৰথমবাৰৰ বাবে সাংবাদ মাধ্যমৰ মুখামুখি হোৱা মৃত কিশোৰজনৰ পিতৃ-মাতৃ গোপাল চন্দ্ৰ ৰয় আৰু ববিতা ৰয়ে শিলচৰৰ ৰাধামাধৱ ৰোডস্থিত তেওঁলোকৰ বাসগৃহত আওপকীয়াকৈ কৈছে যে দেবৰাজ নিচাযুক্ত ঔষধ সেৱনকাৰী নাছিল যাৰ বাবে তেওঁৰ মৃত্যু হ’বলগীয়া হ’ল।
মঙলবাৰে নিশা দাখিল কৰা এজাহাৰখনত এই বিষয়টো ভালদৰে অনুসন্ধান কৰাৰ বাবে কোৱা হৈছে।
দেবৰাজক ছাত্ৰাৱাসটোলৈ লৈ যোৱা বুলি নিশাল সিনহাক দোষাৰোপ কৰি মৃত কিশোৰজনৰ পিতৃ-মাতৃয়ে কৈছে যে নিশাল হৈছে এজন নিচাযুক্ত ঔষধ সেৱনকাৰী
আৰু নিশাল আৰু নিশালৰে কেইজনমান সহোযগীয়ে দেবৰাজৰ শৰীৰত জোৰকৈ মাৰাত্মক ঔষধ বেজীৰে সুমুৱাই দিছিল।
নৰ্থ-ইষ্ট নাওৰ আগত গোপাল চন্দ্ৰ ৰয়ে কৈছে, ‘‘পকেটত ৪০০ টকা লৈ আমাৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ পাছত সেইদিনা দুপৰীয়া ১২-০০ বজাৰ পাছৰ চিচিটিভিৰ ফুটেজ আমাক আৰক্ষীয়ে দেখুওৱাৰ আশ্বাস দিছে।তাৰে ৩৫০ টকাৰে দেবৰাজে তাৰ মোবাইলটো মেৰামতি কৰোৱাইছিল আৰু তাৰ হাতত মাত্ৰ ৫০ টকা আছিল।
৩-০০ বজাত মই তাৰ পৰা অন্তিমটো ফোনকল পাইছিলোঁ সি জনাইছিল যে সি ঘৰলৈ উভতি আহি আছে আৰু সি তাৰ বন্ধু নিশালৰ সৈতে পঞ্চায়ত ৰোডত আছে। আবেলি ৫-০০ বজাৰ পৰা সোমবাৰে পুৱালৈকে মই তাক ৫০০ বাৰতকৈও অধিকবাৰ ফোন কৰিছো কিন্তু সহাঁৰি পোৱা নাই। সোমবাৰে পুৱা ৮-৩০ বজাত তাৰ মোবাইলটো নিস্ক্ৰিয় হৈ পৰে।’’