• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ম্যানমাৰত পৰেশ বৰুৱাৰ ‘সন্ধানহীন’ ভতিজা, যোগ দিছে আলফা (স্বাঃ)ত: নিশ্চিত সূত্ৰ

Laxman Sharma লক্ষ্মণ শৰ্মা
ডিগবৈ , November 17, 2018 8:49 pm

2 min read

munna barua Asom

মুন্না বৰুৱা। ছবি ফে’চবুকৰ।

1k
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তৰ সূত্ৰ যদি সঁচা, ডিগবৈৰ ইণ্ডিয়ান অইলত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ‘সন্ধানহীন’ ভতিজা মুন্না বৰুৱাই যোগদান কৰিছে বিদ্ৰোহী সংগঠনটোত।

“নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা এতিয়ালৈকে সংগৃহীত তথ্য আৰু সাক্ষ্যই আমাক বিশ্বাস কৰিবলৈ বাধ্য কৰিছে যে আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষৰ ডিগবৈস্থিত সন্ধানহীন ভতিজা মুন্না বৰুৱাই পেছাদাৰী নিয়োগকাৰীৰ যোগেদি ম্যানমাৰত সংগঠনটোত যোগদান কৰিছে,” নৰ্থ ইষ্ট নাও-ক জনালে আৰক্ষী অধীক্ষক মহন্তই।

মুন্নাৰ আলফা (স্বাঃ)ত যোগদান সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ এই ভাষ্যৰ বিপৰীতে সংগঠনটোৱে এতিয়ালৈকে কোনো বিবৃতি জাৰি কৰা নাই।

মুন্নাৰ পিতৃ, পৰেশ বৰুৱাৰ ভায়েক বিমল বৰুৱাই শুকুৰবাৰে পুত্ৰৰ সন্ধানহীনতা সন্দৰ্ভত ডিগবৈ থানাত এখন এজাহাৰ দাখিল কৰিছিল।

যোৱা ১৫ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছে ডিগবৈৰ ইণ্ডিয়ান অইলত কনিষ্ঠ অভিযন্তা হিচাপে প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ২৪ বছৰীয়া যুৱকজন।

নাগৰিকত্ব বিধেয়কসৃষ্ট উত্তপ্ত পৰিৱেশত বহু যুৱক-যুৱতীয়ে বিদ্ৰোহী সংগঠনটোত যোগ দিয়া বুলি চৰ্চা চলি থকাৰ মাজতে সেনাধ্যক্ষ বৰুৱাৰ ভতিজাৰ ‘সন্ধানহীনতা’ই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে।

ডিগবৈৰ বালিজানত এজন বন্ধুৰ সৈতে ভাৰাঘৰত আছিল মুন্না। জানিব পৰা মতে ১৫ নৱেম্বৰত বন্ধুজনে মুন্নাক ডিগবৈ বাছ আস্থানত ঘৰলৈ যোৱাৰ বাবে বাছত তুলি দিছিল।

Recent News

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd