NORTHEAST NOW (Assamese)

আজি কৃষক সংগঠনৰ ভাৰত বন্ধৰ আংশিক প্ৰভাৱ দেখা গ’ল মহানগৰীত

December 8, 2020 11:05 am · কল্পজ্যোতি শইকীয়া
Updated: December 8, 2020 12:10 pm
মঙলবাৰে কৃষক সংগঠনৰ ভাৰত বন্ধত দিছপুৰ ছুপাৰ মাৰ্কেটৰ দৃশ্য। ফটো: নৰ্থইষ্ট নাও

গুৱাহাটীত নপৰিল ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। দেখা গ’ল কৃষক সংগঠনে দিয়া বন্ধৰ আংশিক প্ৰভাৱ।

আজি কৃষকৰ বিভিন্ন দল-সংগঠনে দিয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ নপৰিল গুৱাহাটীত।

গুৱাহাটীত ৰাইজৰ সাধাৰণ জীৱন যাপন অব্যাহত থাকিল যদিও বন্ধ থাকিল কিছু সংখ্যক দোকান পোহাৰ। চুপাৰ মাৰ্কেট, গণেশগুৰিত দোকান পোহাৰ সম্পূৰ্ণ খোলা আছে।

আনহাতে, দেখিবলৈ পোৱা নগ’ল ব্যক্তিগত চিটি বাছৰ চলাচল। বন্ধ আছে ওলা -উবেৰ সেৱা।

আনহাতে, ব্যক্তিগত বাহন, দুচকীয়া বাহন, অটোৰিক্সা  চলি আছে।

পেট্ৰল পাম্প সমূহ খোলা আছে আৰু চৰকাৰী চিটি বাছ সেৱাৰ চলাচল অব্যাহত আছে।

কৃষি আইন বাতিলৰ বাবে দেশজুৰি দিয়া ভাৰত বন্ধৰ প্ৰভাৱ অন্য ঠাইত সৰ্বাত্মক ৰূপত পৰা দেখিবলৈ পোৱা গৈছে।

Related News