যেতিয়া মার্কিন ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে ইজৰাইলী প্রধানমন্ত্রী বেঞ্জামীন নেতানিয়াহুৰ লগত একেলগে গাজা শান্তি চুক্তি ঘোষণা কৰিছিল, তেতিয়া বহুতৰ বাবে এয়া দীর্ঘকালীন যুদ্ধৰ পৰা পৰিত্রাণৰ সম্ভাৱনা ৰূপে দেখা দিছিল। দীঘলীয়া হিংসাৰে জর্জৰিত মধ্য প্রাচ্যৰ বহু দেশৰ বাবে এয়া এক ‘এক্সিট’ ৰেম্প আছিল। বিশেষকে পেলেষ্টাইনৰ স্বাধীনতাৰ ওপৰত কোনো স্পষ্ট স্থিতি গ্রহণ কৰাত বিফল হোৱা আৰব দেশবোৰৰ বাবে এয়া এক সুযোগ আছিল। কিন্তু অলপ বিশ্লেষণে উনুকিয়াই দিয়ে যে এই চুক্তিয়ে পেলেষ্টাইনৰ সমস্যাৰ সঁচা অর্থত সমাধান কৰিবলৈ সক্ষম নহ’ব।
পেলেষ্টাইনৰ সন্মুখত এনেকুৱা এক অসম্ভৱ পৰিবেশ সৃষ্টি কৰা হৈছে য’ত ইজৰাইলৰ উপনিবেশ হিচাপে বসবাস কৰা নতুবা ইজৰাইলী সামৰিক বাহিনীৰ উপস্থিতিত বন্দীমূলক জীৱন অতিবাহিত কৰা বাছি লব লাগিব! এয়া সঁচা অর্থত শান্তি চুক্তি নে কূটনৈতিক কৌশলৰ নামত দাসত্বৰ এক নতুন ব্যৱস্থা? পেলেষ্টাইনৰ ওপৰত জাপি দিয়া এই শান্তি চুক্তিৰ মানৱ অধিকাৰৰ ওপৰত এক ভয়াবহ প্রভাৱ পৰিব।
আমেৰিকাৰ হোৱাইট হাউছৰ পৰা প্রচাৰিত ট্রাম্পৰ শান্তি চুক্তি যুদ্ধ বিৰতি আৰু পুনর্সংস্থাপনৰ কথা উল্লেখ কৰিছে। কিন্তু চুক্তিটো পুঙ্খানুপুঙ্খভাৱে বিশ্লেষণ কৰিলে দেখা যায় যে এক চর্ত সাপেক্ষ শান্তিৰহে কথা কৈছে। ইজৰাইলে সিদ্ধান্ত গ্রহণ কৰিব পাৰিব যে পেলেষ্টাইনৰ অসামৰিকীকৰণ বা demilitarization সম্পূর্ণ হৈছে নে নাই । ইজৰাইলী সামৰিক বাহিনী অনির্দিষ্টকালীন সময়লৈ গাজা আৰু পেলেষ্টাইনত থাকিব পাৰিব। এনে পৰিস্থিতিয়ে পেলেষ্টাইনক ইজৰাইলৰ উপনিবেশলৈ পৰিণতি কৰিব আৰু এখন স্বাধীন পেলেষ্টাইন ৰাষ্ট্রৰ সপোন দিঠকত পৰিণত নহ’ব।
নেতানিয়াহুৱে নিজৰ স্থিতি চুক্তি ঘোষিত হোৱাৰ এদিনতে স্পষ্ট কৰি দিছে। ইজৰাইলে কোনো পধ্যে পেলেষ্টাইন ৰাষ্ট্রক স্বীকৃতি নিদিব আৰু ইজৰাইলী সামৰিক বাহিনী গাজাত স্থায়ীভাৱে থাকিব। আমেৰিকাৰ স্থিতিও নিৰপেক্ষ নহয়। শান্তিৰ নোবেল বঁটাৰ আশাবাদী ট্রাম্পে যেন নেতানিয়াহুৰ মতে শান্তি চুক্তি তৈয়াৰ কৰিছে। এই চুক্তিৰ ফলত যোৱা দুটা বছৰৰ পৰা গাজাত যি মানৱ অধিকাৰৰ ভয়ঙ্কৰ উলঙ্ঘা হৈছে সেইটো আৰু ভয়াবহ হোৱাৰ সম্ভাৱনা বেছি। আমেৰিকা আৰু ইজৰাইলৰ শান্তি চুক্তিৰ প্রতি আনুগত্য সঁচা অর্থত থাকিলে, গাজালৈ যোৱা ছুমুদ ফ্লোটিলাক খাদ্য সামগ্ৰী আৰু ঔষধ লৈ সোমাব দিলেহেঁতেন। তেনে নকৰি গ্রেটা থুনবার্গৰ লগত আন মানৱ অধিকাৰ কর্মীহতক আটক কৰি তেওঁলোকক অপমান কৰি ওভতাই পঠাই নিদিলেহেঁতেন।
পেলেষ্টাইনৰ স্বাধীনতাৰ প্রশ্নক আওকাণ কৰাৰ অর্থ হল ইজৰাইলক পেলেষ্টাইনৰ ইতিহাস আৰু উপস্থিতি নোহোৱা কৰি পেলাবলৈ সুযোগ দিয়া আৰু গাজাত চলা অমানৱীয় হিংসাক বৈধতা প্রদান কৰা। এনে তথাকথিত শান্তিয়ে আচলতে জেন’ছাইড চলাই নিয়াৰ সুযোগহে প্রদান কৰিব।
বহু আৰব আৰু মুছলমান দেশৰ লগতে ৰাছিয়া, চীন আৰু ভাৰতেও এই শান্তি চুক্তিক স্বাগতম জনাইছে। প্রথমতে তেনে স্থিতিক গাজাত চলি থকা হিংসাৰ অন্ত পেলাবলৈ কৰা এক প্রচেষ্টা বুলি অনুভৱ হ’ব। কিন্তু আচলতে এয়া যেন এক ধৰণৰ আত্মসমর্পণ।
হামাছ আৰু ইজৰাইলী সামৰিক বাহিনীৰ মাজত হোৱা অসমান যুদ্ধত এই দেশবোৰে কেতিয়াও পেলেষ্টাইনৰ হৈ সক্রিয় স্থিতি গ্রহণ কৰা নাই। কিন্তু যোৱা দুটা বছৰত এই দেশবোৰৰ নাগৰিকে ৰাজপথৰ পৰা তেওঁলোকৰ বিধানমণ্ডল কঁপাই তুলিছে পেলেষ্টাইনৰ স্বাধীনতাৰ সপক্ষে গাজাত শীঘ্রে যুদ্ধ বিৰতিৰ সপক্ষে। বহু দেশে পেলেষ্টাইনক এক স্বাধীন ৰাষ্ট্র হিচাপে স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে। ইউৰোপ আৰু আমেৰিকাৰ আগশাৰীৰ বহু বিশ্ববিদ্যালয়ত ছাত্র-ছাত্রীয়ে ইজৰাইলৰ বিৰুদ্ধে প্রতিবাদ কৰি বহু সমস্যাৰ সন্মুখীন হৈছে। যত দেশবোৰৰ নেতৃত্বই লজ্জাজনকভাৱে স্পষ্ট স্থিতি গ্রহণ কৰা নাই তাত নাগৰিকসকলে নিজৰ দেশৰ চৰকাৰক জবাবদিহী কৰিছে আন্তৰাষ্ট্রীয় কর্টৰ মতে “a plausible case of genocide”ক প্রত্যক্ষভাৱে বিৰোধ নকৰাৰ বাবে। এই শান্তি চুক্তিক ততাতৈয়াকৈ মানি লৈ এই দেশবোৰে নিজৰ গৃহ ৰাজনীতিত স্থিৰতা অনাৰ চেষ্টা কৰিছে।
কিন্তু এইটো কৰিব গৈ ন্যায়ৰ মৌলিক নীতিবোৰ যেন জলাঞ্জলি দিয়া হ’ল। ইজৰাইলৰ সামৰিকবাহিনীৰ সম্পূর্ণ প্রত্যাৱর্তনৰ কোনো আন্তৰাষ্ট্রীয় ‘গেৰান্টি’ কিয় দাবী কৰা নহ’ল? কিয় গাজাত হোৱা মানৱ জীৱনৰ অপূৰণীয় ক্ষতি আৰু আন্তঃগাঁথনিৰ ভয়াবহতাৰ বাবে ইজৰাইলক জবাবদিহী কৰা নহ’ল? আন্তৰাষ্ট্রীয় আইনৰ অধীনত প্রযোজ্য মানৱ অধিকাৰ গোটক এই চুক্তিৰ কার্য্যকৰী পর্য্যবেক্ষণ কৰাৰ দায়িত্ব কিয় দিয়া নহ’ল? এই প্রশ্নবোৰে এই চুক্তিৰ একপক্ষীয় চৰিত্র উদঙাই দিয়ে।
ইউৰোপীয় দেশবোৰে পেলেষ্টাইন ৰাষ্ট্রক স্বীকৃতি দিয়াটো কেৱল এক প্রতীকী। ১৯৬৭ চনত নির্ধাৰিত সীমান্তলৈ প্রত্যাবর্তন আৰু পশ্চিম বেঙ্কৰ অবৈধ বসতিকৰণ উঠাই নল’লে, এনে স্বীকৃতিৰ প্রভাৱ সীমিত। বর্তমানৰ পেলেষ্টাইন ইজৰাইলৰ বেষ্টনীৰ মাজত থকা ভগ্ন ভৌগোলিক অংশ কিছু আৰু সেই অংশখিনিও ইজৰাইলী সামৰিক বাহিনীৰ তত্ত্বাৱধানত আছে।
ইয়াৰ উপৰিও পেলেষ্টাইনৰ নেতৃত্বৰ ক্ষেত্রত কিছু সংস্কাৰ আনিব বিচাৰে ট্রাম্পে। এনে এই পৰিবর্তনবোৰে পেলেষ্টাইনৰ স্বাধীনতা সংগ্রামক আৰু দুৰ্বল কৰি পেলাব। এটা আত্মনিয়ন্ত্রক ৰাষ্ট্রৰ ঠাইত এটা সামৰিক শক্তিবিহীন চিৰ পৰনির্ভৰশীল দেশৰ ধাৰণা আগবঢ়াই দিয়া হৈ আছে। উপনিবেশিকতাবাদ শেষ কৰাৰ ঠাইত এই পৰিবর্তনে এক নতুন বর্ণবাদী ব্যৱস্থাহে স্থাপন কৰিব য’ত পেলেষ্টাইনৰ বাসিন্দা সকল নাগৰিক নহয়, উপনিবেশৰ প্রজাহে হৈ থাকিব লাগিব।
মানৱ অধিকাৰৰ দৃষ্টিভংগীৰ পৰাও এই চুক্তিৰ যথেষ্ট সীমাবদ্ধতা আছে। ৰাষ্ট্রসংঘৰ চনদে আত্ম নিয়ণ্ত্রণৰ অধিকাৰ দিছে দেশবোৰক আৰু আন্তৰাষ্ট্রীয় ন্যায়ালয়ে ইজৰাইলৰ পেলেষ্টাইনক নিজ দেশত চামিলকৰণৰ বিৰুদ্ধে নির্দেশ দিছে। এইবোৰ আওকাণ কৰি কেৱল এক শান্তি চুক্তি জাপি দিয়াৰ অর্থ হ’ল ঔপনিবেশিকতাবাদক সাধাৰণীকৰণ কৰা।
আন্তৰাষ্ট্রীয় সংগঠন আৰু আইনক মানি চলা ৰাষ্ট্রবোৰে গণহত্যাত অভিযুক্ত ইজৰাইলৰ অস্ত্র-শস্ত্রৰ যোগান ধৰা বন্ধ কৰিব। কিন্তু তেনে ঠাইত বহু ৰাষ্ট্রই এক দ্বৈত স্থিতি গ্রহণ কৰা দেখা গৈছে। কিছু দেশে এফালে পেলেষ্টাইনৰ স্বাধীনতাৰ অধিকাৰক সমর্থন কৰে আৰু আনফালে ইজৰাইলৰ লগত বিভিন্ন ৰাজনৈতিক-অর্থনৈতিক চুক্তি কৰি এই গণহত্যাক পৰোক্ষভাৱে সমর্থন কৰে।
উল্লেখযোগ্য যে ইজৰাইলৰ এই হিংসাৰ বিৰুদ্ধে তথাকথিত ইউৰোপীয় শক্তি নহয়, কিন্তু উন্নয়ণশীল আৰু অনুন্নত দেশবোৰে হে নীতিগত স্থিতি গ্রহণ কৰিছে। দক্ষিণ আফ্রিকা ইজৰাইলৰ বিৰুদ্ধে গণহত্যাৰ গোচৰ উত্থাপন কৰিছিল ৰাষ্ট্র সংঘত। কোলোম্বিয়াৰ ৰাষ্ট্রপতি গুস্তাভো পেট্রোই ৰাষ্ট্রসংঘৰ শান্তিৰক্ষা বাহিনীৰ অধীনত পেলেষ্টাইনক সামৰিকভাৱে সহায় কৰাৰ কথা কৈছিল। এই স্থিতিবোৰক সকলোৱে সমর্থন কৰিব নোৱাৰিলেও, এই সৰু সৰু দেশবোৰে নৈতিকভাৱে সঠিক স্থিতি গ্রহণ কৰিবলৈ সক্ষম হৈছে। ট্রাম্পৰ শান্তি চুক্তি একমাত্র সমাধান বুলি চকু মুদি ধৰি নলৈ এই সৰু সৰু দেশবোৰে মানৱ অধিকাৰ আৰু ন্যায়ৰ ভিত্তিত এক বিকল্প প্রদান কৰাৰ চেষ্টা কৰিছে।
শান্তি চুক্তি সঁচা অর্থত সফল হ’ব যেতিয়া দুয়োপক্ষ সমান পদত থাকি এই চুক্তি স্বাক্ষৰ কৰে। তেনে নকৰিলে আকৌ দ্বিতীয় বিশ্বযুদ্ধৰ অন্যতম কাৰণ ভার্চাই চুক্তিৰ দৰে এই চুক্তিও এক জাপি দিয়া ক্ষণস্থায়ী শান্তি প্রতিষ্ঠিত কৰিব। ট্রাম্পৰ শান্তি চুক্তিয়ে পেলেষ্টাইনৰ আত্মনিয়ন্ত্রণৰ অধিকাৰক নাকচ কৰে আৰু সংঘাতৰ পৰিস্থিতিত মানৱীয় সকাহ আৰু সাহায্যক চর্ত হিচাপে ব্যৱহাৰ কৰে।
বিকল্পটো অসম্ভৱো নহয় আৰু কঠিনো নহয়। আন্তৰাষ্ট্রীয় আইন মতে যুদ্ধ বিৰতি ঘোষণা কৰা, কোনো বাধা বিঘিনি অবিহনে সাহায্যৰ যোগান ধৰা পেলেষ্টাইনৰ স্বাধীনতাৰ প্রশ্নক গুৰুত্ব সহকাৰে মূল্যায়ন কৰা। কিন্তু তাৰ লগতে গাজাত চলা হিংসা অনতিপলমে বন্ধ হ’ব লাগে। এই চুক্তিৰ প্রথম ঘোষণাৰ পিছতো ইজৰাইলে অবিৰামভাৱে গাজাত বোমাবর্ষণ চলাই গৈছে আৰু সময়ে সময়ে গাজাত মৃত ব্যক্তিৰ বিষয়ে আমি শুনা পাইছোঁ।
সাম্প্রতিক সময়ত এখন দেশক আন এখন দেশৰ অধীনত থাকিবলৈ বাধ্য কৰোৱাটো এক অপৰাধ। বিশেষ কৰি প্রথম আৰু দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত আৰু ৰাষ্ট্র সংঘৰ গঠনৰ প্রেক্ষাপটত যিবোৰ সার্বজনীন নীতি গ্রহণ কৰা হৈছিল, সেইবোৰক চৰম উপলুঙা কৰা হৈছে। পেলেষ্টাইনক পৃথিৱীৰ পৰা মচি পেলাই ইজৰাইলৰ স্থায়িত্ব নিশ্চিত কৰাটো মানিব নোৱাৰি। আনকি ইজৰাইলৰ এই যুদ্ধৰ বিৰুদ্ধে বহু ইজৰাইলী নাগৰিক ৰাজপথত ওলাই আহি প্রতিবাদ কৰিছে আৰু গাজাত চলা গণহত্যা বন্ধ কৰিবলৈ আহ্বান কৰিছে। ইজৰাইলী সামৰিক বাহিনীত যোগদান কৰিবলৈ অস্বীকাৰ কৰিছে বহু ইজৰাইলীয়ে। ট্রাম্পে যদি সঁচা অর্থত এই দীর্ঘকালীন যুদ্ধৰ সমাধান বিচাৰে তেন্তে এক নিৰপেক্ষ, ন্যায়ভিত্তিক শান্তি চুক্তি কার্য্যকৰী কৰিব যিটো সকলো পক্ষই সমর্থন কৰিব। তেনে নকৰিলে ট্রাম্পে আকৌ এক অসমতাপূর্ণ স্থিতিলৈ পেলেষ্টাইনক ঠেলি দিয়া হ’ব।
(লেখিকা প্রমথেশ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপিকা)





