NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰপতি কোৱিন্দৰ কাজিৰঙা ভ্ৰমণৰ বাবে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বন্ধ যান-বাহনৰ যাতায়ত; যাত্ৰীৰ দুৰ্ভোগ

February 26, 2022 12:15 pm · ৰিদীপ শৰ্মা, কলিয়াবৰ
ফটো: নৰ্থইষ্ট নাও।

তিনিদিনীয়া ভ্ৰমণসূচীলৈ অসমলৈ অহা দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিব। ইয়াৰ বাবে কলিয়াবৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা তোলা হৈছে।

আজি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কাজিৰঙা হৈ গধুৰ যান-বাহনসমূহৰ লগতে যাত্ৰীবাহী বাছসমূহ যাবলৈ দিয়া হোৱা নাই। তাৰ পৰিৱৰ্তে উজনিমুৱা বাছসমূহক লখিমপুৰ হৈ যাবলৈ দিয়া হৈছে।  

ইয়াৰ ফলত বাছ যাত্ৰী তথা চালক হেণ্ডিমেনসকল শলঠেকত পৰিছে। আগতীয়াকৈ কোনোধৰণৰ নিৰ্দেশনা নিদিয়াৰ বাবেই তেওঁলোক এইদৰে বিপদত পৰিবলগীয়া হৈছে।

লগতে পঢ়ক: ইউক্ৰেনত আৱদ্ধ লাহদৈগড়ৰ অলিভিয়া ৰাজমেধিৰ মাতৃৰ আহ্বান: চৰকাৰে সকলোকে নিৰাপদে অনাৰ ব্যৱস্থা কৰক

ৰাষ্ট্ৰপতিৰ আগমনৰ বাবে গধুৰ যান-বাহনসমূহ দীঘলীয়া সময়লৈ পথৰ দুয়োকাষে ৰখাই থোৱাত এতিয়া ৰাইজে দুৰ্ভোগ ভুগিছে।

আজি ৰাষ্ট্ৰপতি কোৱিন্দে তেজপুৰ বিশ্ববিদ্যালয়ৰ ঊনবিংশতিতম সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু তাৰ পিছতে তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব।

উল্লেখ্য যে শুকুৰবাৰে বিয়লি ৫.৪৫ বজাত শংকৰদেৱ কলাক্ষেত্ৰত জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষ্যে আয়োজিত সভাত ৰাষ্ট্ৰপতিগৰাকী উপস্থিত থাকে।

লগতে পঢ়ক: দেশৰক্ষাৰ পণ লৈ কীয়েভৰ ৰাজপথত নামিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি!

উক্ত সভাতেই তেওঁ অনলাইন মাধ্যমেৰে যোৰহাটৰ টীয়কৰ ঐতিহাসিক লাচিত বৰফুকনৰ মৈদাম প্ৰাংগণত ৫০ বিঘা ভূমিত নিৰ্মাণ হোৱা লাচিত বৰফুকন মৈদাম উন্নয়ন প্ৰকল্পৰ শুভ উদ্বোধন কৰে

আনহাতে, তিনিদিনীয়া ভ্ৰমণসূচী সামৰি ৰাষ্ট্ৰপতি কোৱিন্দ ২৭ ফেব্ৰুৱাৰী, দেওবাৰে নতুন দিল্লীলৈ ৰাওনা হ’ব।

Related News