• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আলফাৰ সৈতে চুক্তি হ’বনে? চেতিয়াৰ মতে ভাৰত চৰকাৰৰ ওপৰত কৰিছে ‘নিৰ্ভৰ’

আলফাৰ দাবী চনদৰ তিনিওটা প্ৰধান বিষয়তে বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কে প্ৰশ্নবোধক চিন অনাৰ ফলত চেতিয়াৰ এই মন্তব্য তাৎপৰ্য্যপূৰ্ণৰূপে পৰিগণিত হৈছে।

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 30, 2018 10:09 pm

2 min read

anup chetia ulfa

অনুপ চেতিয়া। ছবি- ফে’চবুকৰ।

376
VIEWS
Share on FacebookShare on Twitter

বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কে ভাৰত-আলফা শান্তি আলোচনাৰ ‘আধাৰ’টোকে অগ্ৰাহ্য কৰা বুলি চৰ্চিত হৈ থকাৰ সময়তে চুক্তি স্বাক্ষৰৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ ওপৰত ‘নিৰ্ভৰ’ কৰিছে বুলি মঙলবাৰে মন্তব্য কৰিছে অনুপ চেতিয়াই।

“আলোচনা চূড়ান্ত পৰ্য্যায়ৰ দিশে আগবাঢ়িছে। এতিয়া চুক্তি স্বাক্ষৰিত হোৱাটো কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিছে,” শান্তিৰ বল ভাৰত চৰকাৰলৈ ঠেলি নতুন দিল্লীত সাংবাদিকৰ আগত এই মন্তব্য আলফা নেতাজনৰ।

আলফাৰ দাবী চনদৰ তিনিটা প্ৰধান বিষয়তে বিজেপি উত্থাপিত বিধেয়কখনে প্ৰশ্নবোধক চিন অনাৰ ফলত চেতিয়াৰ এই মন্তব্য তাৎপৰ্য্যপূৰ্ণৰূপে পৰিগণিত হৈছে। ভাৰতীয় সংবিধানৰ আধাৰত অসমলৈ অধিক আত্ম নিয়ন্ত্ৰণৰ অধিকাৰ, অসম চুক্তিৰ আধাৰত বিদেশী বহিষ্কাৰ কৰা আৰু অসমত দ্বি নাগৰিকত্বৰ ব্যৱস্থা কৰা– এইকেইটা আলফাৰ দাবী চনদৰ প্ৰধান বিষয়।

আলফাৰ ‘সকলো দাবী যুক্তিপূৰ্ণ’ আৰু আলোচনা ‘চূড়ান্ত স্তৰ’ত থকা আলফাৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই যোৱা ৭ এপ্ৰিলত গুৱাহাটীত মন্তব্য কৰিছিল কেন্দ্ৰীয় গৃ্হ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে।

কিন্তু বৰ্তমান ৰাজ্য আৰু কেন্দ্ৰত শাসনাধীন বিজেপি চৰকাৰ বিধেয়কক লৈ ‘প্ৰতিশ্ৰুতিবদ্ধ’ হোৱাৰ বিপৰীতে আলফা নেতা অনুপ চেতিয়া, মৃণাল হাজৰিকা নেতৃত্বাধীন খিলঞ্জীয়া মঞ্চ বিদেশীক নাগৰিকত্ব প্ৰদানৰ ঘোৰ বিৰোধী। তেওঁলোকে ৰাজ্যজুৰি বিষয়টোক লৈ গণ আন্দোলনত আগভাগ লৈ আহিছে।

আলোচনাত পৰেশ বৰুৱাৰ ‘অংশগ্ৰহণ’ক লৈ অনুপ চেতিয়াই কয়, “তেওঁৰ সংগঠন বেলেগ। গতিকে তেওঁ আলোচনাত ভাগ লোৱা নোলোৱাটো ইয়াত বিষয় নহয়।”

শান্তি আলোচনাৰ মঙলবাৰৰ বৈঠকত ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী এ বি মাথুৰ, অসম চৰকাৰৰ প্ৰতিনিধি ৰাজ্যৰ আৰক্ষীৰ বিশেষ শাখাৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্য আৰু আলফাৰ অনুপ চেতিয়া, শশ চৌধুৰী, চিত্ৰবন হাজৰিকা আৰু ৰাজু বৰুৱাই অংশগ্ৰহণ কৰে।

Recent News

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd