• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছয় জনগোষ্ঠীকে ধৰি কোনো অসমীয়াই বিজেপিৰ জালত ভৰি নিদিয়াত চিন্তিত শীৰ্ষ নেতৃত্ব

এন ই নাও নিউজ by এন ই নাও নিউজ
January 13, 2019 12:43 pm
Cyclone Amphan: PM Modi to visit affected areas in WB, Odisha

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফাইল ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনজাতিকৰণ বিচাৰি থকা ছয় জনগোষ্ঠীকে ধৰি কোনো অসমীয়াই মোদী তথা বিজেপিৰ জালত ভৰি নিদিয়াত চিন্তিত হৈ পৰিছে দলটোৰ শীৰ্ষ নেতৃত্ব। গোপন সূত্ৰৰ খবৰ মতে লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্য্যকৰীকৰণৰ ‘তৎপৰতা’ দেখুৱাই অসমীয়াৰ স্বাৰ্থ ৰক্ষকৰ যি ভাও দেখুৱাব খুজিছিল সেয়া সম্পূৰ্ণ ব্যৰ্থ হোৱাত দলটোৰ নিৰ্বাচনী অংকত আউল লাগিছে।

ইপিনে যোৱা প্ৰায় ৫ বছৰ সম্পূৰ্ণ ভেকো-ভাওনাৰে আভুৱা ভাঁৰি থকাৰ পিছত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণ দাবী কৰি থকা ৬ জনগোষ্ঠীৰ দল-সংগঠনৰ নেতৃবৃন্দক যি নতুন টোপ আগ বঢ়াইছিল, তাৰ প্ৰতিও নেতৃবৃন্দই কোনো সঁহাৰি নিদিয়াত হতাশ হৈছে দলটোৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্ব।

Apply Now

ইয়াৰ মাজতে অসমৰ বিজেপি মন্ত্ৰী হিমন্তই ৰাইজক এইকেইটা কামৰ জৰিয়তে মোদীয়ে অসমক ‘মহান উপহাৰ দিলে’ ধৰণৰ প্ৰচাৰ কৰি নিজকে হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে অসমৰ জনগণৰ দৃষ্টিত। অথচ আজি সকলো অসমীয়াই দেখিলে যে অসম চুক্তিৰ বাবে ততাতৈয়াকৈ বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে এখন কমিটী ঘোষণা কৰিছিল যদিও সেয়া বাস্তৱতে ধোঁৱাৰ লগত মিলি গ’ল। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা মনোনীত আছুৰ প্ৰতিনিধি, সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং, নগেন শইকীয়া, ধীৰেন্দ্ৰ নাথ বেজবৰুৱাই কমিটীখনত নাথাকো বুলি পোনচাতেই নাকচ কৰি দিয়াৰ পিছত ইয়াৰ অধ্যক্ষ হিচাপে মনোনীত কৰা মদন প্ৰসাদ বেজবৰুৱায়ো পদত্যাগ কৰাত, কমিটীখনৰে অস্তিত্ব নোহোৱা হয়।

আনহাতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে দৰাচলতে একোৱেই কাম আগ বঢ়া নাই। জনজাতিৰ বাবে থকা ৰাষ্ট্ৰীয় আয়োগ (National Commission for Scheduled Tribes)ৰ অনুমোদনৰ ভিত্তিত কেন্দ্ৰীয় কেবিনেটে ছয় জনগোষ্ঠীৰ জনজাতিকৰণত অনুমোদন দিলেও সেয়া যথেষ্টতো নহয়ে, একোৱেই নহয়। এয়া মাথো এটা প্ৰস্তাৱ আৰু সমৰ্থনহে। ইয়াৰ বাবে যোৱা ৯ জানুৱাৰিত ৰাজ্যসভাত বিধেয়ক উত্থাপন কৰা হৈছিল যদিও সেয়া কিমান বাস্তৱিক সন্দেহ আছে। কাৰণ বিধেয়ক উত্থাপন কৰিও ১২ জানুৱাৰিত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে অসমৰ মুখ্য মন্ত্ৰী, বিত্ত মন্ত্ৰী আৰু বি পি এফৰ শীৰ্ষ নেতা হাগ্ৰামা আৰু সাংসদ বিশ্বজিত দৈমাৰী, বিপিএফৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ বৈঠকত এইটোহ সিদ্ধান্ত কৰা হ’ল যে অসমৰ একাংশ মন্ত্ৰীক লৈ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালিজাৰি চাবলৈ এখন উচ্চ স্তৰীয় কমিটী গঠন কৰা হ’ব। বিভিন্ন দিশ চালিজাৰি চোৱাৰ বাবে কমিটী গঠন কৰিবলৈ বাকী আছে যদি বিধেয়ক কেনেকৈ উত্থাপন কৰিলে বুলি প্ৰশ্নৰ তুলিছে বিভিন্ন পক্ষই।

মন কৰিব লগীয়া যে ২০১৪ চনৰ বিগত লোকসভাৰ নিৰ্বাচনৰ প্ৰচাৰসভাত মোদীয়ে কেন্দ্ৰত বিজেপি শাসনলৈ অহাৰ ছমাহৰ ভিতৰত জনগোষ্ঠীকেইটাৰ জনজাতিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল।

আনহাতে নিৰ্বাচন আহিলেই বিভিন্ন দাবীত আন্দোলন চলাই থকাসকলৰ বাবে কমিটী গঠন কৰি তেওঁলোকৰ পৰা সমৰ্থন আদায় কৰাটো বিজেপিৰ এটা পৰিচিত নিৰ্বাচনী কৌশল হৈ পৰা দেখা যায়। যোৱা ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ সময়তো সুকীয়া তিপৰা ৰাজ্য দাবী কৰি থকা ইণ্ডেজেনাছ পীপলছ ফ্ৰণ্ট অব ত্ৰিপুৰাৰ লগত কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰি এখন উচ্চস্তৰীয় কমিটী গঠন কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

কিন্তু বিজেপিৰ এই কৌশল সম্পৰ্কে শেহতীয়াকৈ সজাগ হৈ পৰিছে জনগণ। “বিধেয়ক আনিলেই নহ’ব, বিধেয়কখন আইনত পৰিণত নোহোৱালৈকে ক্ষান্ত নাথাকো” বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে ৬ জনগোষ্ঠীৰ প্ৰতিনিধি দল-সংগঠনবোৰে।

আনপিনে ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্য্যাদা দিলে ৰাজ্যত দলটোৱে চৰকাৰ চলাই থকাৰ একমাত্ৰ ভৰসা বি পি এফৰ ৰোষত পৰাৰ সম্ভাৱনাই দেখা দিছে। গতিকে উভয় সংকটে চিন্তাত পেলাইছে দলৰ নেতৃত্বত। কাৰণ ইতিমধ্যে অগপই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ প্ৰতিবাদত মিত্ৰতা ত্যাগ কৰি এখোজ সংকটলৈ ঠেলিয়েই থৈছে দলটোক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd