• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়, গুৱাহাটীত কৃত্ৰিম বানপানী নাইকিয়া হ’ৱ কেতিয়া?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 22, 2020 5:58 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃত্ৰিম বানত বুৰ গ’ল মহানগৰীৰ হাতীগাঁও, ডাউন টাউন, ৰুক্মিনীগাঁও, চুপাৰমাৰ্কেট, জু-ৰোড, চান্দমাৰী, অনিলনগৰ নবীননগৰকে ধৰি বহু অঞ্চল।

বাৰিষাৰ কৃত্ৰিম বানপানীয়ে জুৰুলা কৰা মহানগৰ গুৱাহাটীৰ আজিৰ দিনটোৰ অৱস্থা তেনেই তথৈবছ। কৃত্ৰিম বানত জীয়াতু ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে।

Apply Now

কিন্তু এনে অৱস্থাৰ মাজতো বিজেপিৰ প্ৰতাপী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দাবী ‘সোণোৱাল চৰকাৰৰ দিনত গুৱাহাটীৰ পৰা নোহোৱা হ’ল কৃত্ৰিম বানপানী।‘

যোৱা ২৪ আগষ্টত মন্ত্ৰীগৰাকীয়ে ৰ’পৱে সেৱা মুকলি কৰি ভাষণ প্ৰসংগত কি কৈছিল সেয়া উল্লেখ কৰিব বিচাৰিছো।

তেওঁ কৈছিল ‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰ অহাৰ পাছৰে পৰা GMDA ই কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিবলৈ সক্ষম হৈছিল। জু-ৰোডৰ পানী ড্ৰাইভাৰ্ট কৰিবলৈ সক্ষম হৈছিলো। গুৱাহাটীত যদি কৃত্ৰিম বানপানী নহয় তাৰ আঁৰত সেই প্ৰকল্পৰ সফলতা লুকাই আছে। যোৱা ২০-৩০ টা দশকৰ সফলতাৰ ভিতৰত আছিল গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ নিৰাময়। আজি বম্বে আৰু দিল্লীয়েও যাৰ পৰা বাচিব পৰা নাই আমি মহানগৰখনক যোৱা তিনিটাবছৰ দুঃচিন্তাৰ পৰা অতৰাই ৰাখিব পাৰিছো।‘

এতিয়া মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিব বিচাৰিছো ‘মন্ত্ৰী মহোদয় গুৱাহাটীত কেতিয়াৰ পৰা নোহোৱা হ’ল কৃত্ৰিম বানপানী?’

আমি প্ৰশ্নটো গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীকো কৰিলোহেঁতেন যদি তেওঁ এইদৰে ক’লেহেঁতেন।

আজিৰ দিনটোতে উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পানীত বুৰ গ’ল। বিদ্যালয়খনৰ শ্ৰেণীকোঠাৰ ভিতৰত পানী সোমোৱাৰ লগতে আগফালৰ চোতালতো একঁকাল পৰ্য্যন্ত পানী হয়। যাৰ ফলত বিদ্যালয়খনত কোভিড আতংকৰ মাজতো পাঠগ্ৰহণ কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকল হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয়। কৃত্ৰিম বানত বুৰ যোৱাৰ বাবেই আজিৰ দিনটোত পাঠদান বাতিল কৰিবলগীয়া হয় বিদ্যালয়খনৰ।

ইপিনে, মন্ত্ৰী গৰাকীয়ে কিছুদিন পূৰ্বে কৰা এই দাম্ভিক মন্তব্যৰ পাছতো মহানগৰীৰ সঁচা জীয়া ছবিখন প্ৰকাশ পোৱাৰ পাছত তেওঁক লৈ ক্ষোভ উজাৰিছে সচেতন মহানগৰবাসীয়ে।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত অনিলনগৰ নিবাসী প্ৰশান্ত বৰ্মণে কয় ‘পৰিৱৰ্তনৰ চৰকাৰ আনিছিলো বহু আশা কৰি। আমি আশা কৰিছিলো কৃত্ৰিম বানপানী নোহোৱা হ’ব, খোৱা পানীৰ সমস্যা নাইকিয়া হ’ব। তেওঁলোকে নিৰ্বাচনৰ পূৰ্বে দিয়া ইচ্ছুসমূহ এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। তেওঁলোকে কৰিব কেতিয়া? সময় নাই, তেওঁলোকৰ হাতত মাথো ছয়মাহ সময় আছে।‘

‘ফটাঢোল কোবাই কোবাই চৰকাৰখন যাবলৈ হ’ল। এজাক বৰষুণতে অনিল নগৰ, নবীন নগৰেই নহয় সমগ্ৰ গুৱাহাটীত বানপানী হয়। তেওঁলোকে পাৰিলে এই সমস্যা সমাধান কৰক নহ’লে হাত দাঙি দিয়ক। বাৰিষাৰ দিনকেইটা গুৱাহাটীত থকাৰ বাসোপযোগী নহয়।‘ বৰ্মণে এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd