সেউজীয়া দীপাৱলী সেউজীয়া পৰিৱেশ। তাৰেই যেন এক পৰিবেশ দেখা গ’ল মহানগৰ গুৱাহাটীত।
সেউজ ন্যায়াধীকৰণ আৰু ৰাজ্য চৰকাৰে আতচবাজিৰ ক্ষেত্ৰত নিষেধাজ্ঞা অনাৰ বিপৰীতে দীপাৱলীত ফটকা ফুটাই হিন্দু ধৰ্মাৱলম্বী লোকসকলক আনন্দ-উল্লাস কৰিবলৈ আহ্বান জনাইছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
যোৱা ১০ নৱেম্বৰৰ দিনা তেওঁ এক টুইটযোগে কৈছিল ‘অন্য ধৰ্মৰ দৰে হিন্দু ধৰ্মাৱলম্বী লোকৰো উৎসৱ উদযাপন কৰাৰ অধিকাৰ আছে। কোভিড পৰিস্থিতি উন্নত হোৱাৰ বাবে আমি দীপাৱলী উদযাপনত কোনোধৰণৰ নিষেধাজ্ঞা বা বাধ্যবাধকতা ৰাখিব বিচৰা নাই। সকলোৱে ফটকাও ব্যৱহাৰ কৰিব পাৰিব।‘
কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে এইবাৰ কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিদিলে ফটকা বিক্ৰীৰ কোনোধৰণৰ অনুমতি।
সেয়েহে হিমন্তৰ আহ্বানৰ প্ৰতি আওকান কৰি কেৱল ৰঙ-বিৰঙী লাইট জ্বলাই মাটিৰ চাকি জ্বলাই আৰু ৰঙ্গুলী আঁকি মহানগৰবাসীয়ে দীপাৱলী উদযাপন কৰা পৰিলক্ষিত হ’ল মহানগৰীৰ গুৱাহাটীত।
বাৰু যি কি নহওঁক, গ্ৰীণ দীপাৱলী উদযাপন কৰি মহানগৰ গুৱাহাটীৰ বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ প্ৰয়াস চলোৱা মহানগৰবাসীৰ এই পদক্ষেপ নিশ্চয়কৈ শলাগ ল’বলগীয়া।
লগতে পঢ়ক : নিষেধাজ্ঞাৰ বিপৰীতে দিপাৱলীত ফটকা ফুটাই আনন্দ-উল্লাস কৰিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
উল্লেখযোগ্য যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ১০ নৱেম্বৰত টুইট কৰাৰ কিছু সময় পূৰ্বেই অসম চৰকাৰে দীপাৱলীৰ সময়ত ৰাজ্যত ফটকা নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
দীপাৱলীৰ সময়ত ফটকা ব্যৱহাৰ নকৰিবৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে দিয়া নিৰ্দেশ পালন কৰি অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল।
ইয়াৰোপৰি, কোভিডৰ সংক্ৰমণৰ সময়ত প্ৰদূষণ সৃষ্টি নকৰাৰ উদ্দেশ্যে অসম চৰকাৰে গুৱাহাটীত ৩০ নৱেম্বৰ পৰ্যন্ত ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰত বাধা আৰোপ কৰিছিল।
লগতে অসম চৰকাৰে ৰাজ্যখনৰ নাগৰিকসকলক দীপাৱলীৰ দিনটোত ৮ বজাৰ পৰা ১০ বজালৈ প্ৰদূষণ সৃষ্টি নকৰা ফুলজাৰি ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনাইছিল।
এই নিৰ্দেশনাৰ পাছত মন্ত্ৰীগৰাকীয়ে বিপৰীত স্থিতি গ্ৰহণ কৰি সকলোকে ফটকা ফুটাই আনন্দ উল্লাস কৰিবলৈ আহ্বান জনোৱাটোৱেই সকলোকে আশ্চৰ্য্য কৰি তুলিছিল।