DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম-মেঘালয় সীমান্তৰ হুদাকোনা-মংৰেত ৰাইজে গাঁঠিৰ ধনেৰে সাজিলে দলং; প্ৰত্যুত্তৰ দিব পঞ্চায়ত নিৰ্বাচনত

নীলমণি শৰ্মা by নীলমণি শৰ্মা
November 21, 2018 7:32 am
IMG_20181115_114731

ফটো : নৰ্থ-ইষ্ট নাও

403
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচন সমাগত ৷ দ্বিতীয় পৰ্যায়ত গোৱালপাৰা জিলাত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত এইবাৰ গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৱৰ্ত্তী ৰাইজে দিব যোগ্য প্ৰত্যুত্তৰ। চৰকাৰ আৰু জনপ্ৰতিনিধিৰ প্ৰতাৰণা তথা মিছা প্ৰতিশ্ৰুতিৰ বাবেই অসম-মেঘালয় সীমান্তৰ হুদাকোনা আৰু মংৰে গাঁৱৰ ৰাইজে লৈছে এনে সিদ্ধান্ত।

উল্লেখ্য যে হুদাকোনা আৰু মংৰে অঞ্চলত এখন দলঙৰ বাবে অঞ্চলবাসীয়ে বাৰম্বাৰ চৰকাৰ প্ৰশাসনক কৈ আহিছে যদিও কাৰ্যতঃ আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। সেয়ে অঞ্চলটোৰ গাৰো-ৰাভা ৰাইজে মিলি প্ৰতিটো বছৰত দুবাৰ কৈ মেৰামতি কৰিব লগা হয় অঞ্চলটোৰ একমাত্ৰ দলংখন৷

চৰকাৰ, মন্ত্ৰী, বিধায়ক তথা প্ৰশাসন থকাৰ পিছতো বিগত ৭০ বছৰৰো অধিক সময় অঞ্চলবাসীয়ে এক নৰক যন্ত্ৰনাৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। এখন পকী দলঙৰ বাবে বহু আবেদন নিবেদন কৰিলে যদিও আজিলৈ দলং নহ’ল।

মেছেলখোৱা আৰু বদাহপুৰ এই দুখন পঞ্চায়তৰ প্ৰায় ৪/৫ হাজাৰ লোকে মৰণফাণ্ড ৰূপী দলংখনেৰে অহা যোৱা কৰে। চৰকাৰ প্ৰশাসনৰ অমনোযোগিতাৰ বাবেই প্ৰতিবছৰে ৰাইজে নিজৰ ব্যৱস্থা নিজেই কৰি আহিবলগীয়া হৈছে। দান বৰঙনি সংগ্ৰহ কৰি বছৰে বছৰে মেৰামতি কৰি আহিছে দলং।

বিগত দিনবোৰত মন্ত্ৰী, বিধায়কে বহু প্ৰতিশ্ৰুতি দিয়াৰ পাছতো কোনো সুফল লাভ নকৰিলে সেয়ে ৰাইজে এতিয়া আৰু মিছা প্ৰতিশ্ৰুতিৰ বোজা বহন নকৰে বুলি উল্লেখ কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত এইসকল জনপ্ৰতিনিধিক এসেকা দিয়াৰ পণ লৈছে অঞ্চলবাসীয়ে।

Recent News

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd