• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰ চহৰত ৰন্ধন গেছ বুকিঙৰ নামত গ্ৰাহকৰ হাৰাশাস্তি; একাংশ দালালৰ বিৰুদ্ধে অভিযোগ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
April 21, 2020 7:51 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বব্যাপী বিভীষিকাৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা জনগনক ৰক্ষা কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা ল’কডাউনত জনগণৰ সুবিধাৰ্থে গ্ৰাহক ৰাইজে ৰন্ধন গেচ ঘৰতে বহি হোৱাটছ‌এপৰ জৰিয়তে বুকিং কৰিব পাৰিব বুলি চৰকাৰে ঘোষণা কৰাৰ লগতে স্থানীয় এজেঞ্চীৰ জৰিয়তেও গেচ বুকিং অব্যাহত থকা বুলি গ্ৰাহক ৰাইজে জানিব পাৰিছিল।

লক্ষণীয়ভাৱে, ল’কডাউনৰ বাবে ঘৰতে আৱদ্ধ গ্ৰাহক ৰাইজে ৰন্ধন গেচ বুকিঙৰ নামত নগুৰ-নাকতি খাবলগীয়া হৈছে। আই ও চিৰ  তৰফৰ পৰা ৭৫৮৮৮৮৮৮২৪ নম্বৰত ৰন্ধন গেচ গ্ৰাহক সকলক নিজৰ পঞ্জীয়নভূক্ত মোবাইল নম্বৰৰ জৰিয়তে কেৱল ৰিফিল ( REFILL ) লিখি  ৱাটছ‌এপ কৰিব লাগে বুলি নিৰ্দেশনা জাৰি কৰিছিল।

Apply Now

কিন্তু একাংশ গ্ৰাহকৰ বাবে এয়া আকাশত চাং পতা কথা হিচাপে বিবেচিত হৈছে কাৰণ দহ-এঘাৰ বাৰ হোৱাটছ‌এপত ৰিফিল বুলি বাৰ্তা প্ৰেৰণ কৰাৰ পিছতো গেছ বুকিং নহয়। তাৰ পৰিৱৰ্তে আপোনাৰ তথ্য মিলা নাই, আপোনাৰ বুকিং হোৱা নাই ওচৰৰ ডিলাৰৰ লগত যোগাযোগ কৰক ইত্যাদি বিভিন্ন উত্তৰ আহে।

তাৎপৰ্যপূৰ্ণ কথা এয়ে যে, অসংখ্য গেছ গ্ৰাহকৰ হোৱাটছ‌এপ একাউণ্ট খুলিবলৈ স্মাৰ্ট ফোন নায়। তেনেস্থলত একাংশ গ্ৰাহকৰ বাবে ৱাটছ‌এপৰ জৰিয়তে গেছ বুকিং কৰাটো অসম্ভৱ হৈ পৰিছে।

আনহাতে, কোকৰাঝাৰ চহৰত অৱস্থিত কোকৰাঝাৰ কো-অপাৰেটিভ ইণ্ডেন নামৰ গেছ এজেঞ্চি টোত  ৰন্ধন গেছৰ গ্ৰাহকৰ সুবিধাৰ্থে গেছ বুকিংৰ বাবে ০৩৬৬১২৭০৬২৭ আৰু আন বিষয়ক তথ্য পাবলৈ ০৩৬৬১২৭০২০৪ নম্বৰ দুটা এজেঞ্চিৰ টোত ফালৰ পৰা দিয়া হৈছে যদিও ৰহস্যজনক ভাৱে উক্ত নম্বৰ দুটাৰ সৈতে কোনো গ্ৰাহক ৰাইজে যোগাযোগ স্থাপন কৰিব পৰা নায়।

তাৰোপৰি, স্বাভাৱিক সময়ত উক্ত গেছ এজেঞ্চীটোত গেছ বিতৰণক লৈ এনে এক পৰিস্থিতিৰ উদ্ভৱ হয় যে সাধাৰণ ভদ্ৰ মহিলা বা পুৰুষ গ্ৰাহকে গৈ গেছৰ কুপন কাটিব নোৱাৰে।

কাৰ্যালটোৰ একাংশ কৰ্মচাৰীৰ সৈতে গোপন বুজাবুজি থকা একাংশ মহিলা দালালে এজেঞ্চিটোৰ সন্মুখত ৰাতিপুৱা চাৰি/পাঁচ বজাৰ পৰা শাৰী পাতি এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰে যে মহিলাৰ মাজত চুলিয়াচুলি-মাৰপিট, উচ্চ স্বৰত তৰ্ক-বিতৰ্কৰে উক্ত ঠাইডোখৰ প্ৰায়ে উওপ্ত হৈ থকাটো কোকৰাঝাৰ বাসীৰ বাবে লজ্জাজনক হৈ পৰিছে।

এইক্ষেত্ৰত বিভিন্ন মহলে অভিযোগ কৰা মতে, মহিলা দালাল সকলে গেছৰ কূপন কাটি দিয়াৰ বিনিময়ত গ্ৰাহকৰ পৰা দুশ টকাৰ পৰা তিনিশ টকা পৰ্যন্ত আদায় লয়।

গ্ৰাহক সকলে গেছ পাবলৈ উক্ত দালালসকলৰ আশ্ৰয় নিবিচাৰিলে ৰন্ধন গেচৰ চিলিণ্ডাৰ লাভ কৰাৰ অন্য বিকল্প নোহোৱা হৈ পৰে।

সেয়ে, শীঘ্ৰে গ্ৰাহক ৰাইজে উৰ্দ্ধতন কৰ্তৃপক্ষক আৰু জিলা উপায়ুক্তক এজেঞ্চিটোৰ বিৰুদ্ধে উত্থাপন হোৱা উক্ত অভিযোগ বোৰৰ উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd