• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শাস্তি পাবনে দোষীয়ে? কোলাৰ কেঁচুৱা হেৰুৱাই আজিও উচুপিছে চেমখৰৰ নৱজাতকৰ পিতৃ-মাতৃয়ে!

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
September 30, 2022 7:36 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৱল দুৰ্ভাগ্যজনকেই নহয়, কেৱল দুখ লগা ঘটনাই নহয়, ই ধিক্কাৰজনক! ই গৰিহণাৰ পাত্ৰ! এহাল দুৰ্ভগীয়া পিতৃ-মাতৃয়ে চেমখৰ গাঁওত আজিও নীৰৱে বিনাইছে বা উচুপিছে। তেওঁলোকৰ কাষত আজি কোনো নাই।

মন্ত্ৰী পিযুষ হাজৰিকাৰ পত্নী তথা চেমখৰ ছবিখনৰ পৰিচালক প্ৰযোজক আইমী বৰুৱাৰ এটি দৃশ্য আপোনালোকে হয়তো নিশ্চয় দেখিছে। যি দৃশ্যত মূল নায়িকা আইমী বৰুৱাৰ কোলাত দেখা গৈছিল এটি দুমহীয়া কেঁচুৱা। ছবিখনৰ দৃশ্যগ্ৰহণ হৈছিল ২০২০ চনত। দৃশ্যটোত জুৰিৰ পানীৰ সৈতে দেখিবলৈ পোৱা গৈছিল আইমী বৰুৱা আৰু তেওঁৰ কোলাত দেখা গৈছিল দুমহীয়া শিশু ক্লেৰিয়ানক।

ক্লেৰিয়ানৰ ঘৰ দিয়ুঙব্ৰাত। অঞ্চলটোৰ কোনো এখন নদীৰ পাৰত দুমহীয়া শিশুটিৰ সৈতে প্ৰায় এঘন্টা সময় দৃশ্যগ্ৰহণ কৰিছিল আইমী বৰুৱাই। উদং গাৰে আছিল ২ মহীয়া শিশুটি। গাত আছিল পাতল এখন বগা কাপোৰ।  ২০২০ চনৰ দূৰ্গাপুজাৰ সময়ৰে কথা আছিল সেয়া। আছিল আংশিক লকডাউন আৰু তাৰ মাজতে চলি আছিল আইমী বৰুৱাৰ চেমখৰৰ দৃশ্যগ্ৰহণ।

Apply Now

লগতে পঢ়ক: ভুৱা এনকাউণ্টাৰ গোচৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ত বিতং শপতনামা দাখিলত পুনৰ ব্যৰ্থ অসম চৰকাৰ

আইমী বৰুৱাৰ সৈতে দৃশ্যগ্ৰহণৰ পাছদিনা পুৱাৰ পৰা জ্বৰ-চৰ্দি আৰম্ভ হ’ল শিশুটিৰ। শিশুটিৰ পিতৃ-মাতৃয়ে এই কথা স্পষ্টকৈ উল্লেখ কৰে ডিমা হাচাও অট’নমাছ কাউন্সিলৰ সদস্য ডেনিয়েল লাংথাছাই সংগ্ৰহ কৰা এটা সাক্ষাৎকাৰত। সাক্ষাৎকাৰত পিতৃয়ে উল্লেখ কৰা অনুসৰি সেইদিনা নিশাই এক –ডেৰ বজাৰ ভিতৰত মৃত্যু ঘটে কনমাণি শিশুটিৰ। ডেনিয়েল লাংথাচাই ফেচবুক পেইজত আপলোড কৰা সেই বিশেষ সাক্ষাৎকাৰত ক্লেৰিয়ানৰ পিতৃ-মাতৃয়ে সকলো কৈছিল।

সঁচাকৈ, অতি হৃদয় বিদাৰক ঘটনা। কিন্তু গুৰুত্বপূৰ্ণ তথা তাতোকৈ দুখলগা কথাটো হৈছে যে, যিটো শিশুক চেমখৰৰ দৃশ্যগ্ৰহণৰ সময়ত আইমী বৰুৱাই ব্যৱহাৰ কৰিছিল সেই শিশুটিৰ মৃত্যুৰ পাছতো বৰ্তমানলৈকে দুৰ্ভগীয়া পিতৃ-মাতৃৰ কাষত উপস্থিত নহ’ল আইমী বৰুৱা। 

সেয়েহে এতিয়া চেমখৰ ছবি নিষিদ্ধ ঘোষণা কৰাৰ উপৰি কেঁচুৱা ক্লেৰিয়ানৰ মৃত্যুৰ ন্যায় বিচৰাৰ উপৰি ক্ষতিপূৰণৰ দাবী জনালে ডেনিয়াল লাংথাচাই। তেওঁ হাফলঙত সংবাদ মাধ্যমৰ আগত সকলো কথা সদৰী কৰিছে।

লগতে পঢ়ক:চেমখৰ বিতৰ্কই জোকাৰিছে ৰাজ্য: আইমী বৰুৱাৰ বিৰুদ্ধে সমগ্ৰ ডিমাছা জনজাতিক অপমানৰ অভিযোগ

ইপিনে, এই শিশুটিৰ মৃত্যুকেন্দ্ৰিক উত্থাপিত কেতবোৰ বিতৰ্কৰ পাছতে আমি টেলিফোনযোগে যোগাযোগ কৰিছিলো চেমখৰৰ পৰিচালক আইমী বৰুৱাক। তেওঁক সোধা হৈছিল ক্লেৰিয়ানৰ মৃত্যুৰ প্ৰসংগ। কিন্তু তেওঁৰ পৰা সঠিক উত্তৰ আমি নাপালো।

আইমী বৰুৱাক কৰা প্ৰশ্নৰ উত্তৰ আইমী বৰুৱাই দিয়া নাই কিয়? এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ আইমী বৰুৱাই ভয় কৰিছে নেকি? পলয়ানবাদী মনোভাৱ লৈছে নেকি আইমী বৰুৱাই? নে শংকিত হৈ এই অভিযোগৰ কোনো উত্তৰ দিয়া নাই পৰিচালকগৰাকীয়ে?

আনহাতে, বৃহস্পতিবাৰে পুৱাৰ ভাগত হাফলঙত তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। হাতে হাতে প্লেকাৰ্ড লৈ ৰাজপথত সহস্ৰাধিক যুৱক-যুৱতী, পুৰুষ-মহিলা ওলাই আহে। কাৰণ তাত আইমী বৰুৱাৰ চেমখৰ ছবিত চেমখৰ এক আদিম গাঁও হিচাপে দেখুওৱা হৈছে। ডিমাচাসকলক বিশ্বৰ সন্মুখত ভুলকৈ প্ৰতিষ্ঠা কৰা বাবে পৰিচালক আইমী বৰুৱাক জবাবদিহি কৰাৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে।

লগতে পঢ়ক: ‘ভুৱা চাকৰিৰ প্ৰতিশ্ৰুতিৰে ডাঙৰ চহৰলৈ প্ৰলোভিত কৰি আনি পতিতাবৃত্তিত ঠেলি দিয়া হয় উত্তৰ-পূবৰ যুৱতীক’

এই প্ৰতিবাদৰ মাজতে আইমী বৰুৱাৰ এক ফেচবুক পোষ্ট। পোষ্টটোত আইমী বৰুৱাই কয় “চেমখৰ” ছবিখন কিছু কাকত-গ্ৰন্থ- আলোচনী আৰু কিছু ব্যক্তিৰ পৰা লাভ কৰা তথ্যৰে ঠাইখনক জানিবলৈ আমি আধাৰ হিচাবে লৈ কাহিনী ভাগ আগবঢ়াই নিছোঁ যদিও, ইয়াৰ কাহিনী সকলো ফালৰ পৰাই সম্পূৰ্ণ কাল্পনিক। ছবি খনৰ জৰিয়তে আমি কেতিয়াও কাৰো আৱেগ-স্বাভিমানক আঘাত কৰিব বিচৰা নাই। কেৱল মাত্ৰ ঠাইখিনিৰ সৌন্দৰ্য, স্থানীয় ভাষা, সাজ-পাৰ আদিক সমাজৰ দৃষ্টি আৰ্কষণ কৰা প্ৰয়াস কৰিছিলোঁ । তথাপিও যদি কাৰোবাক কোনো ক্ষেত্ৰত আঘাত দিছোঁ তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী।

কিন্তু ছবিখনৰ মুক্তিৰ পূৰ্বে পৰিচালক আইমী বৰুৱাই সাংবাদিকৰ আগত চেমখৰক লৈ  কৈছিল ছেমচাসকলৰ মাজত চূড়ান্ত লিংগ বৈষম্য থকাই নহয় তেওঁলোকৰ মাজত বিভিন্ন বৰ্বৰ তথা জঘন্য লোকাচাৰো প্ৰচলিত আছে। কন্যা নৱজাতিকা সন্তানক হত্যা কৰা হয়। নাৰীক অকথ্য নিৰ্যাতন চলোৱা হয়। নাৰীক একমাত্ৰ প্ৰজনন যন্ত্ৰ হিচাপেহে ব্যৱহাৰ কৰে ছেমচাসকলে। তেওঁৰ মতে জনগোষ্ঠীটোৰ মানুহখিনিয়ে উন্নয়ন নিবিচাৰে। আনকি ছেমচাকসকলে মাজে মাজে পথ কাটি বিচ্ছিন্ন কৰি দিয়ে, স্কুল, চিকিৎসালয় লোকসকলে নিজে ধ্বংস কৰে, বুলি প্ৰকাশ কৰিছে। 

চেমখৰক লৈ ডিমা হাচাওত প্ৰতিবাদৰ জোৱাৰ উঠিছে। তাৰ পাছতে বাৰে বাংৰকা কথাৰে ক্ষমা খুজিছে পৰিচালক আইমী বৰুৱাই। কিন্তু এই প্ৰতিবাদ কিমান দিনলৈ? অসমৰ অন্য দল-সংগঠনে কৰা প্ৰতিবাদৰ নিচিনাকৈ আইমী বৰুৱাৰ চেমখৰৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ ৰহস্যজনকভাৱে কোনোবা ঠাইত গৈ নিস্তেজ হ’ব নেকি? তাৰ প্ৰতিও সকলোৱে চকু ৰাখিব।

লগতে পঢ়ক: মধ্যাহ্ন ভোজনত কেৱল নিমখ-ভাত; ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বৰ্খাস্ত অধ্যক্ষ

কিন্তু ন্যায় পাব নে ক্লেৰিয়ানে? ন্যায় পাব নে মৃত ক্লেৰিয়ানৰ দুৰ্ভগীয়া পিতৃ-মাতৃয়ে? সঁচাকৈয়ে যদি চেমখৰৰ দৃশ্যগ্ৰহণৰ পাছত জ্বৰ হৈ ক্লেৰিয়ানে মৃত্যুক আঁকোৱালি ল’লে তেন্তে ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবনে? নে আইমী বৰুৱাৰ ক্ষেত্ৰত আইন বেলেগ? সেয়াও ৰাইজে লক্ষ্য ৰাখিব।

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd