• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নলবাৰীত হিন্দুত্ববাদী গোটৰ সদস্যৰ তাণ্ডৱঃ বৰদিন উপলক্ষে সজোৱা পেট্ৰ’ল পাম্প ভাঙি লণ্ডভণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 29, 2023 7:09 pm
Petrol pump vandalized in Nalbari Christmas
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰদিন উদযাপনক কেন্দ্ৰ কৰি নলবাৰী জিলাত সংঘটিত হৈছে এক বিক্ষিপ্ত ঘটনা। জিলাখনৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত সত্ৰ অঞ্চলৰ বি পি চি এলৰ পেট্ৰল পাম্প ওহমা এনাৰ্জি ষ্টেচনত হিন্দুত্ববাদী গোটৰ কিছু সদস্যই চলায় উপদ্ৰৱ।

বৰদিনৰ উদযাপনৰ বাবে প্ৰতিষ্ঠাটো সজাই তোলাৰ বাবেই এই আক্ৰমণ সংঘটিত হয় বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি সন্ধিয়া প্ৰায় ৭:৩০ বজাত বহুকেইজন যুৱকৰ এটা দলে প্ৰতিষ্ঠানটোত প্ৰৱেশ কৰি বৰদিনৰ বাবে কৰা সাজ-সজ্জাক লৈ আপত্তি দাঙি ধৰে।

Apply Now

নিজকে হিন্দু সোঁপন্থী গোটৰ সদস্য বুলি পৰিচয় দিয়া যুৱককেইজনে বৰদিনৰ উদ্দেশ্যে প্ৰতিষ্ঠানটোত লগোৱা লাইট, বৰদিনৰ গছ আদি আঁতৰোৱাৰ দাবী জনায় বুলি পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীসকলে জানিবলৈ দিয়ে। যুৱককেইজনৰ এই দাবী মানিবলৈ অস্বীকাৰ কৰে কৰ্মচাৰীসকলে।

ইয়াৰ ফলত কৰ্মচাৰীসকলৰ সৈতে তীব্ৰ বাদানুবাদত লিপ্ত হয় যুৱককেইজন আৰু প্ৰতিষ্ঠানটোৰ সাজ-সজ্জাৰ অনিষ্ট কৰাৰ লগতে পাম্পটোত অগ্নিসংযোগ কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই সমগ্ৰ দৃশ্য পেট্ৰল পাম্পটোৰ চিচিটিভিত বন্দী হয়।

অভিযুক্ত দলটোৱে আনকি পেট্ৰল পাম্পৰ ডিচপেন্সিং মেচিনৰ পৰা ইন্ধন চটিয়াবলৈয়ো চেষ্টা কৰে বুলি অভিযোগ উঠিছে। পেট্ৰল পাম্প কৰ্তৃপক্ষই ঘতনাৰ বিষয়ে আৰক্ষীক অৱগত কৰাৰ পিছতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

ইফালে পেট্ৰল পাম্প কৰ্তৃপক্ষই এই সন্দৰ্ভত ঘগ্ৰাপাৰ থানাত দুখনকৈ এজাহাৰ দাখিল কৰে যদিও এতিয়ালৈকে কোনো এফআইআৰ ৰুজু হোৱা নাই বুলি অভিযোগ উঠিছে। অৱশ্যে নলবাৰীৰ আৰক্ষী অধীক্ষক সুপ্ৰিয়া ৰায়ে ঘটনাৰ যথাযথ তদন্ত আৰু ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।

আৰক্ষী বিষয়াগৰাকীয়ে যথা সময়ত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰা হ’ব বুলিও নৰ্থইষ্ট নাওৰ সাংবাদিকৰ আগত মন্তব্য কৰে। আনহাতে পেট্ৰ’ল পাম্প পৰিচালনা সমিতিয়ে এক বিবৃতি যোগে এই ঘটনাই তেওঁলোকক গভীৰভাৱে বিচলিত কৰিছে কৰিছে বুলি উল্লেখ কৰে।

বিবৃতিটোত কৰ্তৃপক্ষই কয় যে তেওঁলোকে স্বাধীনতা দিৱস, গণৰাজ্য দিৱস, বিহু, হোলী, দীপাৱলী, বৰদিনকে ধৰি সকলো উৎসৱ তথা জাতীয় দিৱসসমূহত পেট্ৰ’ল পাম্পটো এইদৰে সজাই আহিছে। এয়া সমাজৰ উৎসৱমুখৰ মনোভাৱত অৰিহণা যোগোৱাত এক উপায় হিচাপে অভিহিত কৰে কৰ্তৃপক্ষই।

তেওঁলোকে লগতে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ বৈচিত্ৰ্য আৰু সমন্বয়ক তেওঁলোকে সদায় মূল্য দি আহিছো, আৰু সমগ্ৰ দেশখন ধৰ্মনিৰপেক্ষতা আৰু অন্তৰ্ভুক্তিৰ নীতিৰ ওপৰত গঢ় লৈ উঠিছে বুলিয়েই তেওঁলোকে বিশ্বাস কৰে। সেয়ে পেট্ৰল পাম্প কৰ্তৃপক্ষই এনে ঘটনাৰ বাবে দুখ প্ৰকাশ কৰে।

যদিও এই কাণ্ডই মূল্যবোধৰ বিৰুদ্ধে গৈছে, তথাপি সকলোৰে প্ৰতি বুজাবুজি আৰু সন্মানৰ প্ৰসাৰৰ প্ৰতিশ্ৰুতিৰ পৰা বিৰত ৰাখিব নোৱাৰে বুলি বিবৃতিটোত লগতে কৰ্তৃপক্ষই উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd