• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপেটাৰ ফুলৰগুৰিত উত্তৰ-পূবৰ স্বাধীনতা সংগ্ৰামীসকল আৰু পোষণ অভিযানৰ সন্দৰ্ভত ফটো প্ৰদৰ্শনী সহ আউটৰিচ কাৰ্যসূচী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 21, 2024 5:30 pm
68
VIEWS
Share on FacebookShare on Twitter

বৰপেটাৰ ফুলৰগুৰিত আজিৰে পৰা কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি),ৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ দুদিনীয়া ফটো প্ৰদৰ্শনীসহ আউটৰীচ কাৰ্যসূচী আৰম্ভ হৈছে। এই প্ৰদৰ্শনীৰ বিষয়বস্তু হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামী আৰু পোষণ অভিযান।

প্ৰদৰ্শনী উদ্বোধন কৰি বৰপেটা জিলাৰ এডিচি মৌচুমী চেতিয়াই এনে প্ৰদৰ্শনী আয়োজন কৰাৰ বাবে চিবিচিৰ পদক্ষেপক প্ৰশংসা কৰে। সভাত আগবঢ়োৱা ভাষণত তেওঁ কয় যে এই ধৰণৰ প্ৰদৰ্শনীৰ জৰিয়তে তৰুণ প্ৰজন্ম আমাৰ স্বাধীনতা সংগ্ৰামীসকলে কৰা ত্যাগৰ সৈতে সচেষ্ট হ’ব। পোষণ অভিযান সন্দৰ্ভত ভাষণ দি চেতিয়াই কয় যে সকলো বয়সৰ লোকৰ বাবে স্বাস্থ্য সজাগতা অতি প্ৰয়োজনীয় আৰু প্ৰত্যেকেই স্বাস্থ্যসন্মত আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিব লাগে।

দুদিনীয়া এই প্ৰদৰ্শনীত স্থানীয় আত্মসহায়ক গোটে স্থাপন কৰা কেইবাখনো বিপনীত স্থানীয়ভাৱে নিৰ্মিত বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে। তদুপৰি, এক বিনামূলীয়া চিকিৎসা পৰীক্ষা শিবিৰো আয়োজন কৰা হয়, য’ত স্বাস্থ্য বিভাগে উপস্থিত লোকসকলৰ প্ৰাথমিক চিকিৎসা  আগবঢ়ায়।

এই প্ৰদৰ্শনীত স্বাধীনতা সংগ্ৰামৰ সন্দৰ্ভত বিভিন্ন ফটো পেনেল প্ৰদৰ্শন কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানৰ ওপৰত আলোকপাত কৰা হয়। এই প্ৰদৰ্শনীত পোষণ অভিযানক বিশেষ গুৰুত্ব আৰোপ কৰি চৰকাৰৰ বিভিন্ন পদক্ষেপ আৰু আঁচনিসমূহো প্ৰদৰ্শন কৰা হৈছে।

অনুষ্ঠানত চিবিচি, ক্ষেত্ৰীয় কাৰ্যালয়ৰ, ক্ষেত্ৰ প্ৰচাৰ বিষয়া সুচৰিতা চাহুৱে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে কাৰ্যসূচীৰ উদ্দেশ্য আৰু তাৎপৰ্যৰ ৰূপৰেখা দাঙি ধৰে।

উদ্বোধনী অনুষ্ঠানত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ হাছমত আলী, পাকা বেতবাৰীৰ বিডিঅ’ চফিকুল ইছলাম, বৰপেটাৰ চিডিপিঅ’ কংকনা গোস্বামী, সমাজ কল্যাণ বিভাগৰ পৰা ডিএমচি সুনাইনা দাস আৰু অৱসৰপ্ৰাপ্ত শিক্ষক শৰৎ চন্দ্ৰ নাথৰ লগতে কেইবাগৰাকী সমাজকৰ্মী উপস্থিত থাকে।

অনুষ্ঠানৰ দ্বিতীয় দিনা অৰ্থাৎ কাইলৈ চিত্ৰাংকন, কুইজ আৰু আকস্মিক বাক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। অনুষ্ঠানত স্থানীয় শিল্পী আৰু চিবিচি, গুৱাহাটীৰ অধীনস্থ এটা ব্যক্তিগত পঞ্জীয়নভুক্ত দলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd