বিশ্ব ফিজিঅ’থেৰাপি দিৱস উপলক্ষে ৮ ছেপ্তেম্বৰত গুৱাহাটী প্ৰে’ছ ক্লাবত সাংবাদিকসকলৰ বাবে এক বিনামূলীয়া স্বাস্থ্য শিৱিৰ আয়োজন কৰা হয়।
শনিবাৰে প্ৰে’ছ ক্লাবত অনুষ্ঠিত হোৱা মীডিয়া ক্লিনিকৰ অংশৰূপেই ইণ্ডিয়ান এছচিয়ে’চন অৱ ফিজিঅ’থেৰাপিষ্টৰ অসম শাখা, সদৌ অসম ফিজিঅ’থেৰাপিষ্ট সংস্থা আৰু সদৌ অসম ফিজিঅ’থেৰাপি সংস্থাই আয়োজন কৰা এই অনুষ্ঠানটোত সেৱা আগবঢ়াই ড০ ছত্ৰজিত দাস, ড০ ময়ূৰ দাস আৰু ড০ তৃষ্ণা শইকীয়া বৰুৱাই।
তেওঁলোকক সহযোগিতা আগবঢ়াই বনশ্ৰী দাস, দীক্ষিতা ৰাভা, ভাৰ্গৱ ভট্টাচাৰ্য্য, লাইজু য়ামিন লিপা, মেথিউ লালৰুতলিয়ানা আৰু কৰন য়াংমাই।
প্ৰতি শনিবাৰে অনুষ্ঠিত হোৱা এই মীডিয়া ক্লিনিকটো সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ সুবিধাৰ বাবে আৰম্ভ কৰা হৈছিল।
গুৱাহাটীৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ৰ লগতে দেশৰো বহুবিলাক আগশাৰীৰ চিকিৎসালয়ে ইতিপূৰ্বে এই সাপ্তাহিক মীডিয়া ক্লিনিকটোত সেৱা আগবঢ়াইছে।