১ জুলাইৰ পৰা হোৱাটছএপকে ধৰি বিভিন্ন সামাজিক মাধ্যমত কেন্দ্ৰ চৰকাৰে ভাৰতৰ প্ৰতিগৰাকী নাগৰিকক ২০০০ টকাকৈ সাহায্য আগবঢ়োৱা আৰম্ভ কৰিছে বুলি এটা বাৰ্তা ভাইৰেল হৈ পৰিছিল।
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা বাৰ্তাটোত এটা লিংক দিয়া হৈছে আৰু তেওঁলোকে দেশৰ নাগৰিক সকলক চৰকাৰে আগবঢ়াই থকা ধন লাভ কৰাত সহায় কৰিব বুলি কয়।
সামাজিক মাধ্যমত ভাৰত চৰকাৰে প্ৰতিগৰাকী নাগৰিকক ২০০০ টকাকৈ দি থকা বাৰ্তাটো মিছা বুলি স্পষ্টীকৰণ দিছে প্ৰেছ ইনফৰমেশ্যন ব্যুৰোই।
পি আই বিয়ে সামাজিক মাধ্যমত ভাইৰেল হৈ থকা এনেধৰণৰ বাৰ্তা ভূৱা বুলি কোৱাৰ লগতে তেনেধৰণৰ লিংকৰ পৰা জনসাধাৰণক সাৱধান হৈ থকাৰ বাবে আহ্বান জনায়।
আনহাতে, কিছুসংখ্যক লোকে নিজেই এনেধৰণৰ ভূৱা লিংকৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গ’ল। তেওঁলোকে নিজেই হোৱাটছএপ গ্ৰুপ সমূহত এনেবোৰ লিংকৰ জৰিয়তে দুষ্ট চক্ৰই ধন উলিয়াই নিব পাৰে বুলি উল্লেখ কৰি কোনো লোকক নিজৰ বেংক আদিৰ তথ্য নিদিবলৈ আহ্বান জনায়।