• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

একেলগে নৈশভোজন, হাস্যবদনে পৃথক পৃথক চেল্ফি : ভাইৰেল হৈ পৰিছে মোদী-মেল’নীৰ ৰোম ভ্ৰমণৰ ছবি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2026 10:59 am
407
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ইটালীত উপস্থিত হোৱাৰ পিছতে ৰোমত এক বিশেষ কূটনৈতিক আৰু বন্ধুত্বপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়। ইটালীত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায় দেশখনৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনীয়ে। ইয়াৰ পিছতে দুই নেতাই একেলগে নৈশভোজ গ্ৰহণ কৰে আৰু ৰোমৰ ঐতিহাসিক কলচিয়াম ভ্ৰমণ কৰে।

Welcome to Rome, my friend! 🇮🇹🇮🇳 pic.twitter.com/mUjFL4HIqY

— Giorgia Meloni (@GiorgiaMeloni) May 19, 2026

প্ৰধানমন্ত্ৰী মেলোনীয়ে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত মোদীক মোৰ বন্ধু বুলি সম্বোধন কৰি এখন সুন্দৰ ছবি শ্বেয়াৰ কৰে। এই ছবিত পিছফালে পোহৰেৰে আলোকিত হৈ থকা ঐতিহাসিক কলচিয়াম দেখা গৈছে। এই ছবিখনে ইতিমধ্যে ইণ্টাৰনেটত লাখ লাখ ভিউজ আৰু হাজাৰ হাজাৰ লাইক লাভ কৰি সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে।

Apply Now

Upon landing in Rome, had the opportunity to meet Prime Minister Meloni over dinner followed by a visit to the iconic Colosseum. We exchanged perspectives on a wide range of subjects. Looking forward to our talks today, where we will continue the conversation on how to boost the… pic.twitter.com/df0bDYKCdU

— Narendra Modi (@narendramodi) May 20, 2026

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই ভ্ৰমণৰ চাৰিখন বিশেষ ছবি ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। তেওঁ উল্লেখ কৰে যে মেলোনীৰ সৈতে নৈশভোজ আৰু কলচিয়াম ভ্ৰমণৰ সময়ত তেওঁলোকে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে। ভাৰত আৰু ইটালীৰ বন্ধুত্বক অধিক মজবুত কৰাৰ বাবে আগন্তুক বৈঠকত বিতংভাৱে আলোচনা কৰা হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

Long live India-Italy friendship! 🇮🇳 🇮🇹 https://t.co/vtOv8lfO51

— Narendra Modi (@narendramodi) June 15, 2024

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীৰ এইটো পাঁচখন দেশৰ ভ্ৰমণসূচীৰ অন্তিমটো পৰ্যায়। ইয়াৰ পূৰ্বে তেওঁ নৰৱে, ইউ এ ইউ, নেদাৰলেণ্ড আৰু চুইডেন ভ্ৰমণ কৰিছিল। ইটালীত থকাৰ সময়ছোৱাত তেওঁ ৰাষ্ট্ৰপতি চাৰ্জিঅ’ মাট্টাৰেল্লাকো সাক্ষাৎ কৰিব আৰু বুধবাৰে ভাৰতলৈ ৰাওনা হোৱাৰ পূৰ্বে অন্যান্য কূটনৈতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

Good friends at COP28.#Melodi pic.twitter.com/g0W6R0RJJo

— Giorgia Meloni (@GiorgiaMeloni) December 1, 2023

প্ৰধানমন্ত্ৰী মোদী আৰু জৰ্জিয়া মেলোনীৰ মাজৰ এই সুন্দৰ বন্ধুত্ব নতুন নহয়। ছচিয়েল মিডিয়াত তেওঁলোকৰ এই বন্ধুত্বক মেলোডী বুলি কোৱা হয় আৰু ই ব্যাপকভাৱে ভাইৰেল হৈ আহিছে। ইয়াৰ পূৰ্বে ২০২৪ চনৰ জুন মাহত অনুষ্ঠিত হোৱা জি-৭ সন্মিলনৰ সময়তো মেলোনীয়ে মোদীৰ সৈতে এটা ভিডিঅ’ আৰু চেলফি প’ষ্ট কৰিছিল, য’ত তেওঁ হেল্ল’ ফ্ৰম দ্য মেলোডী টিম বুলি কৈছিল। তাৰো এবছৰ আগতে অৰ্থাৎ ২০২৩ চনত ডুবাইত অনুষ্ঠিত চিঅ’পি-২৮ জলবায়ু সন্মিলনৰ সময়তো দুই নেতাৰ চেলফিয়ে ইণ্টাৰনেটত তোলপাৰ লগাইছিল। প্ৰতিখন বৈঠকৰে এই চেলফিবোৰে প্ৰমাণ কৰে যে ভাৰত আৰু ইটালীৰ এই দুই শীৰ্ষ নেতাৰ মাজত কিমান গভীৰ আৰু আন্তৰিক সম্পৰ্ক আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd