NORTHEAST NOW (Assamese)
অসম

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

Posted by: নীলমণি শৰ্মা, দুধনৈ Updated by: নীলমণি শৰ্মা, দুধনৈ August 14, 2022 7:24 pm

“গছ থাকিলেহে মানুহ থাকিব” “গছ পুলি ৰোপন কৰক, পৰিৱেশ সেউজীয়া কৰক ৷” এনেবোৰ শ্লোগান আপোনালোকে প্ৰায়ে শুনি থাকে ৷

কিন্তু অসমৰ ভিতৰতে প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে গৰুৰ বাবে গছপুলি ৰোপণ কৰিলে দহেলা ৰাজহ গাঁৱৰ একাংশ মহিলাই।

স্বাধীনতা দিৱসৰ “আজাদী কা অমৃত মহোৎসৱৰ” লগত সংগতি ৰাখি মহিলা সকলে বিশাল এখন খালী পথাৰত বিভিন্ন গছপুলি ৰোপন ব্যৱস্থা কৰে ৷

মাটিয়া ৰাজহচক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত “ৰংদান গো-মাদ”ৰ ৪০০ বিঘাৰো অধিক মাটিত পথাৰত চৰি থকা গৰু বোৰে যেন কিছু ছাঁ পায় আৰু খাদ্যৰ বাবে যেন ঘাঁহ লাভ কৰিব পাৰে আৰু লগতে গৰু ৰখা গৰখীয়া সকলোৰ সুবিধাৰ্থেও এই মহান উদ্দেশ্য আগত ৰাখি মহিলা সকলে এশৰো অধিক গছপুলি ৰোপণ কৰে ৷

আজাদী কা মহোৎসৱৰ এই ব্যতিক্ৰমী কাৰ্যসূচীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷