এইবাৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু দুই নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীৰ নিযুক্তিক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ ৰুজু কৰা হৈছে।
২০২৩ চনত কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে নতুন আইন অনাৰ পিছত জ্ঞানেশ কুমাৰক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল।কিন্তু সেই নিযুক্তিতো নতুন আইনত উল্লেখ কৰা নিয়ম উলংঘা কৰা বুলি আবেদনকাৰী সূৰী পায়ালাই দাবী কৰিছে।
সংবিধানৰ ৩২ নং অনুচ্ছেদৰ অধীনত দাখিল কৰা এই ৰিট আবেদনখনে ২০২৪ আৰু ২০২৫ চনত জ্ঞানেশৰ নিযুক্তি সম্পৰ্কীয় অধিসূচনাক প্ৰত্যাহ্বান জনাইছে।
আবেদনকাৰীৰ মতে আইনখনৰ ৬ নং ধাৰা অনুসৰি প্ৰতিটো খালী পদৰ বাবে অনুসন্ধান সমিতিখনে ৫ জনীয়া পেনেল গঠন কৰিব লাগে। কিন্তু ২০২৪ চনৰ মাৰ্চ মাহত নিৰ্বাচন আয়ুক্তৰ খালী পদ দুটাৰ বাবে ১০টা নামৰ পৰিৱৰ্তে মাত্ৰ ৬টা নামৰহে পৰামৰ্শ দিছিল অনুসন্ধান সমিতিয়ে।
এই সন্দৰ্ভত ২০২৪ চনৰ ২২ মাৰ্চ তাৰিখে উচ্চতম ন্যায়ালয়ৰ এক আদেশৰ কথাও উল্লেখ কৰা হৈছে। সেই আদেশত আদালতে কৈছিল যে পদ দুটাৰ বাবে ১০টা নাম থাকিব লাগে। একে সময়তে নিযুক্তি প্ৰক্ৰিয়া খৰখেদাকৈ সম্পূৰ্ণ হোৱাক লৈও উদ্বেগ প্ৰকাশ কৰিছিল আদালতে।
আবেদনকাৰীয়ে কয় যে ২০২৪ চনৰ ১৩ মাৰ্চত নামৰ তালিকা চূড়ান্ত কৰাৰ পূৰ্বে বিৰোধী দলপতিলৈ ২০০ জন লোকৰ তালিকা প্ৰেৰণ কৰা হৈছিল। আৰু পিছদিনা অনুসন্ধান সমিতিয়ে ৬ জনৰ নামৰ পৰামৰ্শ দিলে আৰু সেইদিনাই বাছনি সমিতিয়ে জ্ঞানেশ আৰু সুখবীৰক নিযুক্তি দিয়ে। গতিকে খৰখেদাকৈ প্ৰস্তুত কৰা ৬জন লোকৰ তালিকাখনক বৈধ ‘পেনেল’ বুলি ক’ব পাৰি নে নাই, তাক লৈ আবেদনকাৰীয়ে প্ৰশ্ন উত্থাপন কৰিছে।
২০২৩ চনৰ আইনৰ ৫ নং ধাৰা অনুসৰি প্ৰাৰ্থীৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ অভিজ্ঞতা থাকিব লাগিব। কিন্তু আবেদনকাৰীয়ে দাবী কৰিছে যে তিনিওজন নিৰ্বাচন আয়ুক্তৰ সেয়া নাই। জ্ঞানেশৰ কেৰিয়াৰত মুঠ ২৬টা পোষ্টিঙৰ ভিতৰত এটাও নিৰ্বাচনৰ সৈতে জড়িত নাছিল। তেওঁ এৰ্নাকুলামৰ জিলা দণ্ডাধীশ আছিল। কিন্তু সেইটোও ভূমি ৰাজহ আৰু জিলা প্ৰশাসনৰ কামৰ অন্তৰ্গত। আবেদনকাৰীয়ে লগতে দাবী কৰিছে যে তেওঁ কেতিয়াবা জিলা নিৰ্বাচন বিষয়া বা নিৰ্বাচন পৰ্যবেক্ষক হিচাপে কাম কৰিছিল নেকি তাৰ কোনো ৰেকৰ্ড নাই।
আনহাতে, সুখবীৰে উত্তৰাখণ্ডৰ মুখ্য সচিব, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধ্যক্ষ আৰু লোকপালৰ সসচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে বুলি আবেদনকাৰীয়ে উল্লেখ কৰিছে। কিন্তু তেওঁৰো পোনপটীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ অভিজ্ঞতা নাই। বিবেক যোশীয়ে হাৰিয়ানাৰ মুখ্য সচিব, মহাপঞ্জীয়ক, লোকপিয়ল আয়ুক্তৰ দৰে গুৰুত্বপূৰ্ণ পদতো কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু তেওঁৰ ক্ষেত্ৰতো একেই কথা।
অৱশ্যে এই সন্দৰ্ভত যদি কোনো অপ্ৰকাশিত তথ্য আছে তেন্তে সেয়া কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগৰ ওচৰতে আছে বুলি উল্লেখ কৰিছে আবেদনকাৰীয়ে। আৱেদনকাৰীয়ে দাবী কৰিছে যে জ্ঞানেশ, সুখবীৰ আৰু বিবেকে কি আইনী ভিত্তিত এই সাংবিধানিক পদত অধিষ্ঠিত হৈছে সেয়া প্ৰমাণ কৰিব লাগিব। যদি আদালতে তেওঁলোকৰ নিযুক্তি সম্পূৰ্ণ অবৈধ বুলি বিবেচনা কৰে তেন্তে তিনিওটা পদ খালী ঘোষণা কৰিব লাগে।
তথ্যৰ অধিকাৰ আইন (আৰ টি আই)ৰ অধীনত চলিত বৰ্ষৰ ২৭ ছেপ্টেম্বৰ আৰু ২ অক্টোবৰত জ্ঞানেশৰ নিযুক্তিৰ সৈতে জড়িত নথি-পত্ৰ বিচৰা বুলিও আবেদনকাৰীয়ে জানিবলৈ দিয়ে। কিন্তু সেইবোৰ এতিয়াও লাভ কৰা হোৱা নাই। সেয়েহে আবেদনকাৰীৰ অনুৰোধ যে আদালতে অতি শীঘ্ৰেই সকলো নথি-পত্ৰ সংৰক্ষণৰ নিৰ্দেশ দিব লাগে।


