• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

সংবিধানৰ ৩২ নং অনুচ্ছেদৰ অধীনত দাখিল কৰা এই ৰিট আবেদনখনে ২০২৪ আৰু ২০২৫ চনত জ্ঞানেশৰ নিযুক্তি সম্পৰ্কীয় অধিসূচনাক প্ৰত্যাহ্বান জনাইছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 8, 2026 3:14 pm
74
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু দুই নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীৰ নিযুক্তিক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ ৰুজু কৰা হৈছে।

২০২৩ চনত কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে নতুন আইন অনাৰ পিছত জ্ঞানেশ কুমাৰক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল।কিন্তু সেই নিযুক্তিতো নতুন আইনত উল্লেখ কৰা নিয়ম উলংঘা কৰা বুলি আবেদনকাৰী সূৰী পায়ালাই দাবী কৰিছে।

সংবিধানৰ ৩২ নং অনুচ্ছেদৰ অধীনত দাখিল কৰা এই ৰিট আবেদনখনে ২০২৪ আৰু ২০২৫ চনত জ্ঞানেশৰ নিযুক্তি সম্পৰ্কীয় অধিসূচনাক প্ৰত্যাহ্বান জনাইছে।

Apply Now

আবেদনকাৰীৰ মতে আইনখনৰ ৬ নং ধাৰা অনুসৰি প্ৰতিটো খালী পদৰ বাবে অনুসন্ধান সমিতিখনে ৫ জনীয়া পেনেল গঠন কৰিব লাগে। কিন্তু ২০২৪ চনৰ মাৰ্চ মাহত নিৰ্বাচন আয়ুক্তৰ খালী পদ দুটাৰ বাবে ১০টা নামৰ পৰিৱৰ্তে মাত্ৰ ৬টা নামৰহে পৰামৰ্শ দিছিল অনুসন্ধান সমিতিয়ে।

এই সন্দৰ্ভত ২০২৪ চনৰ ২২ মাৰ্চ তাৰিখে উচ্চতম ন্যায়ালয়ৰ এক আদেশৰ কথাও উল্লেখ কৰা হৈছে। সেই আদেশত আদালতে কৈছিল যে পদ দুটাৰ বাবে ১০টা নাম থাকিব লাগে। একে সময়তে নিযুক্তি প্ৰক্ৰিয়া খৰখেদাকৈ সম্পূৰ্ণ হোৱাক লৈও উদ্বেগ প্ৰকাশ কৰিছিল আদালতে।

আবেদনকাৰীয়ে কয় যে ২০২৪ চনৰ ১৩ মাৰ্চত নামৰ তালিকা চূড়ান্ত কৰাৰ পূৰ্বে বিৰোধী দলপতিলৈ ২০০ জন লোকৰ তালিকা প্ৰেৰণ কৰা হৈছিল। আৰু পিছদিনা অনুসন্ধান সমিতিয়ে ৬ জনৰ নামৰ পৰামৰ্শ দিলে আৰু সেইদিনাই বাছনি সমিতিয়ে জ্ঞানেশ আৰু সুখবীৰক নিযুক্তি দিয়ে। গতিকে খৰখেদাকৈ প্ৰস্তুত কৰা ৬জন লোকৰ তালিকাখনক বৈধ ‘পেনেল’ বুলি ক’ব পাৰি নে নাই, তাক লৈ আবেদনকাৰীয়ে প্ৰশ্ন উত্থাপন কৰিছে।

২০২৩ চনৰ আইনৰ ৫ নং ধাৰা অনুসৰি প্ৰাৰ্থীৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ অভিজ্ঞতা থাকিব লাগিব। কিন্তু আবেদনকাৰীয়ে দাবী কৰিছে যে তিনিওজন নিৰ্বাচন আয়ুক্তৰ সেয়া নাই। জ্ঞানেশৰ কেৰিয়াৰত মুঠ ২৬টা পোষ্টিঙৰ ভিতৰত এটাও নিৰ্বাচনৰ সৈতে জড়িত নাছিল। তেওঁ এৰ্নাকুলামৰ জিলা দণ্ডাধীশ আছিল। কিন্তু সেইটোও ভূমি ৰাজহ আৰু জিলা প্ৰশাসনৰ কামৰ অন্তৰ্গত। আবেদনকাৰীয়ে লগতে দাবী কৰিছে যে তেওঁ কেতিয়াবা জিলা নিৰ্বাচন বিষয়া বা নিৰ্বাচন পৰ্যবেক্ষক হিচাপে কাম কৰিছিল নেকি তাৰ কোনো ৰেকৰ্ড নাই।

আনহাতে, সুখবীৰে উত্তৰাখণ্ডৰ মুখ্য সচিব, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধ্যক্ষ আৰু লোকপালৰ সসচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে বুলি আবেদনকাৰীয়ে উল্লেখ কৰিছে। কিন্তু তেওঁৰো পোনপটীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ অভিজ্ঞতা নাই। বিবেক যোশীয়ে হাৰিয়ানাৰ মুখ্য সচিব, মহাপঞ্জীয়ক, লোকপিয়ল আয়ুক্তৰ দৰে গুৰুত্বপূৰ্ণ পদতো কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু তেওঁৰ ক্ষেত্ৰতো একেই কথা।

অৱশ্যে এই সন্দৰ্ভত যদি কোনো অপ্ৰকাশিত তথ্য আছে তেন্তে সেয়া কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগৰ ওচৰতে আছে বুলি উল্লেখ কৰিছে আবেদনকাৰীয়ে। আৱেদনকাৰীয়ে দাবী কৰিছে যে জ্ঞানেশ, সুখবীৰ আৰু বিবেকে কি আইনী ভিত্তিত এই সাংবিধানিক পদত অধিষ্ঠিত হৈছে সেয়া প্ৰমাণ কৰিব লাগিব। যদি আদালতে তেওঁলোকৰ নিযুক্তি সম্পূৰ্ণ অবৈধ বুলি বিবেচনা কৰে তেন্তে তিনিওটা পদ খালী ঘোষণা কৰিব লাগে।

তথ্যৰ অধিকাৰ আইন (আৰ টি আই)ৰ অধীনত চলিত বৰ্ষৰ ২৭ ছেপ্টেম্বৰ আৰু ২ অক্টোবৰত জ্ঞানেশৰ নিযুক্তিৰ সৈতে জড়িত নথি-পত্ৰ বিচৰা বুলিও আবেদনকাৰীয়ে জানিবলৈ দিয়ে। কিন্তু সেইবোৰ এতিয়াও লাভ কৰা হোৱা নাই। সেয়েহে আবেদনকাৰীৰ অনুৰোধ যে আদালতে অতি শীঘ্ৰেই সকলো নথি-পত্ৰ সংৰক্ষণৰ নিৰ্দেশ দিব লাগে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজ দলৰ সাংসদৰ বিস্ফোৰণৰ পাছতে কাৰ্বি আংলঙত তোলপাৰ! কাৰ্বি পৰিষদৰ চিইএমৰ  ৬,৫০০ কোটি সম্পত্তিৰ তদন্ত কৰিবনে ইডিয়ে?

নিজ দলৰ সাংসদৰ বিস্ফোৰণৰ পাছতে কাৰ্বি আংলঙত তোলপাৰ! কাৰ্বি পৰিষদৰ চিইএমৰ  ৬,৫০০ কোটি সম্পত্তিৰ তদন্ত কৰিবনে ইডিয়ে?

November 1, 2026 9:25 pm
‘জৰুৰী গোচৰসমূহ আৰু অধিক কাৰ্যকৰীভাৱে চিনাক্ত কৰিব পৰা নাযায় নেকি?’ ক্ৰমবৰ্ধমান আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক প্ৰক্ৰিয়াৰ পৰ্যালোচনাৰ আহ্বান মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

‘জৰুৰী গোচৰসমূহ আৰু অধিক কাৰ্যকৰীভাৱে চিনাক্ত কৰিব পৰা নাযায় নেকি?’ ক্ৰমবৰ্ধমান আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক প্ৰক্ৰিয়াৰ পৰ্যালোচনাৰ আহ্বান মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

November 1, 2026 8:44 pm
ৰাজ্যজুৰি আৰম্ভ ৭১ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী: কামৰূপ মহানগৰত গিৰিজানন্দ স্প’ৰ্টছ ক্লাবৰ ৮-০ গ’লত বৃহৎ জয়

ৰাজ্যজুৰি আৰম্ভ ৭১ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী: কামৰূপ মহানগৰত গিৰিজানন্দ স্প’ৰ্টছ ক্লাবৰ ৮-০ গ’লত বৃহৎ জয়

November 1, 2026 8:02 pm
দিল্লীত মমতা বেনাৰ্জীৰ হুংকাৰ! ‘ভোট চুৰি, য়েছ পাপা’ শ্লোগানেৰে উত্তাল ৰামলীলা ময়দান

দিল্লীত মমতা বেনাৰ্জীৰ হুংকাৰ! ‘ভোট চুৰি, য়েছ পাপা’ শ্লোগানেৰে উত্তাল ৰামলীলা ময়দান

November 1, 2026 5:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজ দলৰ সাংসদৰ বিস্ফোৰণৰ পাছতে কাৰ্বি আংলঙত তোলপাৰ! কাৰ্বি পৰিষদৰ চিইএমৰ  ৬,৫০০ কোটি সম্পত্তিৰ তদন্ত কৰিবনে ইডিয়ে?

নিজ দলৰ সাংসদৰ বিস্ফোৰণৰ পাছতে কাৰ্বি আংলঙত তোলপাৰ! কাৰ্বি পৰিষদৰ চিইএমৰ  ৬,৫০০ কোটি সম্পত্তিৰ তদন্ত কৰিবনে ইডিয়ে?

November 1, 2026 9:25 pm
‘জৰুৰী গোচৰসমূহ আৰু অধিক কাৰ্যকৰীভাৱে চিনাক্ত কৰিব পৰা নাযায় নেকি?’ ক্ৰমবৰ্ধমান আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক প্ৰক্ৰিয়াৰ পৰ্যালোচনাৰ আহ্বান মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

‘জৰুৰী গোচৰসমূহ আৰু অধিক কাৰ্যকৰীভাৱে চিনাক্ত কৰিব পৰা নাযায় নেকি?’ ক্ৰমবৰ্ধমান আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক প্ৰক্ৰিয়াৰ পৰ্যালোচনাৰ আহ্বান মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

November 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd