NORTHEAST NOW (Assamese)

শিৱসাগৰত প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ শুভ উদ্বোধন

February 24, 2019 4:08 pm · পাৰ্শ্বজ্যোতি গগৈ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ গোৰখপুৰত আজি ‘প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধি (পি এম- কিষাণ)’ যোজনাৰ শুভাৰম্ভ কৰাৰ সমান্তৰালকৈ অসমৰ অন্যান্য জিলাৰ লগতে শিৱসাগৰতো এই যোজনাৰ শুভ উদ্বোধন কৰা হয়।

ইয়াৰ লগত সংগতি ৰাখি নগৰৰ যুৱদল প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, ভাৰপ্ৰাপ্ত জিলা উন্নয়ন আয়ুক্ত নাৱাব আল আজহাৰ আলি, অতিৰিক্ত উপায়ুক্ত বিদিত দাস, পৌৰপতি মৃদুস্মিতা সিংহকে ধৰি ভালেসংখ্যক হিতাধিকাৰী আৰু সাধাৰণ ৰাইজ উপস্থিত থাকে।

উল্লেখযোগ্য যে, দেশৰ সকলো ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ উপাৰ্জনৰ সহায়ক হোৱাকৈ গ্ৰহণ কৰা এই আঁচনি জৰিয়েত ক্ষুদ্ৰ আৰু উপান্ত কৃষক সকললৈ কৃষি সঁজুলি ক্ৰয় কৰা বা অন্যান্য সহযোগী কামত খৰছ কৰাৰ বাবে ধন প্ৰদান কৰা হ’ব।

এই আঁচনিৰ যোগেদি ২ হেক্টৰতকৈ কম খেতিমাটি থকা কৃষক পৰিয়ালক বছৰেকত ৬,০০০ টকাকৈ প্ৰদান কৰা হ’ব। উক্ত ধনৰাশি চাৰি মাহৰ অন্তৰে অন্তৰে বছৰেকত তিনিটা কিস্তিত প্ৰদান কৰা হ’ব।

জানিব পৰা মতে শিৱসাগৰ জিলাত এই আঁচনিৰ অধীনত বৰ্তমানলৈ ২০,৮৮৭ গৰাকী হিতাধিকাৰীক পঞ্জীয়নভুক্ত কৰা হৈছে।

Related News