• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৰেন্দ্ৰ মোদী এজন ৰাজনৈতিক শিষ্টাচাৰহীন অভদ্ৰ ব্যক্তি: দেৱব্ৰত শইকীয়া

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 26, 2018 7:56 pm
Debabrata Saikia Congress leader and Leader of Opposition in the Assam Legislative Assembly addressing press conference at Rajib Bhawan in Guwahati on 26-12-18. Pix BY UB Photos

বুধবাৰে কংগ্ৰেছৰ সংবাদমেল। ছবি- ইউ বি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৱল প্ৰাক্তন প্ৰধান মন্ত্ৰী এইচ্চ ডি দেৱেগৌড়া বা অসমৰ প্ৰাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই নহয়, বগীবিল দলঙৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ নাপালে দলংখনৰ নিৰ্মাণ প্ৰকল্পক ‘ৰাষ্ট্ৰীয় প্ৰকল্প’ হিচাপে ঘোষণা কৰা আন গৰাকী প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙেও।

বগীবিল দলং মুকলি কৰি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজন দলৰ চৰকাৰৰ সফলতাৰ জয়ঢোল বজোৱাৰ এদিন পাছতেই মোদী চৰকাৰৰ ‘অকৃতজ্ঞ’ মনোভাবক চোকা ভাষাৰে সমালোচনা কৰে বিৰোধী কংগ্ৰেছে।

Apply Now

বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘এজন ৰাজনৈতিকভাৱে শিষ্টাচাৰ নথকা অভদ্ৰ ব্যক্তি’ বুলি অভিহিত কৰে।

তেওঁ লগতে কালি ধেমাজি জিলাৰ কাৰেং চাপৰিত অনুষ্ঠিত বগীবিল দলঙৰ উদ্বোধনৰ বাবে আয়োজিত চৰকাৰী অনুষ্ঠানত প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙৰ উপৰিও প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু কংগ্ৰেছ বিধায়ক সকলকো নিমন্ত্ৰণ নজনোৱা বুলি উল্লেখ কৰে।

‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বগীবিল দলং উদ্বোধন কৰাৰ পাছত নিশ্চিতভাৱে অসমৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ’ল। কিন্তু এইক্ষেত্ৰত যিধৰণে সৌজন্যতা দেখুৱাব লাগিছিল দলটোৰ যে সেই অভাৱ আছে সেই কথা প্ৰমাণ হৈছে আৰু তেওঁলোকে অসমলৈ ইয়াক আমদানি কৰিব বিচাৰিছে,’ দেৱব্ৰত শইকীয়াই কয়।

বগীবিল দলং উদ্বোধন কৰিবলৈ কালি ৰাইজৰ টকাৰে পতা ৰাজহুৱা অনুষ্ঠান এটাক সম্পূৰ্ণৰূপে বিজেপিয়ে দলীয় স্বাৰ্থত ব্যৱহাৰ কৰি গণতান্ত্ৰিক প্ৰমূল্যক ধ্বংস কৰা বুলিও বিৰোধী দলপতিগৰাকীয়ে মন্তব্য কৰে।

কংগ্ৰেছ চৰকাৰৰ দিনত বগীবিল দলং নিৰ্মাণ প্ৰকল্পক ‘ৰাষ্ট্ৰীয় প্ৰকল্প’ হিচাপে ঘোষণা কৰি তদানীন্তন প্ৰধান মন্ত্ৰী সিঙে ইয়াৰ বাবে ধাৰ্য্য হোৱা ১৭৬৭ কোটি টকাৰ প্ৰাথমিক পুঁজি ৩২৩০ কোটি টকালৈ বৃদ্ধি কৰিছিল বুলি সংবাদমেলত শইকীয়াই প্ৰকাশ কৰে।

তেওঁ লগতে বিজেপিয়ে ‘লোকৰ পিঠাৰে বিহু পতা’ বুলি কটাক্ষ কৰি কংগ্ৰেছে কৰা কাম বিজেপিয়ে উদ্বোধন কৰি সকলো কৃতিত্ব অকলেই ল’ব বিচাৰে বুলিও মন্তব্য কৰে। ইয়াৰ উদাহৰণ হিচাপে কংগ্ৰেছ চৰকাৰৰ দিনতেই নিৰ্মাণৰ সৰহখিনি কাম হোৱা শৰাইঘাটৰ দ্বিতীয়খন দলং, ২০১১ চনত সিং চৰকাৰৰ বাজেটত ৯৫০ কোটি টকা পুঁজিৰ আৱন্টনসহ ঘোষণা হোৱা ধলা-শদিয়া দলঙৰ কথা তেওঁ উল্লেখ কৰে।

ইয়াৰ উপৰিও দেৱব্ৰত শইকীয়াই বিজেপিয়ে নিজৰ চিন্তাৰে অসমত আধাৰশিলা স্থাপন কৰা দুটা প্ৰকল্পৰ কথা উল্লেখ কৰি সেই দুটা সম্পূৰ্ণ কৰিবলৈ প্ৰত্যাহ্বান জনায়। প্ৰকল্প দুটাৰ এটা ২০১৭ চনৰ ২৬ মে’ত গোগামুখত আধাৰশিলা স্থাপন কৰা ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰ আৰু আনটো ২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰিত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নিতিন গাডকাৰীয়ে ঢকুৱাখনাৰ বকুলগুৰিত আধাৰশিলা স্থাপন কৰা দিচাং-টেকেলীফুটা দলঙৰ কাম কেতিয়া সম্পূৰ্ণ হ’ব বুলিও প্ৰশ্ন কৰে। লগতে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা যোৰহাট-মাজুলী সংযোগী দলঙৰ এতিয়ালৈ ডি পি আৰেই প্ৰস্তুত হোৱা নাই বুলিও সোঁৱৰাই দিয়ে।

একেখন সংবাদলমেলতে নিখিল ভাৰত কংগ্ৰেছ কমিতিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত বৰদলৈয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘আজন্ম অভিনেতা আৰু ভাবলেষহীন অক্লান্ত ফাঁকিবাজৰ যুগলবন্দী’ বুলি আখ্যা দিয়ে। প্ৰধান মন্ত্ৰী গৰাকীয়ে কৃতিত্ব ল’বলৈ মিথ্যাচাৰৰ আশ্ৰয় লৈ কংগ্ৰেছ চৰকাৰে অসমৰ বাবে একো নকৰিলে বুলি কোৱা বুলিও তেওঁ মন্তব্য কৰে।

এই প্ৰসংগতে তেওঁ মনমোহন সিং নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দিনত ডিব্ৰুগড়ৰ লেপেটকটাত গেছ ক্ৰেকাৰ প্ৰকল্প স্থাপনৰ বাবে চৰকাৰে ৪,৯০০ কোটি টকা আগবঢ়োৱাৰ কথা কৈ পৰৱৰ্তী সময়ত মুকলি কৰিব লগীয়া ৫০০ কোটি টকা আজিও বিজেপি চৰকাৰে মুকলি কৰি দিয়া নাই বুলি প্ৰদ্যুত বৰদলৈয়ে কয়।

একেদৰে সংবাদমেলত প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইনে বিজেপি চৰকাৰৰ দিনত ‘মন্ত্ৰী বিধায়ক বহি থকা জনতা ভৱনটোৰ নামকৰণ কৰি নামফলক লগোৱাৰ বাহিৰে একো কৰা নাই বুলি মন্তব্য কৰে। তেওঁ লগতে ‘এডভান্টেজ আচাম’ পতা বৰ্তমানৰ বিজেপি চৰকাৰে জাগীৰোডৰ নগাওঁ কাগজ কল আৰু কাচাৰ কাগজ কলৰ প্ৰতি চিন্তা কৰিব পাৰিব লাগিছিল বুলিও মত ব্যক্ত কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd