শেহতীয়া এক সমীক্ষাত প্ৰকাশ পোৱা মতে গোটেই বিশ্বৰ ৰাষ্ট্ৰনেতাসকলৰ ভিতৰত জনপ্ৰিয়তাৰ শীৰ্ষত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। স্বাভাৱিকতে বিজেপিৰ বাবে এয়া এক আনন্দৰ বতৰা।
কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে কয় যে দেশৰ কাৰণে মোদীৰ যি সুনিৰ্দিষ্ট পৰিকল্পনা, সেইটোৱে তেওঁৰ ক্ৰমবৰ্দ্ধমান জনপ্ৰিয়তাৰ কাৰণ।
মন্ত্ৰী গৰাকীয়ে দাবী কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে সকলো চালিজাৰি চাই নীতি প্ৰণয়ন কৰে।
মৰ্নিং কনছাল্ট নামৰ এটা সংস্থাই সমগ্ৰ বিশ্বৰ নেতাসকলৰ অনুমোদন ৰেটিং বিশ্লেষণ কৰি চাইছে। তেওঁলোকৰ মাপকাঠী অনুসৰি মোদীৰ মুঠ জনপ্ৰিয়তা ৫৫শতাংশ। ৭৫শতাংশই তেওঁৰ কামৰ প্ৰশংসা কৰিছে। ইয়াৰ বিপৰীতে তেওঁক অপছন্দ কৰিছে ২০শতাংশই।
বিশ্বৰ ৰাষ্ট্ৰনেতাসকলৰ মাজত কোনো ৰাজনীতিবীদে এনে অনুমোদন লাভ কৰা নাই। এইক্ষেত্ৰত দ্বিতীয় আৰু তৃতীয় স্থানত আছে মেক্সিকো আৰু অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰনেতা দুগৰাকী। আনহাতে, জাৰ্মানিৰ এঞ্জেলা মাৰ্কেলৰ অনুমোদন ৰেটিং ২৪শতাংশ।
সংস্থাটোৱে মুঠ ১৩খন দেশৰ নেতাসকলৰ জনপ্ৰিয়তা বিশ্লেষণ কৰি চাইছে।
কেন্দ্ৰীয় মন্ত্ৰী জাভেদকাৰে প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ যিবোৰ দেশৰ পৰা সন্মানিত হৈছে তাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে কৰ’না পৰিস্থিতিত সক্ৰিয়তাৰে ৰোগ প্ৰতিৰোধ কৰাৰ বাবে ভাৰতে পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিব পাৰিছে।
আনহাতে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই জানিবলৈ দিয়ে যে মোদীৰ শাসনত দেশ সঠিক পথত আগবাঢ়িছে। সেই বাবেই প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয়তা দেশৰ সকলো শ্ৰেণীৰ লোকৰ মাজত বৃদ্ধি পোৱা বুলিও দাবী কৰে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে।