সাৰ্বজনীন স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাপে ভাৰত চৰকাৰৰ অভিলাষী প্ৰকল্প ‘আয়ুষ্মান ভাৰত’ৰ অধীনত অহা ২৩ ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ দেশৰ লগতে বিশ্বনাথ জিলাতো আৰম্ভ হব ‘প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ শীৰ্ষক বিশ্বৰ সৰ্ববৃহৎ স্বাস্থসেৱা আঁচনি।
সেইদিনা বিয়লি ঝাৰখণ্ডৰ ৰাঁচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয়ভাৱে এই আঁচনিৰ শুভ উদ্বোধন কৰিব। একেদিনাই একে সময়তে ৰাজ্যিক পৰ্যায়ত খানাপাৰাত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ বাবে এই আঁচনিখন মুকলি কৰিব।
সমান্তৰালভাৱে প্ৰতিখন জিলা সদৰতে এই আঁচনি উদ্বোধনৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাগৃহত এই উপলক্ষে দেওবাৰে বিয়লি ১ বজাৰ পৰা এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত বিশ্বনাথ জিলাৰ বাবে প্ৰধানমন্ত্ৰী ‘জন আৰোগ্য যোজনা’ৰ উদ্বোধনৰ লগতে প্ৰায় ত্ৰিছগৰাকীৰো অধিক হিতাধিকাৰীক প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ড প্ৰদান কৰা হ’ব।
অনুষ্ঠানত ঝাৰখণ্ডৰ ৰাঁচীত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানটোৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰো প্ৰদৰ্শন কৰা হব। উল্লেখযোগ্য যে ‘প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ৰ জৰিয়তে দেশৰ কোটি কোটি দৰিদ্ৰ জনতাই সকলোবোৰ জটিল ৰোগৰ ক্ষেত্ৰতে নগদবিহীন আৰু কাকতবিহীন স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব।
সমগ্ৰ দেশৰ ১০ কোটিৰো অধি্ক পৰিয়ালৰ ৫০ কোটিৰো অধিক হিতাধিকাৰী ইয়াৰ দ্বাৰা লাভান্বিত হব। ২০১১ চনৰ আৰ্থ-সামাজিক আৰু জাতি পিয়লৰ তথ্য অনুসৰি তালিকাভুক্ত প্ৰতিটো দৰিদ্ৰ পৰিয়ালে এই আঁচনিৰ অধীনত বছৰি ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব। সকলোবোৰ চৰকাৰী চিকিৎসালয় আৰু তালিকাভুক্ত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এই সুবিধা লাভ কৰিব পৰা যাব।
এই চিকিৎসালয়সমূহৰ হেল্পডেস্কত অহৰ্নিশে এগৰাকী ‘আয়ুষ্মান মিত্ৰ’ উপস্থিত থাকিব। ‘প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ৰ অধীনত শল্য চিকিৎসা, মেডিকেল আৰু দিবাকালীন সেৱা চিকিৎসাৰ সৈতে ঔষধ আৰু পৰীক্ষাসহ মুঠ ১৩৯৪ টা পেকেজ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰে ২২১টা পেকেজ চৰকাৰী চিকিসালয়ৰ বাবে সংৰক্ষিত। এই আঁচনিৰ বিষয়ে অধিক তথ্যৰ বাবে ৰাইজে বিনামূলীয়া নম্বৰ ১৮০০-১০২-৭৪৮০ত যোগাযোগ কৰিব পাৰে।