• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উন্মোচনৰ বাবে সাজু বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য আঁচনি প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
September 21, 2018 8:56 pm
Ayushman-Bharat-yojna-Scheme-768x457
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাৰ্বজনীন স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাপে ভাৰত চৰকাৰৰ অভিলাষী প্ৰকল্প ‘আয়ুষ্মান ভাৰত’ৰ অধীনত অহা ২৩ ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ দেশৰ লগতে বিশ্বনাথ জিলাতো আৰম্ভ হব ‘প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ শীৰ্ষক বিশ্বৰ সৰ্ববৃহৎ স্বাস্থসেৱা আঁচনি।

সেইদিনা বিয়লি ঝাৰখণ্ডৰ ৰাঁচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয়ভাৱে এই আঁচনিৰ শুভ উদ্বোধন কৰিব। একেদিনাই একে সময়তে ৰাজ্যিক পৰ্যায়ত খানাপাৰাত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ বাবে এই আঁচনিখন মুকলি কৰিব।

Apply Now

সমান্তৰালভাৱে প্ৰতিখন জিলা সদৰতে এই আঁচনি উদ্বোধনৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাগৃহত এই উপলক্ষে দেওবাৰে বিয়লি ১ বজাৰ পৰা এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত বিশ্বনাথ জিলাৰ বাবে প্ৰধানমন্ত্ৰী ‘জন আৰোগ্য যোজনা’ৰ উদ্বোধনৰ লগতে প্ৰায় ত্ৰিছগৰাকীৰো অধিক হিতাধিকাৰীক প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ড প্ৰদান কৰা হ’ব।

অনুষ্ঠানত ঝাৰখণ্ডৰ ৰাঁচীত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানটোৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰো প্ৰদৰ্শন কৰা হব। উল্লেখযোগ্য যে ‘প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ৰ জৰিয়তে দেশৰ কোটি কোটি দৰিদ্ৰ জনতাই সকলোবোৰ জটিল ৰোগৰ ক্ষেত্ৰতে নগদবিহীন আৰু কাকতবিহীন স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব।

সমগ্ৰ দেশৰ ১০ কোটিৰো অধি্ক পৰিয়ালৰ ৫০ কোটিৰো অধিক হিতাধিকাৰী ইয়াৰ দ্বাৰা লাভান্বিত হব। ২০১১ চনৰ আৰ্থ-সামাজিক আৰু জাতি পিয়লৰ তথ্য অনুসৰি তালিকাভুক্ত প্ৰতিটো দৰিদ্ৰ পৰিয়ালে এই আঁচনিৰ অধীনত বছৰি ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব। সকলোবোৰ চৰকাৰী চিকিৎসালয় আৰু তালিকাভুক্ত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এই সুবিধা লাভ কৰিব পৰা যাব।

এই চিকিৎসালয়সমূহৰ হেল্পডেস্কত অহৰ্নিশে এগৰাকী ‘আয়ুষ্মান মিত্ৰ’ উপস্থিত থাকিব। ‘প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ৰ অধীনত শল্য চিকিৎসা, মেডিকেল আৰু দিবাকালীন সেৱা চিকিৎসাৰ সৈতে ঔষধ আৰু পৰীক্ষাসহ মুঠ ১৩৯৪ টা পেকেজ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰে ২২১টা পেকেজ চৰকাৰী চিকিসালয়ৰ বাবে সংৰক্ষিত। এই আঁচনিৰ বিষয়ে অধিক তথ্যৰ বাবে ৰাইজে বিনামূলীয়া নম্বৰ ১৮০০-১০২-৭৪৮০ত যোগাযোগ কৰিব পাৰে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd