• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইছোৰৰ বিজ্ঞানীসকলক প্ৰধান মন্ত্ৰীৰ সম্বোধন; ক’লে বিজ্ঞানত ব্যৰ্থতা নাই, আছে প্ৰয়োগ আৰু পৰীক্ষা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2019 9:25 am
modi-isro

ইছৰোৰ বিজ্ঞানীক প্ৰধান মন্ত্ৰীৰ সম্বোধন

5.2k
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে নিশা ভাৰতৰ দ্বিতীয় চন্দ্ৰ অভিযানৰ অন্তিম পৰ্য্যায়ত লেণ্ডাৰ বিক্ৰমে ইছৰোৰ কণ্ট্ৰ’ল ৰুমৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ পাছত শনিবাৰে ৰাতিপুৱাই ইছৰোৰ বাংগালুৰুস্থিত মুখ্য কাৰ্য্যালয়ত দেশৰ বিজ্ঞানীসকলক উৎসাহ জগোৱাৰ বাবে পুনৰবাৰ উপস্থিত হয় দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

ৰাতিপুৱা ইছৰোৰৰ মুখ্য কাৰ্য্যালয়ত বিজ্ঞানীসকলক সম্বোধন কৰি দিয়া ভাষণত প্রধান মন্ত্ৰী মোদীয়ে সমগ্ৰ দেশ ইছৰোৰ সৈতে আছে বুলি মন্তব্য কৰে।

Addressing our hardworking space scientists. Watch. https://t.co/rPRfGBQLJQ

— Narendra Modi (@narendramodi) September 7, 2019

‘‘সমগ্ৰ দেশে চন্দ্ৰ অভিযানক লৈ গৌৰৱ কৰিছে, আমি ইয়াৰ পৰা নতুন শিক্ষা গ্ৰহণ কৰিব পাৰিছো আৰু সেই শিক্ষাৰ বলতে ভবিষ্যতে আমি পুনৰ নতুন নতুন ঠাইলৈ অভিযান আৰম্ভ কৰিব লাগিব। বিজ্ঞানত ব্যৰ্থতা নাই, বিজ্ঞান হ’ল পৰীক্ষা আৰু প্ৰয়োগৰ সংমিশ্ৰণ।’’-প্ৰধান মন্ত্ৰীয়ে বিজ্ঞানীসকলক উৎসাহ প্ৰদান কৰি কয়।

লগতে পঢ়ক : লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ বিচ্ছিন্ন ইছোৰৰ; প্ৰধান মন্ত্ৰীয়ে ক’লে হতাশ নহ’ব, সাহসেৰে আগবাঢ়ক, দেশ আপোনালোকৰ সৈতে আছে

আনহাতে, প্ৰথমটো প্ৰয়াসতে মঙল গ্ৰহলৈ সফল অভিযান চলোৱা, একেলগে ১০০ টা উপগ্ৰহ উক্ষেপন কৰা আদিকে ধৰি সফলতাৰ অভিধান ইছৰোৰ নামত থকাৰ পাছত ইছৰোৰ নিৰাশ হ’বলগীয়া কোনোধৰণৰ কথা নাই বুলিও মোদীয়ে উল্লেখ কৰে।

তদুপৰি, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ সফলতা আহিবলৈ এতিয়াও বাকী আছে বুলি কৈ বিজ্ঞানীসকলৰ ত্যাগ আৰু কষ্টৰ সলাগ লয় মোদীয়ে।

লগতে পঢ়ক : ভাৰতৰ মহাকাশ যাত্ৰাৰ সফলতাৰে শ্ৰীহৰি কোটাৰ পৰা ‘চন্দ্ৰযান-২’ৰ সফল উক্ষেপণ; অভিযানৰ অংশীদাৰ অসমীয়া বিজ্ঞানী ড০ জিতেন্দ্ৰ নাথ গোস্বামী

মোদীয়ে উপদেশ দিবৰ বাবে নহয় বিজ্ঞানীসকলৰ পৰা অনুপ্ৰেৰণা ল’বৰ বাবেহে পুনৰ তেওঁলোকৰ মাজলৈ আহিছে বুলি উল্লেখ কৰে।

প্ৰধান মন্ত্ৰীয়ে ইছৰোৰৰ বিজ্ঞানীসকলক উদ্দেশ্য কৰি কয় ”আপোনালোক হৈছে অনুপ্ৰেৰণাৰ সাগৰ আপোনালোকৰ প্ৰয়াস, ত্যাগ, জ্ঞান আৰু কষ্টৰ বলত আজি ভাৰতে পৃথিৱীৰ শ্ৰেষ্ঠ মহাকাশ গৱেষণা সংস্থা সমূহৰ ভিতৰত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।”

লগতে পঢ়ক : চন্দ্ৰলৈ আৰু এঢাপ; চন্দ্ৰযান-২ৰ পৰা বিচ্ছিন্ন ‘বিক্ৰম’

উল্লেখযোগ্য যে, প্রধান মন্ত্ৰী মোদীয়ে ভাষণ সমাপ্ত কৰিয়ে ইছৰোৰ কাৰ্য্যালয়ত চন্দ্ৰ অভিযানৰ সৈতে জড়িত হৈ থকা প্ৰতিগৰাকী ব্যক্তিক ব্যক্তিগতভাৱে কৰমৰ্দন কৰে আৰু অধ্যক্ষ কে শিৱানক ধন্যাবদ জ্ঞাপন কৰে।

শুকুৰবাৰে নিশাও প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইছোৰৰ বিজ্ঞানীসকলৰ সৈতে ইছৰোৰ মুখ্য কাৰ্য্যালয়ত উপস্থিত আছিল।

 

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd