মণিপুৰ বিষয়ক লৈ অচলাৱস্থাৰ সৃষ্টি হৈছে সংসদত। অধিৱেশনৰ আৰম্ভণিৰে পৰা বিৰোধী দলসমূহে মণিপুৰ বিষয়ত আলোচনাৰ দাবীত সংসদ স্থবিৰ কৰি ৰাখিছে। বিৰোধীৰ পৰিকল্পনা হৈছে একত্ৰিত হৈ কেন্দ্ৰক হেঁচা প্ৰয়োগ কৰা।
এনে পৰিস্থিতিত সোমবাৰে সংসদত এখন বৈঠক অনুষ্ঠিত কৰি বিজেপিৰ কৌশল নিৰ্ণয় কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাপতিত্বত অনুষ্ঠিত হয় এই বৈঠক। ইণ্ডিয়া মিত্ৰজোঁটৰ বিৰুদ্ধে কেনেদৰে প্ৰতিৰোধ সৃষ্টি কৰিব পাৰি সেই বিষয়ে আলোচনা কৰে চৰকাৰী পক্ষই। বৈঠকত উপস্থিত থাকে কেবিনেট মন্ত্ৰীসকল।
লগতে পঢ়ক: সকলো বিভাগৰ ‘অপ্ৰয়োজনীয়’ খালী পদ বিলোপ কৰাৰ পদক্ষেপ অসম চৰকাৰৰ
এইবাৰৰ বৰ্ষাকালীন অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে ৩০খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰাৰ পৰিকল্পনা কৰিছে। কিন্তু অধিৱেশনৰ আৰম্ভণিৰ পৰাই মণিপুৰ বিষয়ত বিৰোধীয়ে অচলাৱস্থাৰ সৃষ্টি কৰাৰ লগে লগে চৰকাৰী পক্ষই আজি এখন বৈঠকত বহি বিৰোধীৰ কৌশল ভংগ কৰাৰ সিদ্ধান্ত লৈছে।
খবৰ অনুসৰি এই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, নীতিন গাডকাৰী, অনুৰাগ ঠাকুৰ, পীযুষ গোৱাল, প্ৰহ্লাদ যোশী, অৰ্জুন ৰাম মেঘৱাল উপস্থিত আছে।
লগতে পঢ়ক: এসপ্তাহ নৌহওতেই ভাঙি পৰিল মোদীয়ে উদ্বোধন কৰা ‘বীৰ সাৱৰকাৰ আন্তৰ্জাতিক বিমানবন্দৰ’ৰ ছাদ
সূত্ৰ অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে বিৰোধী দলৰ নেতাসকলক এজন এজনকৈ ফোন কৰি সংসদৰ অধিৱেশন সুচাৰুৰূপে চলাবলৈ অনুৰোধ জনাইছে।