DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

“যদি চৰকাৰে সকলো জানেই, তেন্তে ন্যায়ালয়লৈ কিয় আহিছে”! কেন্দ্ৰক কটাক্ষ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2022 6:58 pm
Supreme Court on PM Security Breach
446
VIEWS
Share on FacebookShare on Twitter

যদি চৰকাৰে সকলো জানেই, তেন্তে ন্যায়ালয়লৈ কিয় আহিছে? পঞ্জাৱত প্রধানমন্ত্ৰী মোদীয়ে সন্মুখিন হোৱা অনাহুত পৰিস্থিতিৰ বিষয়ে যদি বিজেপিয়ে সকলো জানেই, তেন্তে তদন্তকাৰী সংস্থাসমূহৰ কি কাম? এনেধৰণেই আজি কেন্দ্ৰীয় চৰকাৰ তথা বিজেপিক একপ্ৰকাৰৰ চৰম কটাক্ষ কৰে উচ্চতম ন্যায়ালয়ে।

পঞ্জাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয় আৱদ্ধ হোৱাৰ সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। ন্যায়ালয়ে চাৰিজনীয়া সদস্যৰে গঠিত এখন তদন্তকাৰী সমিতি গঠন কৰিছে।

সমিতিখনৰ নেতৃত্ব দিব উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত বিচাৰপতিয়ে। বাকীকেইজন সদস্য হিচাপে থাকিব চণ্ডীগড়ৰ ডিৰেক্টৰ জেনেৰেল অৱ পুলিছ, এনআইএৰ আই জী আৰু হাই কোৰ্টৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল। আজি উচ্চতম ন্যায়ায়লৰ প্ৰধান বিচাৰপতিৰ নেতৃত্বত এখন বিচাৰপীঠে এই ৰায় প্ৰদান কৰিছে।

ইয়াৰ লগতে, বিষয়টোৰ সম্পৰ্কত চলি থকা অন্যান্য তদন্তসমূহো বন্ধ কৰিবলৈ আদেশ দিছে উচ্চতম ন্যায়ালয়ে। উল্লেখযোগ্য যে ঘটনাটোৰ পাছতে পঞ্জাৱ চৰকাৰে তিনিজনীয়া সদস্যৰে গঠিত এখন তদন্তকাৰী সমিতি গঠন কৰি দিছিল। কিন্তু এইসমূহ বন্ধ কৰিবলৈ আদেশ দিছে উচ্চতম ন্যায়ালয়ে।

উল্লেখযোগ্য যে বুধবাৰে বুধবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে পঞ্জাৱ ভ্ৰমণ কৰিছিল। কিন্তু কৃষি আইনৰ প্ৰতিবাদত আন্দোলনৰত কৃষকসকলে মোদীয়ে যাত্ৰা কৰা মোগা-ফিৰোজপুৰ ঘাইপথ অৱৰোধ কৰে। ফলস্বৰূপে প্ৰধানমন্ত্ৰীৰ কনভয় এখন উৰণীয়া সেঁতুৰ ওপৰত ২০ মিনিটৰ বাবে আৱদ্ধ হৈ পৰিছিল।

ইয়াৰ পৰিণতিত ৰাজনৈতিক ৰেলীটো সম্বোধন নকৰাকৈয়ে বাঠিণ্ডা বিমানবন্দৰলৈ উভটিব লগা হৈছিল মোদী। বিমানবণ্ডৰত উপস্থিত হৈ সাংবাদিকক তেওঁ কৈছিল যে কথমপি তেওঁ প্ৰাণ ৰক্ষা কৰি আহিছে।

ঘটনাটোক লৈ দেশৰ ৰাজনীতি তুংগত আছে। তুংগত আছে বিজেপি-কংগ্ৰেছৰ বাকযুদ্ধ। গৃহমন্ত্ৰালয়ে ঘটনাটোৰ বাবে পঞ্জাৱৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰক দোষাৰোপ কৰিছে।

আনকি প্ৰধানমন্ত্ৰী মোদীক কংগ্ৰেছে হত্যা কৰাৰ ষড়যন্ত্ৰ কৰাৰ দৰে অভিযোগো উত্থাপন কৰি আহিছে বিজেপিয়ে। সেই লৈ দেশজুৰি মহামৃত্যুঞ্জয় যজ্ঞ আয়োজন কৰিছে।

আনহাতে, পঞ্জাৱ চৰকাৰে কৈছে যে মোদীৰ সভাত জনসমাগম সেৰঙা হোৱাৰ বাবেহে মোদী উভটি গৈছিল। তদুপৰি মোদীৰ আগমণক লৈ হোৱা স্বতঃস্ফূৰ্ত কৃষক আন্দোলনৰ ক্ষেত্ৰত একো কৰিব লগা নাছিল বুলিও কংগ্ৰেছে কয়।

ইফালে, আজি উচ্চতম ন্যায়ালয়ে ৰায়দানটোত বিজেপি চৰকাৰে তোলা এইসমূহ অভিযোগক অগ্ৰাহ্য কৰে। ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ চলিছিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি প্ৰদৰ্শন কৰে।

তেওঁ সমগ্ৰ ঘটনাৰ বাবে পঞ্জাৱ চৰকাৰ আৰু প্ৰশাসনযন্ত্ৰক দোষাৰোপ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ন্যায়াধীশ হিমা কোহলীয়ে কয় যে প্ৰধানমন্ত্ৰীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত পঞ্জাৱ চৰকাৰৰ যিসমূহ গাফিলতিৰ কথা কোৱা হৈছে, সেইসমূহে এনেধৰণৰ এটা ইংগিত বহন কৰিছে যে ইতিমধ্যে চৰকাৰে সকলো জানে।

যদি চৰকাৰে সকলো জানেই, তেন্তে ন্যায়ালয়লৈ কিয় আহিছে বুলি তেওঁ চৰকাৰী পক্ষক কটাক্ষ কৰে।

আনহাতে, পঞ্জাৱ চৰকাৰৰ তৰফৰ পৰা তদন্ত পক্ৰিয়াটো উচ্চতম ন্যায়ালয়ৰ পৰিচালনাত নিৰপেক্ষ আৰু স্বতন্ত্ৰভাৱে সম্পন্ন কৰিবলৈ আহ্বান কৰা হৈছে।

পঞ্জাৱ চৰকাৰে কয় যে যদি ঘটনাটোত পঞ্জাৱৰ প্ৰশাসনৰ গাফিলতী প্ৰতিপন্ন হয়, তেন্তে সংশ্লিষ্ট প্ৰশাসনিক বিষয়াসমূহক ফাঁচীকাঠত তোলা হ’ব।

Recent News

Budget 2023

নিৰ্বাচন উপলক্ষ্যে চমৎকাৰী বাজেট! মধ্যবিত্তক কৰ ৰেহাই সীতাৰমণৰ

Man rape girlfriend daughter

ধিক্ মানৱতা! প্ৰেয়সীৰ তিনি বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা যুৱকৰ

Budget 2023

সন্মুখত নিৰ্বাচন! সংসদত ‘অমৃত কালৰ প্ৰথমখন বাজেট’ দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ

Manmohan Singh

ব্ৰিটেইনত জীৱনজোৰা সাধনাৰ সন্মানেৰে সন্মানিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd