• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“যদি চৰকাৰে সকলো জানেই, তেন্তে ন্যায়ালয়লৈ কিয় আহিছে”! কেন্দ্ৰক কটাক্ষ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2022 6:58 pm
Supreme Court on PM Security Breach
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যদি চৰকাৰে সকলো জানেই, তেন্তে ন্যায়ালয়লৈ কিয় আহিছে? পঞ্জাৱত প্রধানমন্ত্ৰী মোদীয়ে সন্মুখিন হোৱা অনাহুত পৰিস্থিতিৰ বিষয়ে যদি বিজেপিয়ে সকলো জানেই, তেন্তে তদন্তকাৰী সংস্থাসমূহৰ কি কাম? এনেধৰণেই আজি কেন্দ্ৰীয় চৰকাৰ তথা বিজেপিক একপ্ৰকাৰৰ চৰম কটাক্ষ কৰে উচ্চতম ন্যায়ালয়ে।

পঞ্জাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয় আৱদ্ধ হোৱাৰ সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। ন্যায়ালয়ে চাৰিজনীয়া সদস্যৰে গঠিত এখন তদন্তকাৰী সমিতি গঠন কৰিছে।

Apply Now

সমিতিখনৰ নেতৃত্ব দিব উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত বিচাৰপতিয়ে। বাকীকেইজন সদস্য হিচাপে থাকিব চণ্ডীগড়ৰ ডিৰেক্টৰ জেনেৰেল অৱ পুলিছ, এনআইএৰ আই জী আৰু হাই কোৰ্টৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল। আজি উচ্চতম ন্যায়ায়লৰ প্ৰধান বিচাৰপতিৰ নেতৃত্বত এখন বিচাৰপীঠে এই ৰায় প্ৰদান কৰিছে।

ইয়াৰ লগতে, বিষয়টোৰ সম্পৰ্কত চলি থকা অন্যান্য তদন্তসমূহো বন্ধ কৰিবলৈ আদেশ দিছে উচ্চতম ন্যায়ালয়ে। উল্লেখযোগ্য যে ঘটনাটোৰ পাছতে পঞ্জাৱ চৰকাৰে তিনিজনীয়া সদস্যৰে গঠিত এখন তদন্তকাৰী সমিতি গঠন কৰি দিছিল। কিন্তু এইসমূহ বন্ধ কৰিবলৈ আদেশ দিছে উচ্চতম ন্যায়ালয়ে।

উল্লেখযোগ্য যে বুধবাৰে বুধবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে পঞ্জাৱ ভ্ৰমণ কৰিছিল। কিন্তু কৃষি আইনৰ প্ৰতিবাদত আন্দোলনৰত কৃষকসকলে মোদীয়ে যাত্ৰা কৰা মোগা-ফিৰোজপুৰ ঘাইপথ অৱৰোধ কৰে। ফলস্বৰূপে প্ৰধানমন্ত্ৰীৰ কনভয় এখন উৰণীয়া সেঁতুৰ ওপৰত ২০ মিনিটৰ বাবে আৱদ্ধ হৈ পৰিছিল।

ইয়াৰ পৰিণতিত ৰাজনৈতিক ৰেলীটো সম্বোধন নকৰাকৈয়ে বাঠিণ্ডা বিমানবন্দৰলৈ উভটিব লগা হৈছিল মোদী। বিমানবণ্ডৰত উপস্থিত হৈ সাংবাদিকক তেওঁ কৈছিল যে কথমপি তেওঁ প্ৰাণ ৰক্ষা কৰি আহিছে।

ঘটনাটোক লৈ দেশৰ ৰাজনীতি তুংগত আছে। তুংগত আছে বিজেপি-কংগ্ৰেছৰ বাকযুদ্ধ। গৃহমন্ত্ৰালয়ে ঘটনাটোৰ বাবে পঞ্জাৱৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰক দোষাৰোপ কৰিছে।

আনকি প্ৰধানমন্ত্ৰী মোদীক কংগ্ৰেছে হত্যা কৰাৰ ষড়যন্ত্ৰ কৰাৰ দৰে অভিযোগো উত্থাপন কৰি আহিছে বিজেপিয়ে। সেই লৈ দেশজুৰি মহামৃত্যুঞ্জয় যজ্ঞ আয়োজন কৰিছে।

আনহাতে, পঞ্জাৱ চৰকাৰে কৈছে যে মোদীৰ সভাত জনসমাগম সেৰঙা হোৱাৰ বাবেহে মোদী উভটি গৈছিল। তদুপৰি মোদীৰ আগমণক লৈ হোৱা স্বতঃস্ফূৰ্ত কৃষক আন্দোলনৰ ক্ষেত্ৰত একো কৰিব লগা নাছিল বুলিও কংগ্ৰেছে কয়।

ইফালে, আজি উচ্চতম ন্যায়ালয়ে ৰায়দানটোত বিজেপি চৰকাৰে তোলা এইসমূহ অভিযোগক অগ্ৰাহ্য কৰে। ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ চলিছিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি প্ৰদৰ্শন কৰে।

তেওঁ সমগ্ৰ ঘটনাৰ বাবে পঞ্জাৱ চৰকাৰ আৰু প্ৰশাসনযন্ত্ৰক দোষাৰোপ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ন্যায়াধীশ হিমা কোহলীয়ে কয় যে প্ৰধানমন্ত্ৰীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত পঞ্জাৱ চৰকাৰৰ যিসমূহ গাফিলতিৰ কথা কোৱা হৈছে, সেইসমূহে এনেধৰণৰ এটা ইংগিত বহন কৰিছে যে ইতিমধ্যে চৰকাৰে সকলো জানে।

যদি চৰকাৰে সকলো জানেই, তেন্তে ন্যায়ালয়লৈ কিয় আহিছে বুলি তেওঁ চৰকাৰী পক্ষক কটাক্ষ কৰে।

আনহাতে, পঞ্জাৱ চৰকাৰৰ তৰফৰ পৰা তদন্ত পক্ৰিয়াটো উচ্চতম ন্যায়ালয়ৰ পৰিচালনাত নিৰপেক্ষ আৰু স্বতন্ত্ৰভাৱে সম্পন্ন কৰিবলৈ আহ্বান কৰা হৈছে।

পঞ্জাৱ চৰকাৰে কয় যে যদি ঘটনাটোত পঞ্জাৱৰ প্ৰশাসনৰ গাফিলতী প্ৰতিপন্ন হয়, তেন্তে সংশ্লিষ্ট প্ৰশাসনিক বিষয়াসমূহক ফাঁচীকাঠত তোলা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd