NORTHEAST NOW (Assamese)
অসম

দৰং আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰসহ আটক কৰিলে দুজন চোৰাং চিকাৰীক

Posted by: ময়ূখ গোস্বামী October 8, 2018 7:46 pm
Poachers-arrested

বন বিভাগ তথা আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰা দুজন চোৰাং চিকাৰীক দেওবাৰে নিশা দৰং আৰক্ষীৰ এটা অভিযানকাৰী দলে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।

আটকাধীন চোৰাং চিকাৰী দুজনৰ পৰা এটা পইণ্ট থ্ৰী নট থ্ৰী ৰাইফল উদ্ধাৰ কৰাৰ লগতে চোৰাং চিকাৰী দুজনৰ এজন নাগালেণ্ডৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আজি দৰং জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিঠ ঠিৰাভিয়ামে এই সংক্ৰান্তত এখন সংবাদমেল সম্বোধন কৰি কয় যে উপ আৰক্ষী অধীক্ষক অমিত হোজাই আৰু শ্যামপুৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক নিপু কলিতাৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে কালি নিশা প্ৰায় ৯.৩০ মান বজাত ৰৌমাৰী বজাৰৰ পৰা উক্ত চোৰাং গঁড় চিকাৰী দুজনক গ্ৰেপ্তাৰ কৰে।

চোৰাং চিকাৰী কেইজনৰ পৰা পইণ্ট থ্ৰী নট থ্ৰী ৰাইফলটোৰ উপৰি এটা মেগজিন, পাঁচ জাই সক্ৰিয় গুলী, এটা চাইলেন্সাৰ, ট্ৰেংকুলাইজাৰৰ লগতে চাৰিটা চিৰিঞ্জ উদ্ধাৰ কৰা বুলি জনায়।

আনহাতে আটকাধীন লোক দুজনৰ এজন নাগালেণ্ডৰ ধনশিৰিপাৰ গাঁৱৰ শৈলেন্দ্ৰ কেম্পৰাই (৪০) আৰু আনজন নগাঁও জিলাৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত ১ নং লাংগীয়া গাঁৱৰ  ছাছিমুদ্দিনৰ পুত্ৰ খাইৰুল জামান (৩২) বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক শ্ৰীজিঠ ঠিৰাভিয়ামে।