NORTHEAST NOW (Assamese)

আৰক্ষীৰ-মহিলাৰ বন্ধুত্বসুলভ সম্পৰ্ক বজাই ৰাখিবলৈ চাইকেল ৰেলী আৰক্ষীৰ

February 19, 2023 5:28 pm · এন ই নাও নিউজ, গুৱাহাটী

দিল্লী আৰক্ষীয়ে দেওবাৰে মহিলাসকলক আৰক্ষীৰ সৈতে সংযুক্ত কৰি ৰাখিবলৈ এটি চাইকেল ৰেলীৰ আয়োজন কৰে। সজাগতা সৃষ্টিৰ বাবে অনুষ্ঠিত কৰা এই ৰেলীত ১০০ৰো অধিক লোকে অংশগ্ৰহণ কৰে বুলি জানিবলৈ দিছে দিল্লী আৰক্ষীয়ে।

দিল্লীৰ উপ আৰক্ষী আয়ুক্ত চন্দন চৌধাৰীয়ে কয় যে সাধাৰণ ৰাইজৰ সৈতে আৰক্ষীক সংযোগ কৰি ইউনিফৰ্মৰ ফ’বিয়া আঁতৰোৱাটো আমাৰ লক্ষ্য।

দিল্লী আৰক্ষীয়ে এইবাৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰিছে। এই উপলক্ষে দিল্লী আৰক্ষীয়ে সাধাৰণ জনতাৰ সৈতে আৰক্ষীৰ সংযোগ স্থাপন আৰু ৰাইজৰ মনৰ পৰা ইউনিফৰ্মৰ ভয় দূৰ কৰিবলৈ দিল্লী আৰক্ষী সপ্তাহ পালন কৰিছে।

আৰক্ষী বিষয়া চন্দন চৌধাৰীয়ে লগতে কয় যে দিল্লী এখন ৰাজধানী চহৰ। গতিকে দিল্লী আৰক্ষীৰ বাবে মহিলাৰ নিৰাপত্তাৰ বিষয়টো খুবেই গুৰুত্বপূৰ্ণ। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই আজি এইদৰে আমি এই চাইকেল ৰেলী অনুষ্ঠিত কৰিলোঁ।

Related News