• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

কংগ্ৰেছৰ হৈ কোন কোন প্ৰাৰ্থীত্ব প্ৰত্যাশী? কোনে মাৰিব শেষ হাঁহি? কোনে পাব প্ৰাৰ্থিত্ব? বিজেপিৰ দেৱান ধ্ৰুৱজ্যোতি মৰল নে ৰমেন্দ্ৰ নাৰায়ণ কলিতা?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 24, 2021 9:12 pm
pashim Guwahati Samasti
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কামৰূপ মহানগৰ জিলাৰ চাৰিটাকৈ গুৰুত্বপূৰ্ণ সমষ্টি ক্ৰমে দিচপুৰ, পূৱ-গুৱাহাটী, পশ্চিম গুৱাহাটী আৰু জালুকবাৰী।

উক্ত সমষ্টিকেইটাৰ ভিতৰত পশ্চিম গুৱাহাটীত নিৰ্বাচনতকৈ নিৰ্বাচনৰ পূৰ্বৰ টিকটকেন্দ্ৰিক যুঁজখনো নিশ্চয়কৈ আকৰ্ষণীয় হ’ব। পশ্চিম গুৱাহাটী সমষ্টিটো বৰ্তমান অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দখলত আছে।

Apply Now

২০১৬ চনৰ বিধান সভা নিৰ্বাচনত তেওঁ লাভ কৰিছিল ১,৩২,১৮৪ টা ভোট। তাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী ড০ জুৰি শৰ্মা বৰদলৈয়ে লাভ কৰিছিল ৪২,২৭৪ টা ভোট। অৰ্থ্যাৎ কলিতাই শৰ্মাক ৮৯,৯১০ টা ভোটত পৰাজিত কৰিছিল।

সমষ্টিটোত ২,৫৩,৫৫৭ গৰাকী ভোটাৰে ২০১৬ চনত ভোটাধিকাৰ সাব্যস্ত কৰিছিল। কিন্তু এইবাৰ বিজেপিয়ে অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাক এৰি দিব নে এই সমষ্টি? সমষ্টিটোৰ বিজেপিৰ নেতা-কৰ্মীসকল মুঠেও বিধায়কজনৰ কাম-কাজক লৈ সুখী নহয়।

বিধায়কজনে বিজেপিৰ সাধাৰণ কাৰ্য্যকৰ্তাসকলক কোনোধৰণৰ চৰকাৰী সা-সুবিধা নিদিয়া বুলিও কিছুসংখ্যকে অভিযোগ উত্থাপন কৰিছে। ইয়াৰোপৰি, সমষ্টিটোৰ বিজেপিৰ টিকট প্ৰত্যাশীৰো গুৰুতৰ অভিযোগ ‘বিজেপি চৰকাৰে যিমানখিনি উন্নয়নমূলক কাম কৰিলে তাৰ বিপৰীতে সেই কামসমূহ পশ্চিম গুৱাহাটীৰ দৰে সমষ্টিত বিধায়কজনৰ হেমাহিৰ বাবে পৰি ৰৈছে।

মহানগৰ হৈয়ো গাঁৱতকৈও কম উন্নয়ন হৈছে সমষ্টিটোত।‘ ইপিনে, পশ্চিম গুৱাহাটী সমষ্টিত বৰ্তমানো ৰাস্তা-ঘাটৰ অৱস্থা অনুন্নত, খোৱা পানীৰ সমস্যা, বহু অঞ্চলত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে বুলিও তথ্যত প্ৰকাশ পাইছে।

সেয়েহে এইবাৰ সমষ্টিটোত বিজেপিয়ে প্ৰাৰ্থী থিয় কৰাব বিচাৰিছে। বিজেপিৰ মেডিয়া বিভাগৰ ৰাজ্যিক আহ্বায়ক  দেৱান ধ্ৰুৱজ্যোতি মৰলৰ লগতে বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক তথা প্ৰাক্তন উপ সভাপতি বিজয় গুপ্তাৰ নাম প্ৰাৰ্থীত্ব প্ৰত্যাশী হিচাপে আছে। সূত্ৰ অনুসৰি যদি অগপৰ দখলত থকা এই সমষ্টিটোত বিজেপিয়ে প্ৰাৰ্থী থিয় কৰায় তেন্তে দেৱান ধ্ৰুৱজ্যোতি মৰলৰ প্ৰাৰ্থীত্ব লাভৰ সম্ভাৱনা প্ৰকট।

কিয়নো সুত্ৰটোৱে দাবী কৰা মতে বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ সৈতে মৰলৰ সম্পৰ্ক মধুৰ তথা মেডিয়া বিভাগৰ ৰাজ্যিক আহ্বায়ক হিচাপে তেওঁ প্ৰচাৰৰ ক্ষেত্ৰত অতি বিচক্ষণতাৰে কাম কৰি আহিছে। তাৰ বিপৰীতে ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰো দাবী বিজেপিয়ে এই সমষ্টিটো অগপক এৰি দিব।

আনকি সূত্ৰটোৱে দাবী কৰা মতে বিজেপিয়ে মৰলক প্ৰাৰ্থীত্ব প্ৰদান কৰিলে তেওঁৰ ৯৯ শতাংশ জয়ী হোৱাৰ সম্ভাৱনা আছে।

ইপিনে, দেৱান ধ্ৰুৱজ্যোতি মৰলক এই সন্দৰ্ভত সোধাত তেওঁ কোনো ব্যক্তিগত সংস্থাই চলোৱা এক সমীক্ষা দাঙি ধৰে। তেওঁ কয় ‘পশ্চিম গুৱাহাটী সমষ্টিত অগপ ১৮% ,কংগ্ৰেছ ১৪% ৰাইজ দল + জাতীয় পৰিষদ ৬% বিজেপি ৫৭% অন্যান্য ৫ %। এই ৰিপৰ্টটো যদি শুদ্ধ হয় তেনেহলে অগপ + ৰাইজৰ দল + জাতীয় পৰিষদ + কংগ্ৰেছ + অন্যান্য সকল যোগ কৰিলেও বিজেপি দেখুন অপ্ৰতিৰোধ্য ৷’ মুঠতে টিকট বঞ্চিত হ’লে সমষ্টিটোত যে বিজেপিয়ে অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাক চিপৰাং মৰা ৰাজনীতি কৰিব সেয়া একপ্ৰকাৰ নিশ্চিত। ঠিক সেইদৰে অগপয়ো যদি সমষ্টিটো বিজেপিক এৰি দিবলগীয়া তেন্তে সেই একেই চিপৰাং মৰা ৰাজনীতি কৰা পৰিলক্ষিত হ’ব। ইপিনে, কংগ্ৰেছৰো বহুকেইগৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে ৰাজীৱ ভৱনত প্ৰাৰ্থীত্ব বিচাৰি ভিৰ কৰিছিলহি।

তাৰ ভিতৰত অন্যতম ন-কংগ্ৰেছী গায়ক বাবু বৰুৱা। গায়ক বাবুৱে ইতিমধ্যে সমষ্টিটোৰ বিভিন্ন স্থানত গৈ প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে। বাবুৰ পাছতে সমষ্টিটোৰ পৰা কংগ্ৰেছৰ টিকট বিচাৰিছে দ্বিজেন শৰ্মা, দেবকুমাৰ বৰ্মণ আৰু অভিজিত মজুমদাৰে।

সমষ্টিটোৰ পৰা কংগ্ৰেছৰ হৈ জুৰি শৰ্মা বৰদলৈয়ে টিকট নিবিচাৰিলে। তাৰ বিপৰীতে তেওঁ কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে নিযুক্তি লাভ কৰিছে। আনহাতে, উক্ত সমষ্টিটোৰ পৰা অজাপ আৰু ৰাইজৰ দলৰ হৈ কোনে প্ৰতিদ্বন্দিতা কৰিব সেয়া বৰ্তমানলৈকে পোহৰলৈ অহা নাই। মুঠৰ ওপৰত নিৰ্বাচনৰ পূৰ্বে টিকট লাভ কৰাৰ সময়ছোৱাত প্ৰাৰ্থীৰ মাজৰ সংঘাত লক্ষ্যণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd