ভাৰতত ক’ভিডৰ দ্বিতীয় ঢৌৱে হাহাকাৰৰ সৃষ্টি কৰাৰ সময়তে সহায় কৰিবলৈ আগবাঢ়ি আহিছে কেইবাজনো ক্ৰিকেটাৰ।
ইতিপূৰ্বে পেট কামিনছ, ব্ৰেট লীয়ে আৰ্থিক অনুদান আগবঢ়াইছে।
এই তালিকাত যোগ দিবলৈ উলাইছে আইপিএলৰ চলিত চিজনত পঞ্জাৱ কিংছৰ হৈ অংশ লোৱা ৱেষ্ট ইণ্ডিজৰ বেটছমেন নিক’লাছ পুৰাণ।
বেটছমেনজনে আইপিএলৰ দৰমহাৰ এক অংশ অনুদান হিচাপে আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Although many other countries are still being affected by the pandemic, the situation in India right now is particularly severe. I will do my part to bring awareness and financial assistance to this dire situation.#PrayForIndia pic.twitter.com/xAnXrwMVTu
— nicholas pooran #29 (@nicholas_47) April 30, 2021
টুইটাৰত এই উদ্দেশ্যে তেওঁ লিখে যে যদিও আন বহু দেশে মহামাৰিৰ কবলত এতিয়াও আছে, ভাৰতৰ পৰিস্থিতি বৰ্তমান অতি সংকটজনক।
সেয়ে তেওঁ সজাগতা সৃষ্টিত অংশ লোৱাৰ উপৰিও আৰ্থিক সহযোগ আগবঢ়োৱাৰ কথা তেওঁ ঘোষণা কৰিছে।