NORTHEAST NOW (Assamese)

গুৱাহাটীত সংগীতৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘ইণ্ডিয়ান আইডল’ৰ অডিশ্যন

August 1, 2019 11:15 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ছ’নি টেলিভিছনৰ সংগীতৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ইণ্ডিয়ান আইডলৰ ১১ সংখ্যক সংস্কৰণৰ অডিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে। অহা ৪ আগষ্টত গুৱাহাটী নেৰিম গ্ৰুপ অব ইনষ্টিটিউটত ইয়াৰ অডিশ্যন অনুষ্ঠিত হ’ব।

সংগীতৰ ক্ষেত্ৰখনত ১৫ৰ পৰা ৩০ বছৰ বয়সৰ প্ৰতিভাশালী যুৱ প্ৰজন্মক এখন বৃহৎ মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে ছ’নি এণ্টাৰটেইনমেণ্ট টেলিভিছনে এই ৰিয়েলিটি শ্ব’টো অনুষ্ঠিত কৰি আহিছে।

অডিশ্যন সম্পৰ্কে ছ’নিৰ শীৰ্ষ বিষয়া আশিস গোলৱালকাৰে কয় যে সংগীতৰ ক্ষেত্ৰখনত কেৰিয়াৰ গঢ়িব খোজা প্ৰতিভাসম্পন্ন অসমৰ যুৱ প্ৰজন্মক উপযুক্ত মঞ্চ প্ৰদানৰ প্ৰয়াসেৰে গুৱাহাটীত অডিশ্যন অনুষ্ঠিত কৰা হৈছে।

অহা ৪ আগষ্টত গুৱাহাটী নেৰিম গ্ৰুপ অব ইনষ্টিটিউটত ৰাতিপুৱা ৮ বজাৰ পৰা অডিশ্যন অনুষ্ঠিত হ’ব।

উল্লেখ্য যে গুৱাহাটীৰ উপৰি ভুবনেশ্বৰ, কলকাতা, ডেৰাডুন, চণ্ডীগড়, লক্ষ্ণৌ, ইন্দোৰ আৰু নাগপুৰৰ দৰে চহৰতো ইয়াৰ অডিশ্যন আয়োজন কৰা হৈছে বুলি ছ’নি টিভিৰ ফালৰ পৰা জানিবলৈ দিয়ে।

Related News