NORTHEAST NOW (Assamese)

ৰাজহুৱা স্থানত চিত্ৰ অংকনেৰে টীয়কত অসম কন্যা লাভলীনা বৰগোঁহাইক শুভেচ্ছা জ্ঞাপন

July 24, 2021 8:32 pm · নিৰ্মলেন্দু পাঠক
Updated: July 24, 2021 8:33 pm

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট জিলাৰ টীয়কতো অসম সন্তান লাভলীনা বৰগোঁহাইক লৈ উচাহৰ ঢল বৈছে ।

ইতিমধ্যে অলিম্পিকত লভলীনাই যাতে পদক অৰ্জনৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনে তাৰ বাবে খেলুৱৈ গৰাকীক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে আজি টীয়কৰ মাজ মজিয়াত দেৱালত অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ যোৰহাট জিলা সমিতিয়ে লাভলীনাৰ চিত্ৰ অংকন কৰিছে ।

সকললোৰে আশা অসমৰ দৰে এখন ৰাজ্যৰ পৰা অলিম্পিকৰ দৰে প্ৰতিযোগিতাত অংশগ্ৰহণৰে অসমৰ মান বৃদ্ধি কৰিছে আৰু এইগৰাকী লাভলীনাই পদক জয় কৰিবলৈ সক্ষম হয় তাৰ বাবে প্ৰাৰ্থনা জনাইছে ।

Related News