DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰ্থিক দৈন্যতা উত্তৰণৰ হেঙাৰ নহয় : প্ৰমাণ কৰিলে বাণিজ্যত পঞ্চম স্থানপ্ৰাপ্ত অঙ্কুৰজ্যোতিয়ে

বাণিজ্য শাখাত পঞ্চম স্থান লাভ কৰি টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিলে অঙ্কুৰজ্যোতি ভূঞাই

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
June 27, 2020 2:21 pm
Screenshot_2020-06-27-09-27-30_1
7.8k
VIEWS
Share on FacebookShare on Twitter

এহাল আদৰ্শৱান পিতৃ-মাতৃ l প্ৰত্যক্ষভাৱে সাক্ষাৎ নাপালে অনুভৱ নহ’ব l জানিব নোৱাৰিব পিতৃ-মাতৃৰ ত্যাগ l দাৰিদ্ৰতা, অভাৱ যাৰ দৃষ্টিত সদায় গৌণ l

পিতৃ ৰাজেন ভূঞা পেচাত এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী। যোৰহাট জিলাৰ টীয়ক গুৱাল গাঁৱৰ নিজা বাসগৃহৰ চৌহদত সীমিত পৰিসৰত গঢ়ি তোলা এখন সৰু ব্ৰইলাৰ ফাৰ্মেই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ পথ। মাতৃ বন্তি ভূঞা এগৰাকী সাধাৰণ গৃহিনী।

প্ৰধানমন্ত্ৰী চৰকাৰী আৱাস যোজনাৰ গৃহ লাভ কৰা, পেটে-ভাটে খাই থকা এই পৰিয়ালটোৰ তিনি সন্তানৰ কনিষ্ঠ অঙ্কুৰজ্যোতি ভূঞাই সদ্যঘোষিত উচ্চতৰ মাধ্যমিক বানিজ্য শাখাত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা পঞ্চম স্থান লাভেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

অঙ্কুৰজ্যোতিয়ে অসমীয়াত ৯৩ ,ইংৰাজী ৮৪,হিচাপ বিদ্যাত ৯৫,ব্যৱসায় অধ্যয়ন ত ৯৫,বাণিজ্যিক গণিত আৰু পৰিসংখ্যাত ৯৩ আৰু অৰ্থনীতিত ৫২ নম্বৰসহ মুঠ ৪৬০ নম্বৰ পাবলৈ সক্ষম হৈছে।

ভৱিষ্যতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ সপোন পুহি ৰখা অঙ্কুৰজ্যোতিয়ে নিতৌ ছয়ৰ পৰা আঠ ঘন্টাকৈ পঢ়িছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত দহটা স্থানৰ ভিতৰত স্থান পাবলৈ কেইটামান নম্বৰৰ বাবে বঞ্চিত হৈছিল আৰু তেতিয়াৰে পৰা পৰৱৰ্ত্তী পৰ্য্যায়ত কিবা এটা কৰাৰ অৰ্থে দিনে নিশাই কষ্ট কৰিছিল।

অঙ্কুৰজ্যোতিয়ে পঢ়াৰ সমান্তৰালকৈ মহাপুৰুষ জনাৰ অনবদ্য সৃষ্টি খোল বাদ্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি ইতিমধ্যে এগৰাকী নিপুন শিল্পী হিচাপে অঞ্চলটোত পৰিচিত হৈ পৰিছে।

পুত্ৰৰ সফলতাৰ সমষ্ট কৃতিত্ব মাতৃৰ বুলি কৈ পিতৃ ৰাজেন ভূঞাই কয়, ‘সীমিত পৰিসৰত গঢ়ি তোলা বয়লাৰ ফাৰ্মখনেই উপাৰ্জনৰ একমাত্ৰ পথ, তৎসত্বেও কোনো দিনে সন্তানৰ পঢ়াৰ ক্ষেত্ৰত বাধা আহিবলৈ দিয়া নাই।

অৱশ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হোৱাৰ পৰাই মহাবিদ্যালয়ৰ শিক্ষকৰ লগতে টীয়কৰ কেইবাগৰাকীও বিশিষ্ট শিক্ষক আৰু এটা বেচৰকাৰী সন্থাৰ সহায়ৰ বাবে তেওঁলোকৰ ওচৰত পৰিয়ালটি চিৰ কৃতজ্ঞ বুলি মন্তব্য কৰিছে।

তিনিওটা সন্তানকে পঢ়াৰ ক্ষেত্ৰত মাতৃ বন্তি ভূঞাই সমাজত ভাল মানুহ হিচাপে জীয়াই থকাৰ শিক্ষা দিয়ে প্ৰতিদিনে। আৰু আজি মাতৃৰ শিক্ষা শিৰোগত কৰি অংকুৰে আজুৰি আনিলে অসমৰ ভিতৰতে বাণিজ্য শাখাৰ পঞ্চম স্থান।হয়,এয়া সঁচাকৈয়ে অনুকৰণীয়। অংকুৰ হৈ পৰক সকলোৰে আদৰ্শ,আমিও তাকে কামনা কৰিছো।

Recent News

Sharjeel Imam

কা বিৰোধী প্ৰতিবাদৰ গোচৰত শ্বাৰ্জিল ইমামক দোষমুক্ত ঘোষণা আদালতৰ

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd