• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2026 11:08 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ-পূব এছিয়াৰ দেশ ফিলিপাইনছত এক ভয়াৱহ ভূমিকম্পই জোকাৰি গৈছে। সোমবাৰে পুৱা অনুভূত হোৱা ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত আছিল ৮.২। কঁপনিৰ তীব্ৰতা ইমানেই প্ৰবল আছিল যে বহু ঘৰ ভাঙি পৰিছে। ইতিমধ্যে এই ঘটনাত এজনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। আন বহু লোক আহত হৈছে। তদুপৰি এই বৃহৎ ভূমিকম্পৰ বাবে ছুনামীৰ সতৰ্কতা জাৰি কৰা হৈছে।

জানিব পৰা মতে, ভূমিকম্পৰ কেন্দ্ৰবিন্দু ফিলিপাইনছৰ মিন্দানাও দ্বীপৰ ওচৰত আছিল। এই প্ৰবল ভূমিকম্পৰ লগে লগে ফিলিপাইনছ, ইণ্ডোনেছিয়া, জাপানকে ধৰি এছিয়াৰ উপকূলীয় অঞ্চলত প্ৰবল ছুনামী সতৰ্কতা জাৰি কৰা হৈছে।

Apply Now

ইউনাইটেড ষ্টেটছ জিঅ’লজিকেল চাৰ্ভে (USGS) আৰু জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ’ছায়েন্সেছ (GFZ)ৰ এক প্ৰতিবেদন অনুসৰি স্থানীয় সময় পুৱা ৭.৪০ বজাত প্ৰথমটো ভূমিকম্প অনুভুত হয়। চুবুৰীয়া ইণ্ডোনেছিয়াৰ উত্তৰ চুলাওৱেছি আৰু উত্তৰ মালুকু প্ৰদেশতো কম্পন অনুভৱ কৰা হৈছিল। এই বৃহৎ ভূমিকম্পৰ পিছত ফিলিপাইনছ চৰকাৰে নিজৰ নাগৰিকৰ বাবে সতৰ্কবাণী জাৰি কৰিছে।

দেশৰ দক্ষিণ উপকূলীয় অঞ্চলত বসবাস কৰা নাগৰিকসকলক উপকূলৰ পৰা আঁতৰত নিৰাপদ স্থানলৈ যাবলৈ কোৱা হৈছে। চৰকাৰে বাসিন্দাসকলক শীঘ্ৰে ওখ ঠাইত আশ্ৰয় ল’বলৈ কৈছে। এই ভূমিকম্পৰ ফলত ফিলিপাইনছৰ উপকূলীয় অঞ্চলত ৩ মিটাৰ পৰ্যন্ত ওখ ছুনামী ঢৌৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰা হৈছে। ইণ্ডোনেছিয়া, মালয়েছিয়া, টাইৱান, গুৱাম, পাপুয়া নিউগিনি আৰু পশ্চিম প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ কেইবাখনো দেশতো ছুনামীৰ ঢৌয়ে আঘাত হানিব বুলি আশংকা কৰা হৈছে।

দেওবাৰে নিশা ভূটানতো এক বৃহৎ ভূমিকম্পৰ জোকাৰণি অনুভুত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৮। ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল ৰাজধানী থিম্ফু। যিহেতু ভূমিকম্পৰ কেন্দ্ৰবিন্দু ভূটানৰ সীমান্তৱৰ্তী অঞ্চলত আছিল, সেয়েহে ভাৰত, চীন, বাংলাদেশ আৰু নেপালৰ কেইবাটাও অঞ্চলত এই কম্পন অনুভৱ কৰা হৈছিল। অসমৰ লগতে উত্তৰ বংগ আৰু মেঘালয়ৰ কিছু অঞ্চলতো কম্পন অনুভূত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd