• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আন্দোলনৰ নেতা সমাজকৰ্মী প্ৰদীপ হাজৰিকাৰ দেহাৱসান; গৌৰীসাগৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শোক প্ৰকাশ

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
October 10, 2018 6:54 am
Pradeep Hazarika

প্ৰদীপ হাজৰিকা। ফাইল ফটো।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আন্দোলনৰ নেতা, প্ৰাক্তন আছু কৰ্মী তথা সমাজকৰ্মী শিৱসাগৰ জিলাৰ ভটীয়াপাৰৰ নিৱাসী প্ৰদীপ  হাজৰিকা(৫৯)ৰ ৯ অক্তোবৰৰ পুৱা নিজা ঘৰতে পৰলোকপ্ৰাপ্তি ঘটে। তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ পৰিবহণ বিভাগৰ বিষয়া হাজৰিকা দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ  আছিল।

অসম আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা হাজৰিকা গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক আছিল।

Apply Now

সেই সময়ত নৱ যুৱ যোগনিয়াৰ নামেৰে এখন ব্যৱসায়িক প্ৰতিষ্ঠান খুলি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন ছাত্ৰ-কৰ্মীসকলকো আত্মসংস্থাপনৰ বাট দেখুৱাইছিল।

পৰৱৰ্তী পৰ্য্যায়ত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ চাকৰিত যোগদান কৰিছিল। অঞ্চলটোৰ বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত থকা হাজৰিকা অঞ্চলটোৰ মঞ্চ বিহুৰ প্ৰতিষ্ঠাপক সাংগঠনিক সম্পাদক আছিল আৰু লগতে ভটীয়াপাৰ যুৱ সংঘৰ ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ দুবাৰকৈ সভাপতি তথা শেনচোৱা যুৱ সংঘৰ  ৰঙালী বিহু উদযাপন সমিতিৰ মুখ্য পৃষ্ঠপোষক হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল।

ইয়াৰ উপৰি গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউটৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ উদযাপন সমিতিৰো উপসভাপতি আছিল।

সমাজকৰ্মীগৰাকীৰ মৃত্যুৰ খবৰ পুৱা  বিয়পি পৰাৰ লগে লগে অনেক গুণমুগ্ধই তেখেতৰ বাসগৃহত ভিৰ কৰাৰ লগতে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো অনুষ্ঠিত হৈ যায়। গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউট, গৌৰীসাগৰ চেণ্ট্ৰেল পাব্লিক হল, গৌৰীসাগৰ জ্যেষ্ঠ নাগৰিক সন্থা আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, আইলা হাবি বৰনামঘৰ, ভটীয়াপাৰ যুৱ সংঘ, ভটীয়াপাৰ বৰনামঘৰ, ৰূপহীকিনাৰ বৰনামঘৰ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰুদ্ৰসাগৰ আঞ্চলিক সমিতি, ৰুদ্ৰসাগৰ মণ্ডল কংগ্ৰেছ সমিতি আদিকে ধৰি বিভিন্ন সংগঠনে সমাজকৰ্মীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনায়।

একেদৰে ৰুদ্ৰসাগৰ শাখা সাহিত্য সভা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰুদ্ৰসাগৰ আঞ্চলিক সমিতি, কৈৱৰ্ত যুৱ ছাত্ৰ সন্থাৰ জিলা সমিতি, দিখৌপৰীয়া সন্মিলীত যুৱ সংঘ, উজনি অসম মুছলিম কল্যাণ পৰিষদ, আহোম ৰয়েল ছ’চইটিৰ শিৱসাগৰ জিলা সমিতি, অনুসূচিত জাতি ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতি, বৰ্ণালী সংঘ, বীণাপাণি সংগীত মহাবিদ্যালয় আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।

মৃত্যুৰ সময়ত সমাজকৰ্মীগৰাকীয়ে পত্নীৰ লগতে এজন পুত্ৰ আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায়।

ৰাজীৱ দত্ত

ৰাজীৱ দত্ত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd