• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঢ়মপুৰত খেলিব মহন্তই, কংগ্ৰেছ মহাজোঁটে মহন্তক এৰি দিব নেকি সমষ্টিটো?

মহন্তৰ পত্নীয়ে দিলে মহাজোঁটত চামিল হোৱাৰ পূৰ্ণ ইংগিত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 6, 2021 8:33 pm
prafulla VS Suresh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঢ়মপুৰৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই প্ৰতিদ্বন্দ্বিতা কৰিবই। ইতিমধ্যে মহন্তৰ হৈ তেওঁৰ সমৰ্থকসকলে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে।

ইপিনে, অসম গণ পৰিষদ প্ৰগতিশীলৰ নেতা প্ৰণৱ গোস্বামীৰ নেতৃত্বত যোৱা এটা দলে আজি বিয়লি ভাগত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে।

Apply Now

সুত্ৰ অনুসৰি মহন্ত অসম গণ পৰিষদ প্ৰগতিশীলৰ প্ৰাৰ্থী হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে।

তদুপৰি, কা বিৰোধী শক্তি হিচাপে কংগ্ৰেছ মহাজোঁটৰ সৈতে মহাজোঁটত চামিল হ’ব অসম গণ পৰিষদ প্ৰগতিশীল। এই কথা সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে প্ৰণৱ গোস্বামীয়ে।

ইপিনে, কা বিৰোধী শক্তিৰ ভোট বিভাজন বিচৰা নাই অসম গণ পৰিষদ প্ৰগতিশীলে। ইয়াৰ লগতে কা বিৰোধী শক্তিৰ সৈতে প্ৰফুল্ল কুমাৰ মহন্ত আছে বুলি তেওঁ নিজে কালি সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিছে।

এই কথাৰ পৰা স্পষ্ট হৈ পৰিছে মহন্ত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী হোৱাটো এক প্ৰকাৰ নিশ্চিত।

ইপিনে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু সাংসদ প্ৰদ্যুত বৰদলৈয়ে মহন্তৰ সৈতে ফোনযোগে মহাজোঁটত অন্তৰ্ভুক্ত হোৱা-নোহোৱা সন্দৰ্ভত আলোচনা হোৱা বুলি সংবাদ মাধ্যমৰ আগত স্পষ্ট হৈ পৰিছে।

এই চৰ্চা চলি থকাৰ মাজতে কংগ্ৰেছলৈ নামি আহিছে আন এক বিপদ। সমষ্টিটোৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল সুৰেশ বৰা।

বৰাই ইতিমধ্যে কংগ্ৰেছৰ হৈ সমষ্টিটোৰ বিভিন্ন প্ৰান্তত গৈ প্ৰচাৰ চলাই আছে।

২০১৬ বৰ্ষৰ বিধান সভা নিৰ্বাচনত মাত্ৰ ৫১৬৯ টা ভোটত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰফুল্ল কুমাৰ মহন্তৰ হাতত পৰাজিত হৈছিল সুৰেশ বৰা।

কিন্তু এইবাৰ বিজেপিয়ে সমষ্টিটোত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে জিতু গোস্বামীক। জিতু গোস্বামীৰো ভেটি সমষ্টিটোত নথকা নহয়।

এনেক্ষেত্ৰত যদি কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সুৰেশ বৰাক সমষ্টিটোত টিকট প্ৰদান নকৰে তেন্তে ‘চিপৰাং’ ৰাজনীতিৰ সৃষ্টি হৈ ভোট বিভাজন হোৱাটো এক প্ৰকাৰৰ নিশ্চিত। সুত্ৰ অনুসৰি মহন্তই বঢ়মপুৰৰ পৰা মিত্ৰজোঁটৰ হৈ টিকট লাভ কৰিব বুলি চৰ্চা চলাৰ সময়তে হতাশ হৈ পৰিছে সুৰেশ বৰা।

ইয়াক লৈ এতিয়া সমষ্টিটোৰ ক্ষেত্ৰত একপ্ৰকাৰ বিপাঙত পৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব। তাৰ মাজতে দিল্লীলৈ প্ৰদেশ কংগ্ৰেছে প্ৰাৰ্থীৰ তালিকা প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে, প্ৰফুল্ল কুমাৰ মহন্ত এক সংগ্ৰামী সত্তা বুলি দাবী কৰে পত্নী পদ্মশ্ৰী জয়শ্ৰী গোস্বামীয়ে।

তেওঁ আৰু কয় ‘তেওঁ সদায় বঢ়মপুৰবাসী ৰাইজৰ লগত থাকিব। অসমীয়া জাতীয় জীৱনৰ প্ৰতি তেওঁৰ চেতনা-দায়িত্ববোধ কেতিয়াও এৰাব নোৱাৰে।

ইপিনে, কা বিৰোধী স্থিতিত থকা কেইবাটাও ৰাজনৈতিক দলে মহাজোঁট গঠন কৰিছে বুলি উল্লেখ কৰি গোস্বামীয়ে কয় ‘তেওঁলোকৰ চিন্তা-চৰ্চা অসমৰ জাতীয় চিন্তাৰ হকে গৈছে, বিপক্ষে নহয়। মহন্তৰ সৈতে তেওঁলোকৰ স্থিতিৰ সহমত আছে বা মিলিছে গতিকে অসমৰ ৰাইজেও সকলো একেলগে থকাটো বিচাৰিছে। মহাজোঁটৰ সৈতে পৰিস্থিতি সাপেক্ষে তেওঁ চামিল হ’ব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd