• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, November 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

ইংলে পথাৰৰ কৃষিভূমি পুঁজিপতিক গটাই দিয়াৰ প্ৰতিবাদ কৰা নেতাজনক আৰক্ষীয়ে হঠাতে গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা সংগঠনটোৰ

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 12, 2026 8:22 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙাৰ ইংলে পথাৰত ভূমি ৰক্ষা আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত যুৱ নেতা প্ৰণৱ দলেক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক ডি ৱাই এফ আইয়ে তীব্ৰ প্ৰতিবাদ জনোৱাৰ লগতে তেওঁৰ তাৎক্ষণিক মুক্তিৰ দাবী উত্থাপন কৰিছে। দেওবাৰে সংগঠনটোৰ অসম ৰাজ্যিক সমিতিয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে চৰকাৰে আৰক্ষী আৰু প্ৰশাসনক ব্যৱহাৰ কৰি এনেদৰে গণতান্ত্ৰিক আন্দোলন দমন কৰিব বিচৰা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰি সমগ্ৰ ৰাইজক ঐক্যবদ্ধ হ‘বলৈ আহ্বান জনাইছে।

সংগঠনটোৱে প্ৰকাশ কৰা অনুসৰি, কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকসকলে যুগ যুগ ধৰি কৃষি কৰ্ম কৰি অহা ভূমি হঠাতে পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে পুঁজিপতি গোষ্ঠীক গটাই দিয়াৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে স্থানীয় ৰাইজে প্ৰতিবাদ অব্যাহত ৰাখিছে। নিজৰ ভূমি কোনো কাৰণতে এৰি নিদিয়াৰ হুংকাৰ দিয়া কৃষকসকলৰ এই আন্দোলনক ডি ৱাই এফ আইকে ধৰি ৰাজ্যৰ বহু দল-সংগঠনে সমৰ্থন প্ৰকাশ কৰিছে। কৃষকসকলৰ স্বাৰ্থত ভূমি অধিগ্ৰহণৰ এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাই অহা আন্দোলনটোত প্ৰণৱ দলেই সক্ৰিয়ভাৱে জড়িত আছিল। কিন্তু শেহতীয়াকৈ আৰক্ষীয়ে হঠাতে দলেৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰে।

Apply Now

যুৱ নেতাগৰাকীৰ গ্ৰেপ্তাৰৰ প্ৰসংগত ডি ৱাই এফ আইয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সংগঠনটোৱে দাবী কৰা মতে, কৰ্প‘ৰেটৰ স্বাৰ্থক প্ৰাধান্য দিয়া বিজেপি চৰকাৰৰ নব্য-ফেচিবাদী প্ৰৱণতাসমূহ সমগ্ৰ দেশতে প্ৰকট হৈ উঠিছে। অসমতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে জনগণৰ বাকস্বাধীনতা, সাহিত্য-শিল্প-কলা প্ৰকাশৰ স্বাধীনতা আৰু সভা-সমাৱেশ বা প্ৰতিবাদ অনুষ্ঠিত কৰাৰ দৰে সংবিধানপ্ৰদত্ত গণতান্ত্ৰিক অধিকাৰসমূহৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণ চলাইছে বুলি তেওঁলোকে অভিযোগ কৰিছে। চৰকাৰখনে স্বৈৰাচাৰী মনোভাৱেৰে গণতান্ত্ৰিক আন্দোলনসমূহ দমন কৰিবলৈ আৰক্ষী আৰু প্ৰশাসনক নিৰ্লজ্জভাৱে ব্যৱহাৰ কৰা বুলিও প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰিছে।

চৰকাৰৰ এনে দমনমূলক কাৰ্যকলাপৰ বিৰুদ্ধে সকলোকে একত্ৰিত হ‘বলৈ ডি ৱাই এফ আইয়ে আহ্বান জনাইছে। প্ৰণৱ দলেক অতি শীঘ্ৰে মুক্তি দিয়াৰ লগতে চৰকাৰৰ স্বৈৰাচাৰী কাম-কাজৰ বিৰুদ্ধে আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধৰ সপক্ষে থিয় দিবলৈ সকলো শ্ৰেণীৰ জনগণক সংগঠনটোৱে সমবেত হোৱাৰ অনুৰোধ জনাইছে। নেতাগৰাকীৰ গ্ৰেপ্তাৰ আৰু কাজিৰঙাৰ ভূমি আন্দোলনক লৈ বৰ্তমান ৰাজ্যখনৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে।

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুবছৰত প্ৰথমবাৰ দেশৰ খুচুৰা মুদ্ৰাস্ফীতি ৬ শতাংশ অতিক্ৰম! সাধাৰণ জনতাৰ মূৰত মাধমাৰ

দুবছৰত প্ৰথমবাৰ দেশৰ খুচুৰা মুদ্ৰাস্ফীতি ৬ শতাংশ অতিক্ৰম! সাধাৰণ জনতাৰ মূৰত মাধমাৰ

November 13, 2026 8:47 am
সন্ত্ৰাসবাদী আক্ৰমণ? হোৱাইট হাউছৰ কাষতে বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা! ১ জন নিহত, ৪ জন আহত

সন্ত্ৰাসবাদী আক্ৰমণ? হোৱাইট হাউছৰ কাষতে বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা! ১ জন নিহত, ৪ জন আহত

November 13, 2026 7:50 am
লক্ষ্য ২০২৯ চনৰ নিৰ্বাচন! মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিবলৈ কেন্দ্ৰৰ বিশেষ অধিৱেশনৰ পৰিকল্পনা

লক্ষ্য ২০২৯ চনৰ নিৰ্বাচন! মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিবলৈ কেন্দ্ৰৰ বিশেষ অধিৱেশনৰ পৰিকল্পনা

November 12, 2026 8:45 pm
এনভিডিয়াৰ জেনচেন হুয়াঙৰ কিমান পৰকীয়া! এইবাৰ নিজৰ কোম্পানীৰ মহিলা বিষয়াৰ সৈতে অন্তৰংগ মুহূৰ্তত

এনভিডিয়াৰ জেনচেন হুয়াঙৰ কিমান পৰকীয়া! এইবাৰ নিজৰ কোম্পানীৰ মহিলা বিষয়াৰ সৈতে অন্তৰংগ মুহূৰ্তত

November 12, 2026 8:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুবছৰত প্ৰথমবাৰ দেশৰ খুচুৰা মুদ্ৰাস্ফীতি ৬ শতাংশ অতিক্ৰম! সাধাৰণ জনতাৰ মূৰত মাধমাৰ

দুবছৰত প্ৰথমবাৰ দেশৰ খুচুৰা মুদ্ৰাস্ফীতি ৬ শতাংশ অতিক্ৰম! সাধাৰণ জনতাৰ মূৰত মাধমাৰ

November 13, 2026 8:47 am
সন্ত্ৰাসবাদী আক্ৰমণ? হোৱাইট হাউছৰ কাষতে বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা! ১ জন নিহত, ৪ জন আহত

সন্ত্ৰাসবাদী আক্ৰমণ? হোৱাইট হাউছৰ কাষতে বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা! ১ জন নিহত, ৪ জন আহত

November 13, 2026 7:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd