NORTHEAST NOW (Assamese)

আজি জন্মস্থান শিৱসাগৰৰ মৰাণ গাঁৱত ৰাজ্যিক মৰ্যাদাৰে প্ৰণৱ গগৈৰ শেষকৃত্য

February 5, 2020 11:05 am · পাৰ্শ্বজ্যোতি গগৈ
প্ৰণৱ গগৈ লৈ শিৱসাগৰত শ্ৰদ্ধাঞ্জলি

অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক প্ৰণৱ কুমাৰ গগৈৰ নশ্বৰ দেহ ৪ ফেব্ৰুৱাৰিত সন্ধিয়া গুৱাহাটীৰ পৰা শিৱসাগৰ চহৰৰ ৰেডক্ৰচ ৰোডস্থিত নিজ বাসগৃহত উপস্থিত হয়।

জেষ্ঠ ৰাজনীতিবিদ গৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপনৰ উদ্দেশ্যে প্ৰয়াত গগৈৰ বাসগৃহত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ লগতে সহস্ৰাধিক গুণমুগ্ধ উপস্থিত হয়।

শিৱসাগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়াই শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিজেপিৰ জিলা সভানেত্ৰী সুৰভি ৰাজকুৱৰী, পৌৰনেত্ৰী মৃদুস্মিতা সিনহাইও শ্ৰদ্ধাঞ্জলি জনায় বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ গৰাকীক।

আজি ৰাতিপুৱা ৮ বজাত শিৱসাগৰৰ ৰাজীৱ ভৱনত প্ৰণৱ কুমাৰ গগৈক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত আদালত চৌহদত উকীল সন্থাই সন্থাৰ প্ৰাক্তন সভাপতি জনক শেষ শ্ৰদ্ধা নিবেদন কৰিব।

ইয়াৰ পিছত শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত প্ৰয়াত গগৈৰ পৈতৃক গাওঁ কুঁজিবালি হাঁহচৰাৰ জাঠিপতিয়া (মৰাণ গাঁও) গাঁৱত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰা হ’ব।

শিৱসাগৰ জিলা উপায়ুক্ত ডঃ এম এছ লক্ষ্মীপ্ৰিয়াই জানিবলৈ দিয়া মতে ৰাজ্য চৰকাৰৰ নিৰ্দেশ মতে সম্পূৰ্ণ ৰাজ্যিক মৰ্য্যদাৰে সম্পন্ন কৰা হ’ব শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন বিধানসভা অধ্যক্ষ প্ৰণৱ কুমাৰ গগৈৰ।

ইতিমধ্যে শিৱসাগৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।

Related News