• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসম সন্তানৰ বিশ্বজয়! বিজ্ঞানৰ ‘অস্কাৰ’ বঁটাৰে জিলিকিল জাগীৰোডৰ অধ্যাপক, জেনেভাৰ গৱেষণাগাৰত অসাধ্য সাধন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:49 am
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ শৈক্ষিক তথা বিজ্ঞান জগতৰ বাবে এক ঐতিহাসিক সাফল্য কঢ়িয়াই আনিছে জাগীৰোড মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড৹ প্ৰাঞ্জল শৰ্মাই। অধ্যাপগৰাকীলৈ আগবঢ়োৱা হৈছে বিশ্বৰ অন্যতম সন্মানীয় বৈজ্ঞানিক স্বীকৃতি ‘ব্ৰেকথ্ৰু পুৰস্কাৰ-২০২৫’ (Breakthrough Prize 2025)। ছুইজাৰলেণ্ডৰ জেনেভাস্থিত বিশ্ববিখ্যাত গৱেষণা কেন্দ্ৰ ‘চিইআৰএন’ (CERN)-ৰ আন্তঃৰাষ্ট্ৰীয় পৰীক্ষাগাৰ ‘এএলআইচিই’ (ALICE)-ত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক মৌলিক পদাৰ্থ বিজ্ঞানৰ এই বিশ্বমানৰ পুৰস্কাৰ প্ৰদান কৰা হৈছে।

বিশ্বজুৰি মৌলিক গৱেষণাৰ ক্ষেত্ৰত অসাধাৰণ অৱদান আগবঢ়োৱা বিজ্ঞানীসকলক প্ৰদান কৰা এই পুৰস্কাৰত মাননি হিচাপে আগবঢ়োৱা হৈছে মুঠ ৩০ লাখ আমেৰিকান ডলাৰ। উল্লেখযোগ্য যে, এই সন্মানীয় বঁটা চিইআৰএন-ৰ বিভিন্ন গৱেষণা প্ৰকল্পৰ সৈতে জড়িত বিশ্বৰ প্ৰায় ১৩,০০০ গৱেষক বিজ্ঞানীৰ মাজত বিতৰণ কৰা হৈছে। ড৹ শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ বুদ্ধদেব ভট্টাচাৰ্যৰ নেতৃত্বত গঠিত ‘এএলআইচিই-জিইউ’ (ALICE-GU) বিজ্ঞানী দলটোৰ এজন সক্ৰিয় সদস্য। তেওঁলোকে মূলত অতি কম দূৰত্বৰ আৰু চৰম পৰিস্থিতিত থকা পদাৰ্থৰ অৱস্থাৰ ওপৰত দীৰ্ঘদিন ধৰি গৱেষণা চলাই আহিছে।

Apply Now

প্ৰকাশিত তথ্য অনুসৰি ড৹ প্ৰাঞ্জল শৰ্মা জড়িত হৈ থকা এই গৱেষণাৰ মূল লক্ষ্য হ’ল বিশ্বব্ৰহ্মাণ্ডৰ মৌলিক কণিকা আৰু শক্তিৰ পাৰস্পৰিক সম্পৰ্ক বৰ্ণনা কৰা ‘ষ্টেণ্ডাৰ্ড মডেল’ তত্ত্বৰ বিশ্লেষণ। ষ্টেণ্ডাৰ্ড মডেলৰ অন্তৰ্ভুক্ত ‘কিউচিডি’ তত্ত্ব অনুসৰি, সাধাৰণ অৱস্থাত পদাৰ্থৰ মূল উপাদান কোৱাৰ্ক আৰু গ্লুৱনবোৰ ‘এইচএডিআৰঅএন’ (HADRON)-ৰ ভিতৰত আবদ্ধ হৈ থাকে। কিন্তু প্ৰায় ১৩.৭ নিযুত বছৰৰ পূৰ্বে বিগ-বেং বা মহাপ বিস্ফোৰণৰ মাত্ৰ কেইমাইক্ৰ’ ছেকেণ্ড পাছত যি চৰম পৰিৱেশ বিৰাজমান আছিল, তেনে এক অৱস্থা পৰীক্ষাগাৰত কৃত্ৰিমভাৱে সৃষ্টি কৰি পদাৰ্থৰ আচৰণ পৰীক্ষা কৰা হৈছে। পোহৰৰ বেগত গতি কৰা দুটা বিপৰীত দিশৰ নিউক্লিয়াছৰ মাজত সংঘৰ্ষ কৰাই ‘চিইআৰএন’ৰ এই বিশেষ গৱেষণা প্ৰকল্পটো সম্পাদন কৰা হৈছে।

ড৹ শৰ্মাৰ এই অভাবনীয় সাফল্যত উৎফুল্লিত হৈ মহাবিদ্যালয়খনৰ অধ্যক্ষই প্ৰকাশ কৰে যে, এই বিশেষ সন্মান কেৱল জাগীৰোড মহাবিদ্যালয় বা অসমৰ বাবেই নহয়, বৰঞ্চ সমগ্ৰ দেশৰ বাবে এক অতুলনীয় গৌৰৱৰ বিষয়। তেওঁ লগতে আশা প্ৰকাশ কৰে যে ড৹ শৰ্মাৰ এই সফলতাই অনাগত প্ৰজন্মৰ শিক্ষাৰ্থীসকলক বিজ্ঞান আৰু গৱেষণাৰ দিশত আগবাঢ়ি যাবলৈ এক নতুন গতি প্ৰদান কৰিব।বৰ্তমান ড৹ প্ৰাঞ্জল শৰ্মাৰ এই কৃতিত্বক লৈ সমগ্ৰ ৰাজ্যতে উল্লাসৰ পৰিৱেশ বিৰাজ কৰিছে। বিভিন্ন দল-সংগঠনৰ লগতে শৈক্ষিক মহলে তেওঁক অভিনন্দন জ্ঞাপন কৰিছে। বিশ্বমানৰ গৱেষণাৰ সৈতে অসমৰ উচ্চ শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ এনে নিবিড় সম্পৰ্কই আগন্তুক দিনত ৰাজ্যখনত বিজ্ঞান চৰ্চাৰ এক সুকীয়া পৰিৱেশ গঢ়ি তুলিব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

August 17, 2026 10:52 am
প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

August 17, 2026 10:52 am
প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd