মূখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱাল তথা বিজেপি চৰকাৰৰ প্ৰতিবন্ধীৰ প্ৰতি যে দায়ৱদ্ধতা নাই সেয়া প্ৰমাণ কৰি দেখুৱালে বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে।
আজি দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে কয় যে বিগত ২০১৮ বৰ্ষৰ ৩১ ডিচেম্বৰতে প্ৰতিবন্ধী লোকৰ বাবে চৰকাৰৰ বিভিন্ন বিভাগত চতুৰ্থ বৰ্গৰ ৫১১ টা পদত নিযুক্তি দিয়া হ’ব বুলি বিজ্ঞাপন প্ৰকাশ কৰিছিল।
‘আজি দুবছত ভৰি দিব লোৱা সময়তো একমাত্ৰ চৰকাৰ তথা মুখ্যমন্ত্ৰীগৰাকীৰ চূড়ান্ত হেমাহিৰ বাবে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন নকৰিলে। আমি সংস্থাৰ ফালৰ পৰা বাৰম্বাৰ অনুৰোধ কৰি অহাৰ পিছতো বিষয়টোত কোনো গুৰুত্ব প্ৰদান নকৰি নিযুক্তি প্ৰক্ৰিয়াটোক বুমেৰাং কৰাৰহে অভিসন্ধি কৰিছে।’
উল্লেখ্য যে ২০১৭ চনৰ ১১ অক্টোবৰত চৰকাৰ আৰু সংগঠৰে হোৱা আলোচনা অনুসৰি বিভিন্ন বিভাগৰ বেকলগ পদসমূহ একলগ কৰি এটা সংস্থা অথবা এটা বিভাগৰ দ্বাৰা পৰীক্ষা অনুষ্ঠিত কৰি পদসমূহ পূৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল।
সেই অনুসৰি বিজ্ঞাপন প্ৰকাশ হোৱাৰ পিছতেই মুঠ ৮৬৩ টা পদত নিযুক্তি পৰিক্ষা সম্পন্ন কৰাৰ বাবে অসম আৰক্ষী নিযুক্তি বোৰ্ডক দায়িত্ব দিছিল বুলি জানিবলৈ দি মালাকাৰে কয় ‘ইতিমধ্যে বোৰ্ডে বিভিন্ন খেলিমেলিৰ জৰিয়তে তৃতীয় বৰ্গৰ ৩৫২ টা পদত ২০১৯ বৰ্ষতে নিযুক্তি দিছিল যদিও চতুৰ্থ বৰ্গৰ ৫১১ টা পদত আজিও নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন নকৰাটো ৰহস্যৰ বিষয়।এই ৫১১ টা পদ পূৰণৰ বাবে দুবাৰকৈ পৰিক্ষা অনুষ্ঠিত কৰিছিল যদিও শেহতীয়াকৈ ৰাজ্য কপোৱা এছ আই কেলেংকাৰীৰ পিছত প্ৰক্ৰিয়াটো স্থগিত ৰাখিলে।‘
‘পদসমূহ পূৰণৰ বাবে আমি সংগঠনে জনাই অহা দাবীৰ পৰিপ্ৰেক্ষিতত যোৱা ২৩ নৱেম্বৰত প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ লগতে কেইবাটাও প্ৰতিবন্ধী সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত চৰকাৰৰ সৈতে হোৱা আলোচনাত সমাজ কল্যাণ বিভাগৰ দ্বাৰা নিযুক্তি প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। লক্ষণীয়ভাৱে এমাহ অতিক্ৰম কৰাৰ পিছতো এই বিষয়ে সদুত্তৰ পোৱা নগ’ল।‘ মালাকাৰে লগতে কয়।
তেওঁ আৰু ক্ষোভ প্ৰকাশ কৰি কয় ‘পৰিতাপৰ বিষয় বিভাগৰ এক শীৰ্ষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি মূখ্যমন্ত্ৰীয়ে সমগ্ৰ প্ৰক্ৰিয়াতো বুমেৰাং কৰাৰহে চেষ্টাত ব্ৰতী হৈছে। যাৰ বাবে আজি ৰাজ্যৰ নিবনুৱা প্ৰতিবন্ধী যুৱক-যুৱতীৰ জীৱন আৰু জীৱিকা ভবিষ্যতৰ অন্ধকাৰ দিশলৈ গতি কৰিছে।‘
সেয়েহে আজিৰ সংবাদমেলৰ জৰিয়তে ৰাজ্য চৰকাৰক সকিয়াই দি মালাকাৰে কয় ‘যদি ২৮ ডিচেম্বৰৰ পূৰ্বে সমাজ কল্যাণ বিভাগৰ দ্বাৰা পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা সকলো কথা স্পষ্ট নকৰে তেন্তে ২৮ ডিচেম্বৰৰ দিনাই ভয়াৱহ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হব।’
সমগ্ৰ বিষয়টোৰ বাবে মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰ নিজে দায়ী হ’ব বুলি সংবাদ মেলত মালাকাৰে সদৰী কৰে।
আজিৰ সংবাদমেলত সংস্থাৰ উপ সভাপতি আতিকুৰ ৰহমান, দৃষ্টিহীন পৰিষদ অসমৰ সম্পাদক প্ৰণৱ বেজবৰুৱা, ঋতুৰাজ দাসৰ লগতে কেইবাগৰাকী বিষয়ববীয়া উপস্থিত আছিল।