• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিবন্ধীৰ চতুৰ্থ বৰ্গৰ নিযুক্তিক বুমেৰাং কৰাৰ চেষ্টা মূখ্যমন্ত্ৰী সোণোৱালৰ

২৮ ডিচেম্বৰত প্ৰতিবাদী কাৰ্যসূচী ঘোষণা প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 22, 2020 9:03 pm
58447dd3-0002-4f6b-a962-f028dd2ee06c
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মূখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱাল তথা বিজেপি চৰকাৰৰ প্ৰতিবন্ধীৰ প্ৰতি যে দায়ৱদ্ধতা নাই সেয়া প্ৰমাণ কৰি দেখুৱালে বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে।

আজি দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে কয় যে বিগত ২০১৮ বৰ্ষৰ ৩১ ডিচেম্বৰতে প্ৰতিবন্ধী লোকৰ বাবে চৰকাৰৰ বিভিন্ন বিভাগত চতুৰ্থ বৰ্গৰ ৫১১ টা পদত নিযুক্তি দিয়া হ’ব বুলি বিজ্ঞাপন প্ৰকাশ কৰিছিল।

Apply Now

‘আজি দুবছত ভৰি দিব লোৱা সময়তো একমাত্ৰ চৰকাৰ তথা মুখ্যমন্ত্ৰীগৰাকীৰ চূড়ান্ত হেমাহিৰ বাবে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন নকৰিলে। আমি সংস্থাৰ ফালৰ পৰা বাৰম্বাৰ অনুৰোধ কৰি অহাৰ পিছতো বিষয়টোত কোনো গুৰুত্ব প্ৰদান নকৰি নিযুক্তি প্ৰক্ৰিয়াটোক বুমেৰাং কৰাৰহে অভিসন্ধি কৰিছে।’

উল্লেখ্য যে ২০১৭ চনৰ ১১ অক্টোবৰত চৰকাৰ আৰু সংগঠৰে হোৱা আলোচনা অনুসৰি বিভিন্ন বিভাগৰ বেকলগ পদসমূহ একলগ কৰি এটা সংস্থা অথবা এটা বিভাগৰ দ্বাৰা পৰীক্ষা অনুষ্ঠিত কৰি পদসমূহ পূৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল।

সেই অনুসৰি বিজ্ঞাপন প্ৰকাশ হোৱাৰ পিছতেই মুঠ ৮৬৩ টা পদত নিযুক্তি পৰিক্ষা সম্পন্ন কৰাৰ বাবে অসম আৰক্ষী নিযুক্তি বোৰ্ডক দায়িত্ব দিছিল বুলি জানিবলৈ দি মালাকাৰে কয় ‘ইতিমধ্যে বোৰ্ডে বিভিন্ন খেলিমেলিৰ জৰিয়তে তৃতীয় বৰ্গৰ ৩৫২ টা পদত ২০১৯ বৰ্ষতে নিযুক্তি দিছিল যদিও চতুৰ্থ বৰ্গৰ ৫১১ টা পদত আজিও নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন নকৰাটো ৰহস্যৰ বিষয়।এই ৫১১ টা পদ পূৰণৰ বাবে দুবাৰকৈ পৰিক্ষা অনুষ্ঠিত কৰিছিল যদিও শেহতীয়াকৈ ৰাজ্য কপোৱা এছ আই কেলেংকাৰীৰ পিছত প্ৰক্ৰিয়াটো স্থগিত ৰাখিলে।‘

‘পদসমূহ পূৰণৰ বাবে আমি সংগঠনে জনাই অহা দাবীৰ পৰিপ্ৰেক্ষিতত যোৱা ২৩ নৱেম্বৰত প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ লগতে কেইবাটাও প্ৰতিবন্ধী সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত চৰকাৰৰ সৈতে হোৱা আলোচনাত সমাজ কল্যাণ বিভাগৰ দ্বাৰা নিযুক্তি প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। লক্ষণীয়ভাৱে এমাহ অতিক্ৰম কৰাৰ পিছতো এই বিষয়ে সদুত্তৰ পোৱা নগ’ল।‘ মালাকাৰে লগতে কয়।

তেওঁ আৰু ক্ষোভ প্ৰকাশ কৰি কয় ‘পৰিতাপৰ বিষয় বিভাগৰ এক শীৰ্ষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি মূখ্যমন্ত্ৰীয়ে সমগ্ৰ প্ৰক্ৰিয়াতো বুমেৰাং কৰাৰহে চেষ্টাত ব্ৰতী হৈছে। যাৰ বাবে আজি ৰাজ্যৰ নিবনুৱা প্ৰতিবন্ধী যুৱক-যুৱতীৰ জীৱন আৰু জীৱিকা ভবিষ্যতৰ অন্ধকাৰ দিশলৈ গতি কৰিছে।‘

সেয়েহে আজিৰ সংবাদমেলৰ জৰিয়তে ৰাজ্য চৰকাৰক সকিয়াই দি মালাকাৰে কয় ‘যদি ২৮ ডিচেম্বৰৰ পূৰ্বে সমাজ কল্যাণ বিভাগৰ দ্বাৰা পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা সকলো কথা স্পষ্ট নকৰে তেন্তে ২৮ ডিচেম্বৰৰ দিনাই ভয়াৱহ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হব।’

সমগ্ৰ বিষয়টোৰ বাবে মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰ নিজে দায়ী হ’ব বুলি সংবাদ মেলত মালাকাৰে সদৰী কৰে।

আজিৰ সংবাদমেলত সংস্থাৰ উপ সভাপতি আতিকুৰ ৰহমান, দৃষ্টিহীন পৰিষদ অসমৰ সম্পাদক প্ৰণৱ বেজবৰুৱা, ঋতুৰাজ দাসৰ লগতে কেইবাগৰাকী বিষয়ববীয়া উপস্থিত আছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd