NORTHEAST NOW (Assamese)

জঘন্য! গৰ্ভৱতী মহিলাক দলবদ্ধ ধৰ্ষণ কৰি শৰীৰত অগ্নিসংযোগ

February 17, 2024 7:54 pm · এন ই নাও নিউজ, গুৱাহাটী

মধ্য প্ৰদেশৰ মৰেনা জিলাত সংঘটিত হৈছে এক জঘন্য কাণ্ড। তিনিজন লোকৰ বিৰুদ্ধে উত্থাপিত হৈছে এগৰাকী গৰ্ভৱতী মহিলাক দলবদ্ধ ধৰ্ষণ কৰি শৰীৰত অগ্নিসংযোগ কৰাৰ গুৰুতৰ।

এনে বৰ্বৰ আতিশয্যৰ পৰিণতিত মহিলাগৰাকীয়ে এতিয়া চিকিৎসালয়ৰ বিচনাত যুঁজ দিছে মৃত্যুৰ সৈতে। মহিলাগৰাকীৰ শৰীৰৰ ৮০ শতাংশ অগ্নিদগ্ধ হোৱা হোৱা বুলি জানিব পৰা গৈছে।

স্থানীয় আম্বাহ আৰক্ষী থানাৰ এগৰাকী উচ্চপদস্থ বিষয়াই উল্লেখ কৰা মতে, মহিলাগৰাকীৰ স্বামীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল আন এগৰাকী মহিলাই।

স্বামীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত আলোচনাৰ বাবে তেওঁ অভিযোগ তোলা মহিলাগৰাকীৰ ঘৰলৈ গৈছিল।

কিন্তু উক্ত মহিলাগৰাকীৰ ঘৰত উপস্থিত থকা তিনিজন লোকে সেইসময়তে তেওঁক দলবদ্ধ ধৰ্ষণ কৰে আৰু তাৰ পিছতে তিনিও অভিযুক্ত আৰু উক্ত মহিলাগৰাকীয়ে তেওঁৰ ওপৰত ইন্ধন ঢালি জ্বলাই দিয়ে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিছে।

সংকটজনক অৱস্থাত মহিলাগৰাকীক ততাতৈয়াকৈ এখন বাহনত উঠাই গোৱালিয়ৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি তেওঁ লগতে সদৰী কৰে।

মহিলাগৰাকীয়ে ইতিমধ্যে দণ্ডাধীশৰ ওচৰত নিজৰ বক্তব্য লিপিবদ্ধ কৰাৰ বিপৰীতে আৰক্ষীয়ে এতিয়াও তেওঁৰ বক্তব্য লিপিবদ্ধ কৰা নাই বুলি উল্লেখ কৰি আৰক্ষী বিষয়াগৰাকীয়ে এই সন্দৰ্ভত তদন্ত চলি আছে বুলি অৱগত কৰে।

Related News